১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

0 11

পাঁচদিনীয়া কাৰ্যসূচীৰে হ’ব অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন। দাখিল হ’ব বিধেয়ক। ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত হ’ব ভোটদান। উপস্থাপন হ’ব ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। অসম বিধান সভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী অনুসৰি ১২ ছেপ্টেম্বৰ সোমবাৰৰ চৰকাৰী কাৰ্যসূচীত থাকিব মৃত্যু প্রসঙ্গ, প্রশ্ন শিতান, অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা, অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন। ১৩ ছেপ্টেম্বৰ মঙ্গলবাৰে বে- চৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদস্যৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি। ১৪ ছেপ্টেম্বৰ বুধবাৰ চৰকাৰী বন্ধ। ১৫ ছেপ্টেম্বৰ বৃহস্পতিবাৰে চৰকাৰী কাৰ্যসূচীত থাকিব প্রশ্নসমূহ, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন (নং III) বিধেয়কসমূহ উপস্থাপন, বিবেচনা তথা পাৰিতকৰণ। ১৬ ছেপ্টেম্বৰ শুক্ৰবাৰে চৰকাৰী কাৰ্যসূচীত থাকিব প্রশ্নসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ আদি। ১৭ ছেপ্টেম্বৰ জিৰণি আৰু ১৮ ছেপ্টেম্বৰ ৰবিবাৰ বন্ধ। ১৯ ছেপ্টেম্বৰ সোমবাৰে অন্তিমদিনৰ চৰকাৰী কাৰ্যসূচীত থাকিব প্রশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু
পাৰিতকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু সদন স্থগিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More