১৮ তম ৰাষ্ট্ৰীয় টাইকোৱান-ডো (আই টি এফ) চেম্পিয়নশ্বিপত অসম দলে লাভ কৰিলে ২৪টা পদক 

0 16

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ২ জানুৱাৰী ; ২০২২ চনৰ ২৬ৰ পৰা ২৮ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ১৮ তম” ৰাষ্ট্ৰীয় আইটিএফ টাইকোৱানডো চেম্পিয়নশ্বিপত অসম দলে ২৪ টাকৈ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় টাইকোৱান-ডো ফেডাৰেচনৰ সৈতে জড়িত ফেডাৰেচনৰ ৪ জন বিষয়া আৰু ২৬ জন খেলুৱৈৰে গঠিত টাইকোৱান-দো এছ’চিয়েচন অসম (আই টি এফ)ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা অসম ৰাজ্যিক দলটোৰ নেতৃত্বত আছিল টাইকোৱান-ডো এছ’চিয়েচন অসমৰ সভাপতি ড° হিৰকজোতি দাস । আন আন বিষয়াসকলৰ ভিতৰত আছিল বিনোদ বৈশ্য মানব দাস ,বেহাল প্ৰসাদ । প্ৰতিযোগিতাত অসমে ১১টা স্বৰ্ণ ,৯ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক সহ মুঠ ২৪ টা পদক লাভ কৰে । ব্যক্তিগত স্পাৰিঙত সোণৰ পদক লাভ কৰে হিয়া কাকতিয়ে (৯-১২ বছৰ অনুদ্ধৰ ৪৫-৫০ কিলোগ্ৰামত । দৃষ্টি দোলমা তামাং (৫-৮ বছৰ অনুদ্ধৰ ২৭-২৯ কেজি), গুণশ্ৰী বৰা ( ১৩-১৬ বছৰ, ৩৫-৪০ কেজি), শ্বেতা দাস (মহিলা ৯-১২ বছৰ, ৬৫ কেজিৰ ওপৰত), হৃত ৰঙান দাস ( ৫-৮ বছৰ, ২০ কিলোগ্ৰামলৈকে), প্ৰণয় গগৈ (পুৰুষ ১৭-১৮ বছৰ, ৪০-৪৫ কেজি ),তানিষ্কা দত্ত (মহিলা ৯-১২ বছৰ ৩৫-৪০ কেজি), প্ৰিয়াংশু ৰায় (মহিলা, ৯-১২ বছৰ ৫০-৫৫ কেজি), প্ৰীতম দাস (পুৰুষ, , ৯-১২ বছৰ, ৫০-৫৫ কেজি) নম্ৰতা বড়ো (মহিলা ৫৮ বছৰ, ২০ কেজি পৰ্যন্ত) আৰু এল-গৌৰৱ সিংহ(পুৰুষ ১৩-১৬ বছৰ, ৬৫-৭০ কেজি) ব্যক্তিগত স্পাৰিংত ৰূপৰ পদক লাভ কৰে ভাস্বতী দাসে (মহিলা ১৩-১৬ বছৰ, ৪০-৪৫ কিলোগ্ৰাম। অৰ্ণৱ চিনিবাস্তৱ (পুৰুষ, ৯-১২ বছৰ, ৬০-৬৫ কেজি) দীপৰাজ শ্বাহ (পুৰুষ ৯:১২ বছৰ, ৬৫ কেজিৰ ওপৰত),দেবশীষ ৰায় (পুৰুষ, ৫-৮ বছৰ, ২৫-২৭ কেজি) দক্ষ বৰ্ধন সুৰেখা (পুৰুষ, ১৩-১৬ বছৰ ৫৫-৬০ কেজি) বিকি ৰাজ ৰায় (পুৰুষ, , ১৩-১৬ বছৰ, ৫০-৫৫ কেজি), প্ৰাঞ্জয় ৰায় ( পুৰুষ, , ১৩-১৬ বছৰ,৪৫-৫০ কেজি) ব্যক্তিগত স্পাৰিঙৰ ব্ৰঞ্জৰ পদক অমৰ দেবনাথে (পুৰুষ, , ৫-৮ বছৰ, ২৩-২৫ কিলোগ্ৰাম) লাভ কৰে। দিৱিক মুৰাৰ্কা (পুৰুষ, , ৯-১২ বছৰ, ৩৫-৪০ কিলোগ্ৰাম) হৃষিকেশ সাউদ (পুৰুষ ৯-১২ বছৰ, ৪৫-৫০ কেজি), আৰু কৃষ্ণশ্ৰী দাস (মহিলা , ৯ -১২ বছৰ, ৩০-৩৫ কিলোগ্ৰাম)ব্যক্তিগত আৰ্হিত ৰূপৰ পদক লাভ কৰে ডিব্ৰুগড় জিলাৰ পৰা দক্ষ বৰ্ধন সুৰেখাই। টিম পেটাৰ্ণত (জুনিয়ৰ পুৰুষ কেটেগৰী) হৃষিকেশ সাউদ, বিকি ৰাজ ৰায় আৰু বিকাশপ্ৰতিম ডেকা ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More