“২০৩০ চনৰ ভিতৰত চন্দ্ৰত হ’ব মানুহৰ ঘৰ।”

0 22

 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ নৱেম্বৰ : শেষবাৰৰ বাবে মানুহে চন্দ্ৰৰ মাটিত ভৰি দিছিল অৰ্ধ শতিকাৰ আগতে। এইবাৰ আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই আভাস দিছে যে চন্দ্ৰত ঘৰ সাজি বসবাসযোগ্য কৰি তুলি বসতি স্থাপন কৰা হ’ব। শেহতীয়াকৈ নাছাই আৰ্টেমিছ-১ মহাকাশযান চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিছে। অৰিয়ান চন্দ্ৰযান অভিযানৰ অন্যতম অভিযন্তা হাৱাৰ্ড হুৱে এক সাক্ষাৎকাৰত কয় যে, ২০৩০ চনৰ ভিতৰত মানুহ চন্দ্ৰত বসবাস কৰিবলৈ সক্ষম হ’ব। তেওঁ কয়— “আমি মানুহক চন্দ্ৰলৈ পঠাম। তেওঁলোক তাতেই থাকিব। তাতেই বৈজ্ঞানিক গৱেষণা কৰিব।” উল্লেখ্য যে সকলো প্ৰস্তুতিৰ পিছতো যোৱা কেইমাহমানত আৰ্টেমিছ-১ৰ উৎক্ষেপণ কেইবাবাৰো স্থবিৰ হৈ পৰিছিল। অৱশ্যে পিছত মহাকাশযানখন সফলতাৰে অৱতৰণ কৰে। কিন্তু এইবাৰ কোনো মানুহ পঠোৱা হোৱা নাই। এই উৎক্ষেপণৰ লক্ষ্য আছিল ৰ’ভাৰখনে সফলতাৰে চন্দ্ৰৰ ওচৰ পাবলৈ আৰু ঘূৰি আহিবলৈ সক্ষম হৈছেনে নাই সেইটো নিশ্চিত কৰা। অহাবাৰ চন্দ্ৰলৈ মহাকাশচাৰী কঢ়িয়াই নিব পাৰিব বুলি আশা কৰিছে নাছাই। ১৯৭২ চনত মানুহে শেষবাৰৰ বাবে চন্দ্ৰত ভৰি দিছিল। নাছাৰ পৰিকল্পনা অনুসৰি চন্দ্ৰ অনুসন্ধানৰ পৰৱৰ্তী অভিযানত বিজ্ঞানীসকলে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত ভৰি দিব। প্ৰায় এসপ্তাহমান তাত পানী বিচাৰিব। যদি সেই অভিযান সফল হয় তেন্তে পৰৱৰ্তী গন্তব্যস্থান হ’ব মংগল গ্ৰহ। খনিজ পদাৰ্থৰ সন্ধান আৰু গৱেষণা অব্যাহত ৰাখিবলৈ এইবাৰ মানুহে চন্দ্ৰৰ মাটিত জীয়াই থকাৰ ব্যৱস্থা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More