১১জুনত তেজপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট

0 7
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৯জুন: শোণিতপুৰ জিলাৰ তেজপুৰ বাটমাৰী সন্মিলন কেন্দ্ৰত অহা ১১জুনৰ পুৱা ১১বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। আনহাতে একোটা স্থানতে ১২ আৰু ১৩ জুনৰ দিনা দুদিনীয়া কাৰ্য্যসূচীৰে অসমৰ সকলো জিলাৰ উপায়ুক্ত সকলৰ সন্মিলন অনুষ্ঠিত হ’ব। ইয়াৰ বাবে তেজপুৰ বাটমাৰীত নতুনকৈ অত্যাধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সন্মিলন কক্ষ নিৰ্মাণ কৰা হৈছে। বাণ ৰজাৰ লগতে চিত্ৰলেখা, ঊষাৰ দৃষ্টিনন্দন ছবি তথা ৰাজ্যখনৰ পুৰোধা ব্যক্তিসকলৰ ছবিৰে সজাই তোলা হৈছে এই সন্মিলন কেন্দ্ৰ। ইপিনে  আজি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসম কেবিনেট মন্ত্ৰী সভাৰ বৈঠক আৰু উপায়ুক্ত সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জানিবলৈ দিছে।
তেওঁ আজি ইয়াত উপস্থিত হৈ বিভিন্ন বিভাগৰ মুৰব্বী সকলৰে আলোচনাত মিলিত হয়।বিদ্যুৎ বিভাগৰ লগতে বি এছ এন এল তথা গড়কাপ্তানি বিভাগৰ মুৰব্বী সকলৰে আলোচনাত মিলিত হোৱা উপায়ুক্ত মিশ্ৰই কয় যে মুখ্যমন্ত্ৰী ড° শৰ্মাই কেবিনেট বৈঠকৰ উপৰি উপায়ুক্ত সন্মিলনৰ দুইদিনৰ কাৰ্যসূচীতে অংশ ল’ব।এঘাৰ জুনৰ অসম মন্ত্ৰী সভাৰ  কেবিনেট বৈঠকৰ পিছত ১২আৰু ১৩জুনত অনুষ্ঠিত হ’বলগীয়া উপায়ুক্ত সকলৰ সন্মিলনত অসমৰ ৩৫খন জিলাৰ উপায়ুক্ত সকলৰ লগতে প্ৰতিখন জিলাৰ পৰা কমেও আন দুগৰাকী প্ৰশাসনিক বিষয়া উপস্থিত থাকিব।এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু এগৰাকী মহকুমাধিপতি উপস্থিত থাকিব বুলি উল্লেখ কৰি শোণিতপুৰৰ উপায়ুক্তজনে লগতে কয় যে, তেওঁলোকৰ থকাৰ বাবে ইতিমধ্যে আৱৰ্ত ভৱনৰ উপৰি কেবাখনো হোটেলত কোঠা সংৰক্ষণ কৰা হৈছে। ইপিনে তিনিদিনীয়া কাৰ্যসূচীৰ বাবে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে বুলি প্ৰকাশ কৰে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ।তেওঁ কয় যে শোণিতপুৰৰ উপৰি আন চাৰিখন জিলাৰ পৰা অহা নিৰাপত্তাৰক্ষী তথা আৰক্ষী বিষয়াই এই নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰিব।তেওঁ লগতে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে আৰক্ষীৰ চোৰাংচোৱা আৰু ডগ স্কোৱাদৰো সহায় লোৱা বুলি প্ৰকাশ কৰে।আনহাতে ইয়াৰ বাবেই বৰ্তমান তেজপুৰৰ বিভিন্ন পথ মেৰামতি কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More