১২ মে’ৰ পৰা আৰম্ভ হ’ব মিছন ভূমিপুত্র

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 8

 

সাৰ বিতৰণ ব্যৱস্থাত দেখা দিয়া অনিয়ম আৰু খেলিমেলি দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এছ অ’ পিৰ ক্ষেত্রত অনুমোদন। পাইকাৰী অনুজ্ঞাপত্র বাতিল কৰি খুচুৰা বিক্ৰেতাসকলে পাব সাৰ বিক্ৰীৰ অনুজ্ঞাপত্র। ১২ মে’ৰ পৰা আৰম্ভ হ’ব মিছন ভূমিপুত্র। ইয়াৰ যোগেদি জাতিগত প্ৰমান পত্র অনলাইন মাধ্যমেৰে লাভ কৰিব। আই আই টি গুৱাহাটীৰ সহযোগত হ’ব গৱেষণামূলক এখন মাল্টি স্পেচিয়েলিটি হাস্পতাল। কাগজ কল দুটাৰ ৮৪ জন লোকৰ বাবে চাকৰি।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে’ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ৰ‍াজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্রী পীয়ূষ হাজৰিকা আৰু অতুল বৰাই সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে। আজিৰ কেবিনেটে সাৰ বিতৰণ ব্যৱস্থাত দেখা দিয়া অনিয়ম আৰু খেলিমেলি দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এছ অ’ পিৰ ক্ষেত্রত অনুমোদন জনায়। সাৰ বিতৰণ ব্যৱস্থাটোৰ পৰা পাইকাৰী ব্যৱসায়ী আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২৩ হাজাৰ মেট্ৰিক টন ইউৰিয়া মজুত থকাৰ পাছতো পাইকাৰী ব্যৱসায়ীসকলে সাৰৰ কৃত্রিম নাটনি কৰিছিল। যাৰবাবে পাইকাৰী অনুজ্ঞাপত্র বাতিল কৰি খুচুৰা বিক্ৰেতাসকলক সাৰ বিক্ৰীৰ অনুজ্ঞাপত্র দিয়া হ’ব। কেবিনেটে সাৰ বিতৰণ ব্যৱস্থাটোত বিশেষ সংস্কাৰ আনিছে। এতিয়াৰে পৰা পাইকাৰী ব্যৱসায়ী নাথাকিব আৰু কৃষকে প্ৰত্যক্ষভাৱে খুচুৰা ব্যৱসায়ীৰ পৰা সাৰ ক্ৰয় কৰিব পাৰিব। ইয়াৰ বাবে খুচুৰা বিক্ৰেতাৰ সংখ্যা বৃদ্ধি কৰা হ’ব। আনহাতে আজিৰ কেবিনেটে জাতিগত প্ৰমাণ পত্র লাভৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ প্ৰশ‍াসনীয় সংস্কাৰ আনিছে। অসমত ১২ মে’ৰ পৰা আৰম্ভ হ’ব মিছন ভূমিপুত্র। ইয়াৰ যোগেদি জাতিগত প্ৰমান পত্র অনলাইন মাধ্যমেৰে লাভ কৰিব পৰা যাব। আনহাতে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্র-ছাত্রীসকলে জাতিগত প্ৰমাণ পত্রৰ বাবে বিদ্যালয়তে প্ৰ-পত্র লাভ কৰিব। কোনো কাৰ্যালয়লৈ নোযোৱাকৈ ছাত্র-ছাত্রীসকলে লাভ কৰিব নিজৰ জাতিগত প্ৰমাণপত্র। প্ৰমাণপত্র পোৱাৰ পাছত সেইখন চৰকাৰৰ ডিজিটেল ল’কাৰত জমা হৈ থাকিব। ইয়াৰ যোগেদি প্ৰত্যেক বছৰে তিনি লাখ ছাত্র-ছাত্রী তথা লোক উপকৃত হ’ব। সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি আই আই টি গুৱাহাটীৰ সহযোগত গৱেষণামূলক এখন মাল্টি স্পেচিয়েলিটি হাস্পতাল কৰা হ’ব। ইয়াৰ বাবে আজিৰ কেবিনেটে ৫৪৪ কোটি টকাৰ প্ৰশাসনীয় অনুমোদন জনায়। আনহাতে গুৱাহাটী পুলিছ ৰিজাৰ্ভ, দশম অসম আৰক্ষী বাহিনী আৰু পানবজাৰৰ পুলিছ আৱাসিক কেন্দ্ৰৰ বিল্ডিঙসমূহ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৫৪৪.৫৪ কোটি টকাৰ অনুমোদন জনায়। কেবিনেটে কাগজ কল দুটাৰ ৮৪ জন লোকক চাকৰি দিয়াৰ দিয়াৰ বাবে অনুমোদন জনায়। ২০ মে’ৰ ভিতৰত তেওঁলোকক নিযুক্তি দিয়া হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More