- দিছপুৰৰ বাবে কাকৈ ৰাজগড় বহূ দূৰ…
- তিনিখন গাঁৱত নাই এজনো চৰকাৰী চাকৰিয়াল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ ডিচেম্বৰ: লখিমপুৰ নগৰৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ উত্তৰ দিশৰ এখন ঠাই–কাকৈ ৰাজগড়। অদূৰত থকা অৰুণাচল পাহাৰত ঠেকা খোৱা মেঘে চুমি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰা কাকৈ ৰাজগড়ক প্ৰকৃতিয়ে অকৃত্ৰিম ভাৱে সৃষ্টি কৰিলে যদিও আজিও এই অঞ্চলৰ লোকে জান জুৰিৰ পানী “খোৱা পানী” হিচাপে ব্যৱহাৰ কৰি থাকিব লগা হৈছে। অঞ্চলটোৰ প্ৰতি বিগত চৰকাৰসমূহ ইমানেই নিস্পৃহ যে ইয়াৰে কেবাখনো গাঁৱলৈ যোৱাৰ পথত আজিলৈকে শিলগুটি এটাও পৰা নাই। পথাৰৰ বঙিয়া সদৃশ আলিবাটত বাৰিষা ৰাইজে বোকা পানী খচকি কিদৰে অহাযোৱা কৰে সেয়া সহজেই অনুমেয়। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ “গাঁৱলৈ যাও বলক” কৰ্মসূচীৰ অধীনত কাকৈ ৰাজগড়লৈ যোৱা সাংবাদিকৰ দলে স্থানীয় ৰাইজৰে মত বিনিময় কৰাৰ সময়ত পোহৰলৈ আহে বৰ্তমানৰ চৰকাৰৰ সম উন্নয়ন সম বিকাশ নামৰ শ্লোগান এই অঞ্চলত শ্লোগান হৈয়ে আছে, বাস্তব ৰূপ একো নাই। ৰাইজে জনোৱা মতে অঞ্চলটোৰ পৰিয়ালসমূহে চৰকাৰী ঘৰ পাইছে যদিও জল জীৱনৰ পানী অনিয়মীয়া। দিনটোত দুবাৰৰ ঠাইত এবাৰ পানী দিয়ে যদিও সেয়া বিদ্যুৎ কৰ্তন বা যোগানৰ দায়িত্ববাহীৰ অৱহেলাৰ বাবে পৰ্যাপ্ত খোৱাপানী নাপায়। ফলত মাধচুকৰ দৰে গাঁৱৰ লোকে ওচৰৰ ঘগৰা নলাৰ (জুৰি) পানী দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিব লগা হয়। জলজীৱনৰ পানীও গোন্ধ থকা বুলি ৰাইজে অভিযোগ কৰে। লখিমপুৰৰ উজ্জ্বলপুৰ পঞ্চায়তৰ অন্তৰ্গত ৰাজগড়, ৰাজগড় বঙালী আৰু হাতীবন্ধা নামৰ তিনিখন গাঁৱৰ প্ৰায় ১৭০০ জনসংখ্যাৰ মাজত চৰকাৰী চাকৰিয়াল নাই বুলিয়েই জনালে গাঁওবাসীয়ে। মূলতঃ হাজিৰা কৰা লোক, বাগানৰ বনুৱা আদিৰে পৰিৱেষ্টিত গাওঁকেইখন এই শতিকাতো প্ৰায় আদিম লোকৰ দৰেই বসবাস কৰি আহিছে। কৃষি প্ৰধান অঞ্চলটোৰ মূল সমস্যা বন্যহস্তী। হাতীৰ তাণ্ডৱত পথাৰ সমূহ প্ৰতিবছৰে বিধ্বস্ত হৈ পৰে। বিয়লি ৪ মান বজাতে পাহাৰৰ পৰা হাতী নামি আহি এফালৰ পৰা তহিলং কৰি যায় বাবে ৰাইজে কেতিয়াবা বিনিদ্ৰ ৰজনী যাপন কৰিব লগা হয়। শুনিবলৈ আচৰিত হলেও সত্য যে তিনিখন গাঁৱৰ ১৭০০ জনসংখ্যাৰ মাজত মাত্ৰ এটা চৰকাৰে দিয়া শৌচালয়। চুক্ৰা মুণ্ডাৰ ঘৰৰ চৌহদত থকা সেই শৌচালয় ৪ টা পৰিয়ালে ব্যৱহাৰ কৰাৰ বিপৰীতে আনসকলে হাবি-বননিৰ মাজত মলত্য়াগ কৰিবলৈ বাধ্য। চৰকাৰৰ অনাময় আঁচনিখন এই অঞ্চলত কিয় সঠিকভাবে ৰূপায়ণ নহল সেয়া ৰহস্যজনক। সাংবাদিকসকলে লগ পোৱা ৰীণা ৰাভা, ফাগুণী মুণ্ডা, দশমী তাঁতি আৰু মাংৰি মুণ্ডাই জনোৱা মতে তেওঁলোকে এই পৰ্যন্ত অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই। একাধিকবাৰ প্ৰপত্ৰ পূৰণ কৰিও তেঁওলোকে চৰকাৰী আঁচনিৰ ধন লাভ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে। অঞ্চলটোৰ স্বাস্থ্যসেৱাও দুখ লগা। বেহেৰা বস্তিত এটা স্বাস্থ্য উপকেন্দ্ৰ আছে যদিও তালৈ যথেষ্ট দূৰ। গাঁৱৰ দুৰ্গম পথৰ বাবে এম্বুলেঞ্চ নচলে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈও প্ৰায় ১৩ কিলোমিটাৰ দূৰ।মুঠতে লখিমপুৰ নগৰ আৰু অৰুণাচল সীমান্তৰ এই অঞ্চলটো নৈসৰ্গিকভাবে ধনী যদিও চৰকাৰৰ অৱহেলাৰ বাবে এই অঞ্চলৰ ৰাইজে কষ্ট সহিষ্ণুতাৰে জীৱন নিৰ্বাহ কৰি আছে। আজিলৈকে বিধায়কক দেখা নোপোৱা ৰাইজে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰক দাবী জনাইছে।