১ মিনিটতে পাবগৈ গন্তব্যস্থানঃ বিশ্বৰ আটাইতকৈ চমু দূৰত্বৰ বিমান যাত্ৰা

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ আগষ্ট : বিমান যাত্ৰাৰ সময়সীমা মাত্ৰ ১ মিনিট! হয়, শেহতীয়াকৈ এজন ট্ৰেভেল ব্লগাৰৰ ভিডিঅ’ত আহিল বিশ্বৰ আটাইতকৈ সৰু বিমানখনৰ কথা। পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ সহজে যাব পৰা একমাত্ৰ উপায় হৈছে বিমান। এতিয়া চৰ্চালৈ আহিছে বিশ্বৰ আটাইতকৈ চুটি বিমানযাত্ৰাৰ কথা। শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে নোৱেল ফিলিপছ নামৰ এজন ট্ৰেভেল ব্লগাৰৰ ভিডিঅ’। এই ভিডিঅ’টোত তেওঁ চুটি দূৰত্বৰ বিমানৰ বিষয়টো প্ৰদৰ্শন কৰিছে। স্কটলেণ্ডৰ অৰ্কন দ্বীপপুঞ্জৰ এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ যাবলৈ মাত্ৰ ১ মিনিট ১৬ ছেকেণ্ড সময় লাগে। জাহাজ বা নাৱেৰে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ২০ মিনিট সময় লাগে। একে দূৰত্ব বিমানেৰে এক মিনিটত পাব পাৰি। আৰু ইয়াৰ টিকটৰ মূল্য ১৭ ইউৰো, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১ হাজাৰ ৬৪৩ টকা। স্কটলেণ্ডৰ পেপ ৱেষ্টৰ কিৰ্কৱাল ৱেষ্টলৈ গৈছিল বিমানখন। এই পথত বিমানখনে দিনটোত দুবাৰকৈ যাত্ৰা কৰে। নিয়মীয়া যাত্ৰীতকৈ পৰ্যটকে এই বিমানখন বেছিকৈ ব্যৱহাৰ কৰে। গোটেই নেট জগতত এই ভিডিঅ’টো আপলোড কৰা হৈছে। ইতিমধ্যে ২০ লাখ লোকে নোৱেল ফিলিপছৰ ভিডিঅ’টো চাইছে। এই নতুন ধৰণৰ বিমান যাত্ৰাৰ বিষয়ে জানি উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More