১ জুলাইৰ পৰা ভাৰতত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

0 44

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে’ : অহা ১ জুলাইৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে আইন অনুসৰি নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। ইতিমধ্যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ১০০ মাইক্ৰ’ণ বেধতকৈ কম সকলো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰা সম্পৰ্কে প্লাষ্টিক সামগ্ৰী প্ৰস্তুতকৰ্তা, মজুতকাৰী, ব্যৱসায়ী, দোকানী আৰু সাধাৰণ গ্ৰাহক ৰাইজক অৱগত কৰিছে। বেলুন, পতাকা, বেনাৰ, কেণ্ডী, আইচক্ৰীম, মিঠাইৰ বাকচ, চিগাৰেটৰ বাকচ আদি মেৰিউৱা পাতল ফিল্ম, থাৰ্ম’ক’লেৰে নিৰ্মিত প্লেট, কাপ, গিলাছ আদি সামগ্ৰী এই নিষেধাজ্ঞাৰ আওঁতালৈ আহিব।0x0
প্লাষ্টিক আৱৰ্জনা সমূহে বিশ্বজুৰি জল-স্থল সকলোতে সৃষ্টি কৰা প্ৰদূষণে ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভাৰতবৰ্ষতেই ২০১৯-২০ চনৰ বছৰটোত প্ৰায় ৩৪ লাখ মেট্ৰিক টন পৰিমাণৰ প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হৈছিল আৰু প্ৰতি বছৰেই ইয়াৰ পৰিমাণ বৃদ্ধি পাই গৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে ভাৰতত গড়ে প্ৰতিজন ব্যক্তিয়ে বছৰি ৯.৭ কিলোগ্ৰাম প্লাষ্টিক ব্যৱহাৰ কৰে। ভাৰতত ব্যৱহৃত ৪৩ শতাংশ প্লাষ্টিক ব্যৱহাৰ হয় পেকেজিং সামগ্ৰী হিচাপে আৰু অধিকাংশই এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক। অহা ৩১ ডিচেম্বৰৰ পৰা ১২০ মাইক্ৰ’ণ বেধৰ প্লাষ্টিকেৰে প্ৰস্তুত কৰা সামগ্ৰী কঢ়িওৱা মোনাৰ ওপৰতো দেশখনত প্ৰতিবন্ধকতা জাৰি কৰা হৈছে। একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈকে ২০২২ চনৰ ২ মাৰ্চত নাইৰোবিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সভাত ১৭০ খন দেশে ২০৩০ চনৰ ভিতৰত প্লাষ্টিক ব্যৱহাৰৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অঙ্গীকাৰবদ্ধ হৈছিল। ইয়াত ভাৰতেও অংশগ্ৰহণ কৰি বিশ্বৰ অন্যান্য দেশৰ লগতে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছিল।
২০০২ চনতে বাংলাদেশে পৰিৱেশ অনিষ্টকাৰী এনে প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত আফ্ৰিকাৰ দেশ কেনিয়া বিশ্বৰ আটাইতকৈ কঠোৰতম আইন বলবৎকাৰী দেশ হিচাপে বিখ্যাত। ইয়াত প্লাষ্টিক ব্যৱহাৰৰ চৰকাৰী আইনভঙ্গকাৰী সকলৰ বাবে বৃহৎ পৰিমাণৰ জৰিমনা আৰু কাৰাদণ্ডৰ বিধান আছে। সজাগতা, আইন বলবৎকৰণ আৰু বিকল্পই হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ একমাত্ৰ সমাধান।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More