১৭ জুনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি

গুৱাহাটীৰ বানত এজন নিহত

0 13

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ সোমবাৰৰ নিশাৰে পৰা অহা প্ৰৱল বৃষ্টিপাতৰ ফলত গুৱাহাটী মহানগৰী বিধ্বস্ত হৈ পৰিছে। ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা। সমগ্ৰ মহানগৰী কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে ভূমিস্খলনে ৪ জন লোকৰ প্ৰাণ কাঢ়িলে। আনহাতে অনিল নগৰত আন এজন লোকৰ বানৰ কৱলত পৰি মৃত্যু হৈছে।Screenshot 20220614 185639 PDF Reader e1655213774814 ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আন এক খবৰ। আগন্তুক ১৭ জুনলৈ বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তথ্য অনুসৰি ১৭ জুনলৈ ৰাজ্যৰ লগতে চুবুৰীয়া বহু কেইখন ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। ভাৰতীয় বিতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে জাননী। অসম- মেঘালয়ৰ বাবে ৰেড এলাৰ্টো জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। মন কৰিবলগীয়া যে বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বেই উত্তৰ পূৰ্বাঞ্চলত ১৩ জুনৰ পৰা প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছিল। সেই বিষয়ত জাৰি কৰা জাননীতে ১৭ তাৰিখলৈ প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল। সেই সম্ভাৱনা সত্য প্ৰমাণ কৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্যত সোমবাৰৰ নিশাৰে পৰা ধাৰাসাৰ বৰষুণ হৈছে। গুৱাহাটী মহানগৰীত এনে ধাৰাসাৰ বৰষুণে জন জীৱন স্তব্ধ কৰি তোলাৰ লগতে কেইবাজনো লোকৰ প্ৰাণ কাঢ়িলে। সোমবাৰে ঠাইভেদে ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা বুলি প্ৰকাশ পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ বাবে অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে। আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বাবে ১৭ জুনলৈকে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More