২০১৩ৰ পিছত এ পি এছ চিৰ ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰো তদন্ত কৰিব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে

0 55

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ মে’ : অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক। এক অধিসুচনা যোগে ইতিমধ্যে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মা আয়োগক এই দায়িত্ব ন্যস্ত কৰিছে । এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাই কয় যে অসম লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ডিব্ৰুগড় থানাত ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল । ইয়াৰে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল। আয়োগে ইতিমধ্যে সেই কেলেংকাৰিৰ তদন্ত কৰি চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিছে। আনহাতে ২০১৪ চনৰ নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব পূৰ্বতে ন্যায়াধীশ শৰ্মা আয়োগক অৰ্পণ কৰা হোৱা নাছিল । যাৰ ফলস্বৰূপে ডিব্ৰুগড় থানাত একেটা গোচৰতে দুয়োটা বৰ্ষৰ কেলেংকাৰি সংযুক্ত হৈ থকা স্বত্বেও ন্যায়াধীশ শৰ্মা আয়োগে ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু শেহতীয়াকৈ ২০১৪ বৰ্ষৰ কেলেংকাৰিৰ তদন্তৰ দায়িত্বও ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছে। আগন্তুক ছমাহৰ ভিতৰত এই আয়োগে প্ৰতিবেদন দাখিল কৰিব লাগিব । স্মৰ্তব্য যে ২০১৪ চনৰ নিযুক্তি কেলেংকাৰিত পূৰ্বতেই ২১ জনক দোষী সাব্যস্ত কৰা হৈছিল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More