১৮ জুলাইৰ পৰা বহু সামগ্ৰীৰ কৰ বৃদ্ধি

জানো আহক সবিশেষ

0 11
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুন : ২৯ জুন বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত অনুষ্ঠিত হয় ৪৭ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক। সেই সভাই একাধিক বস্তুৰ ওপৰত কিছু কৰ পৰিৱৰ্তনত অনুমোদন জনায়। ৰাজহ সচিব তৰুণ বাজাজৰ মতে, পৰিষদৰ এই সিদ্ধান্ত অহা ১৮ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। অহা মাহৰ পৰা কোনবোৰ সামগ্ৰী অধিক ব্যয়বহুল হ’ব চাওঁ আহক।
* ছপা, অংকন আৰু লিখা চিয়াঁহী: পূৰ্বৰ হাৰ আছিল ১২%, এতিয়া হ’ব ১৮%।
* পেঞ্চিল শ্বাৰপেনাৰ, ব্লেড, চামুচ: পূৰ্বৰ হাৰ আছিল ১২%, এইবাৰ হ’ব ১৮%।
* পাম্প, ডিপ টিউবৱেল, টাৰ্বাইন পাম্প, ছাবমাৰ্চিবল পাম্প, চাইকেল পাম্প: পূৰ্বৰ হাৰ আছিল ১২%, এইবাৰ হ’ব ১৮%।
* বীজ, মাহজাতীয় শস্য বাছনি কৰা, চাফাই কৰা মেচিন, ক্ৰুচিং মিলত ব্যৱহাৰ কৰা যন্ত্ৰপাতি: পূৰ্বৰ হাৰ আছিল ৫%, এতিয়া হ’ব ১৮%।
* এল ই ডি লেম্প, লাইট, মেটাল চাৰ্কিট: পূৰ্বৰ হাৰ আছিল ১২%, এইবাৰ হ’ব ১৮%।
* সৌৰ পানী গৰম কৰা যন্ত্ৰ আৰু ব্যৱস্থা: পূৰ্বৰ হাৰ আছিল ৫%, এইবাৰ হ’ব ১৮%।
* চামৰাৰ সামগ্ৰী: পূৰ্বৰ হাৰ আছিল ৫%, এইবাৰ হ’ব ১৮%।
* চামৰাৰ সামগ্ৰী, জোতা, মাটিৰে তৈয়াৰী ইটা: পূৰ্বৰ হাৰ আছিল ৫%, এইবাৰ হ’ব ১৬%।
* ৰাস্তা, দলং, ৰেল, মেট্ৰ’, ভঁৰালৰ বাবে ঠিকাঃ পূৰ্বৰ হাৰ আছিল ১২%, এইবাৰ হ’ব ১৮%।
* টেট্ৰা পেক: পূৰ্বৰ হাৰ আছিল ১২%, এইবাৰ হ’ব ১৮%।
* ই-ৱেষ্ট, পেট্ৰলিয়াম, মিথেন: পূৰ্বৰ হাৰ আছিল ৫%, এইবাৰ হ’ব ১৮%।
* পলিচড ডাইমণ্ড: পূৰ্বৰ হাৰ আছিল ০.২৫%, এইবাৰ হ’ব ১.৫%।
ইফালে, যথেষ্ট পৰিমাণৰ পেক কৰা খাদ্য সামগ্ৰী জি এছ টিৰ অধীনলৈ অনা হৈছে। যদি আপুনি হোটেলত থাকি প্ৰতিদিনে ১০০০ টকাৰ ভিতৰত ভাড়াত লয় তেন্তে ১২ শতাংশ কৰ প্ৰযোজ্য হ’ব। যদিহে চিকিৎসালয়ত কেবিন প্ৰতিজন ৰোগীৰ বাবে ৫ হাজাৰতকৈ অধিক টকাত ভাড়াত দিয়া হয় তেন্তে আই টি চি অবিহনে ৫ শতাংশ কৰ আৰোপ কৰা হ’ব। উত্তৰ-পূব ভাৰত আৰু বাগডোগ্ৰাৰ পৰা বিমান যাত্ৰাৰ বাবে উপলব্ধ হ’ব জি এছ টি ৰেহাই। অৱশ্যে কিছুমান সামগ্ৰী সস্তা হ’ব। উদাহৰণস্বৰূপে, অস্থিৰোগজনিত সামগ্ৰী, ৰ’পৱেৰ জৰিয়তে সামগ্ৰী আৰু মানুহ পৰিবহনৰ ক্ষেত্ৰত, য’ত ইন্ধন তেলৰ দামৰ সৈতে ট্ৰাক ভাড়াত দিয়া হয় সেই ক্ষেত্ৰত কৰৰ পৰিমাণ ১৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More