১৯৩৬ চনৰ পিছত প্ৰথমবাৰলৈ কেংগাৰুৱে হত্যা কৰিলে মানুহ

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পোহনীয়া জন্তুৱে গৰাকীক হত্যা কৰিছে। ই পোহনীয়া জন্তু হোৱাৰ লগতে সেই দেশত চূড়ান্ত মৰ্যাদা থকা প্ৰাণী। এই জন্তুটো হৈছে এটা কেংগাৰু। অষ্ট্ৰেলিয়াত কেংগাৰু এটা সুকীয়া পৰিয়ালৰ অন্তৰ্গত। ৭৭ বছৰীয়া এজন লোকৰ হত্যাকাণ্ডৰ সন্দেহে এটা কেংগাৰুলৈ আঙুলিয়াই দিয়ে। অৱশ্যে কেংগাৰুটো সেই বৃদ্ধৰ পোহনীয়া জন্তু আছিল বুলি জনা যায়। ১৩ ছেপ্টেম্বৰ মঙলবাৰে অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে জনোৱা মতে, ৮৬ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এনে মাৰাত্মক কেংগাৰু আক্ৰমণ সংঘটিত হৈছে। আৰক্ষীৰ মতে, ১১ ছেপ্টেম্বৰ দেওবাৰে বিয়লি তেওঁৰ এজন আত্মীয়ই পশ্চিম অষ্ট্ৰেলিয়াৰ ৰেডমণ্ডৰ এটা ঘৰত আহতজনক উদ্ধাৰ কৰে। বুঢ়াজনৰ শৰীৰত একাধিক আঘাত আছিল। লগে লগে এম্বুলেন্সক খবৰ দিয়া হয়। কিন্তু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই লোকজনৰ মৃত্যু হয়।আৰক্ষীৰ মুখপাত্ৰই কয় যে লোকজনক কেংগাৰুৱে আক্ৰমণ কৰা বুলি নিশ্চিত। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, যেতিয়া এম্বুলেন্সৰ ক্ৰসকলে লোকজনক উদ্ধাৰ কৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকক কেংগাৰুৱে বাধা দিছিল। আৰক্ষীয়ে জনোৱা মতে, কেংগাৰুটোক গুলীয়াই হত্যা কৰিবলৈ বাধ্য হৈছে। ইয়াৰ বাবেই পৰিস্থিতি ক্ৰমান্বয়ে বিপজ্জনক হৈ আহিছিল। আৰক্ষীয়ে জনোৱা মতে, বুঢ়াজনে কেংগাৰুটোক পোহনীয়া জন্তু হিচাপে গ্ৰহণ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই কেংগাৰুৰ প্ৰজাতিটো। কিন্তু গ্ৰেট চাউদাৰ্ণ অঞ্চলত পশ্চিমৰ ধূসৰ কেংগাৰু বেছিকৈ দেখা যায়। এই বিশেষ প্ৰজাতিৰ মতা কেংগাৰু ২.২ মিটাৰ পৰ্যন্ত দীঘল আৰু ওজন ৭০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। অষ্ট্ৰেলিয়াৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, শেষবাৰৰ বাবে ১৯৩৬ চনত কেংগাৰুৰ এনে মাৰাত্মক আক্ৰমণ সংঘটিত হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More