১ জুনৰ পৰা ক্ষুদ্ৰ চাহ কাৰখানা-কেঁচা চাহপাত ক্ৰয় বন্ধ

মুখ্য সচিবৰে হোৱা তিনি পক্ষৰ আলোচনা ব্যৰ্থঃ ৰাজ্যৰ আঢ়ৈ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

0 81

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৩১ মেঃ ভাৰত চৰকাৰৰ বাণিজ্যিক আৰু উদ্যোগ মন্ত্ৰণালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ১ জুনৰ পৰা ক্ষুদ্ৰ চাহ কাৰখানাসমূহ বন্ধ কৰাৰ বাবে ক্ষুদ্ৰ চাহ কাৰখানাৰ স্বত্বাধিকাৰীসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপে ৰাজ্যৰ আঢ়ৈ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে৷ উল্লেখ্য যে কেন্দ্ৰৰ বাণিজ্যিক উদ্যোগ মন্ত্ৰাণালয়ে ক্ষুদ্ৰ চাহ কাৰখানাসমূহত উৎপাদিত চাহৰ আধা অংশৰ লগতে এই ক্ষুদ্ৰ চাহ কাৰখানাসমূহত উৎপাদিত ডাষ্ট গ্ৰেডৰ ১০০ শতাংশ নিলাম পদ্ধতিত [টি বৰ্ডৰ অক্সন মাৰ্কেট] বিক্ৰীৰ বাবে নিৰ্দেশ দিয়া কাৰ্যত জাঙোৰ খাই উঠিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ কাৰখানাসমূহ৷ কিয়নো ক্ষুদ্ৰ চাহ কাৰখানাসমূহে ইয়াৰ পূৰ্বে ডাষ্টসমূহ মুক্ত বজাৰত বিক্ৰী কৰি লাভৱান হৈ আহিছিল যদিও এতিয়াৰে পৰা অক্সন পদ্ধতিত বিক্ৰী কৰিলে কাৰখানাৰ স্বত্বাধিকাৰীসকলে নিম্নতম মূল্যহে লাভ কৰিবলৈ সক্ষম হ’ব৷ তেনেস্থলত বটলিং প্লাণ্ট তথা ক্ষুদ্ৰ চাহ কাৰখানাসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় কাৰ্য বন্ধ ঘোষণা কৰাৰ লগতে ভাৰত চৰকাৰৰ বাণিজ্যিক মন্ত্ৰণালয়ৰ উক্ত নিৰ্দেশ কোনোপধ্যে মানিব নোৱাৰিব বুলি জনাই দিয়াত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ লাগিছে৷ আজি এই সন্দৰ্ভত লখিমপুৰ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি তৰুণ বৰঠাকুৰে কয় যে যদি ক্ষুদ্ৰ চাহ কাৰখানাসমূহে তথা বটলিং প্লাণ্টসমূহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেঁচা চাহপাত ক্ৰয় নকৰে তেনেহলে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ’ব আৰু তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহে অন্ন বস্ত্ৰৰ বাবে হাহাকাৰ কৰিব লাগিব৷ তেনেস্থলত ভাৰত চৰকাৰৰ এনে নিৰ্দেশনাৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কসকল আন্দোলনত নামিবলৈ বাধ্য হ’ব আৰু ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা যিকোনো সমস্যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেতিয়াও জগৰীয়া হ’ব নোৱাৰিব৷ ৰাজ্যত বৃহৎ চাহ বাগানসমূহৰ বিপৰীতে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে শতকৰা ৫২ শতাংশ কেঁচা চাহপাত দৈনিক যোগান ধৰি অহা বুলিও ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সূত্ৰত প্ৰকাশ৷ এনেক্ষেত্ৰত শেহতীয়াকৈ চৰকাৰৰ নিৰ্দেশনাই ক্ষুদ্ৰ চাহ খেতিয়কৰ মুখৰ ভাত কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সন্থাই আহ্বান জনাইছে৷ উল্লেখনীয় কথা যে ৰাজ্যখনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাত যোগান ধৰা চাৰিশৰো অধিক ক্ষুদ্ৰ চাহ কাৰখানা আছে আৰু এই কাৰাখানসমূহত ১ জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় কাৰ্য বন্ধ কৰা হৈছে বুলি ঘোষণা কৰাত চাহ খেতিয়কসকল কিংকৰ্তব্য বিমূৰ হৈ পৰিছে৷ উল্লেখ্য যে এই সন্দৰ্ভত যোৱা ২৯ মে’ত দিছপুৰত ৰাজ্যৰ মুখ্য সচিবৰ উপস্থিতিত টি বৰ্ড, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, ক্ষুদ্ৰ চাহ কাৰখানাৰ স্বত্বাধিকাৰীসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল যদিও উক্ত বৈঠকতো বিষয়টো সন্দৰ্ভত কোনো সমাধান সূত্ৰ নোলোৱাত ৰাজ্যৰ ক্ষুদ্ৰ চাহ কাৰখানাৰ স্বত্বাধিকাৰীসকলে এনে সিদ্ধান্তত অটল হৈ থাকিবলৈ বাধ্য হয়৷ কিয়নো ক্ষুদ্ৰ চাহ কাৰখানাৰ স্বত্বাধিকাৰীসকলে বৈঠকত এই কথা স্পষ্ট কৰি দিয়ে যে শেহতীয়াকৈ ভাৰত চৰকাৰৰ বাণিজ্যিক আৰু উদ্যোগ মন্ত্ৰণালয়ে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাই এই ক্ষুদ্ৰ চাহ কাৰখানাৰ স্বত্বাধিকাৰীসকলক বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন কৰিব৷ তেনেস্থলত তেওঁলোকে কাৰখানা বন্ধ কৰাৰ বাহিৰে গত্যন্তৰ নাই বুলি স্পষ্ট কৰি দিছে৷ এনে কাৰ্যই পৰোক্ষ ভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মূৰত যে মাধমাৰ সোধাব সেয়া নিশ্চিত৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More