১৯৯৮ চনৰ পৰা ভাৰতত চোৰাংচোৱাগিৰিঃ ২৪ বছৰৰ মূৰত গ্ৰেপ্তাৰ পাকিস্তানী হিন্দু

0 41

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ আগষ্ট : বিগত ২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দুক পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ১৯৯৮ চনৰ পৰা দক্ষিণ-পশ্চিম দিল্লীৰ ভাটী মাইন (সঞ্জয় কলনী)ত বসবাস কৰি অহা অভিযুক্তজনৰ নাম ভগ চান্দ। ১৭ আগষ্টৰ পুৱা প্ৰায় ৫ বজাত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পিজ্জা ডেলিভাৰী বয়ৰ বেশত আৰক্ষীৰ লোকে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল। ভাগ চান্দে শ্ৰমিক তত্বাৱধায়ক হিচাপে কাম কৰিছিল। ১৯৯৮ চনত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। ভাগ চান্দৰ পত্নী আৰু মাতৃ এতিয়াও বিশ্বাস কৰিব নোৱাৰে যে ভাগ চান্দ কোনো জাতীয় বিৰোধী কাৰ্যকলাপত জড়িত হ’ব পাৰে। সঞ্জয় কলনীৰ দুটা ঘৰত বাস কৰে ভাগ চান্দৰ তিনিটা সন্তান আৰু বৃদ্ধ পিতৃ-মাতৃসহ ৮জনীয়া পৰিয়াল। প্ৰায় ২৪ বছৰ পূৰ্বে ১৯৯৮ চনত পাকিস্তানৰ খাইৰপুৰৰ পৰা পৰিয়ালৰ সৈতে দিল্লীলৈ আহিছিল ভাগ চান্দ। তেওঁৰ পৰিয়ালত বৃদ্ধ পিতৃ-মাতৃ, শিশুসহ ৮ জন লোক আছে। চান্দে পাকিস্তানৰ পৰা আহি ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল। ভাগ চান্দৰ পূৰ্বে একেটা গোচৰতে ২৭ বছৰীয়া নাৰায়ণ লালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।নাৰায়ণ লালে ভাগ চান্দৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু ৰাজস্থান আৰক্ষীৰ যুটীয়া জেৰাৰ সময়ত ভিলৱাৰাৰ নাৰায়ণ লালে কয় যে এই ভাগ চান্দই কাৰোবালৈ পাঁচখন ভাৰতীয় চিমকাৰ্ড প্ৰেৰণ কৰিছে। এক খবৰ অনুসৰি ‘আবিদ’ নামৰ আই এছ আইৰ এজন অপাৰেটিভ লোকক ব্যৱহাৰ কৰি ভাগ চান্দক সাক্ষাৎ কৰে। তাৰ পিছত দুয়োজনে হোৱাটছএপত কথা পাতিবলৈ আৰম্ভ কৰে। ভগ চান্দে ৰাজস্থান আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাটোক জনাইছিল যে আবিদে তেওঁৰ সৈতে পাকিস্তানী নম্বৰৰ জৰিয়তে যোগাযোগ কৰিছিল। ২০২০ চনত তেওঁ আবিদক এটা ভাৰতীয় হোৱাটছএপ নম্বৰ দিছিল। খবৰ অনুসৰি আবিদে ভাগ চন্দক ভাৰতীয় সামৰিক অঞ্চলসমূহ ভ্ৰমণ কৰিবলৈ, সেনা বিষয়াৰ সৈতে বন্ধুত্ব কৰিবলৈ, তেওঁক (আবিদ) চিনাকি কৰাই দিবলৈ কৈছিল। অকল সেয়াই নহয়, ভাগ চন্দেও আবিদৰ পৰা এই কামৰ বাবে টকা লৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More