২১ মে’ত কিয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

পানীৰ পিছতে বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত পানীয় হৈছে চাহ

0 123

 

৩৫ খনতকৈও অধিক দেশত চাহ খেতিয়ে ১ কোটি ৩০ লাখতকৈ অধিক লোকৰ জীৱন- জীৱিকাৰ বাট মোকলাই আছে। ২০০৫ চনত ট্ৰেড ইউনিয়নে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ স্বাস্থ্য উপকাৰিতা, অৰ্থনৈতিক গুৰুত্ব, আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে। বাগানৰ পৰা আমাৰ কাপলৈকে অধিক বহনক্ষম উৎপাদন নিশ্চিত কৰাত এইসকল লোকৰ শ্ৰম আৰু বিভিন্ন দিশ জৰিত হৈ আছে।

women picking tea leaves Assam scaled 1

সমগ্ৰ বিশ্বতে চাহৰ দীঘলীয়া ইতিহাস আৰু গভীৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক তাৎপৰ্যক স্বীকাৰ কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ মে’ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ৰূপে পালন কৰাৰ স্বীকৃতি দিয়ে।

প্ৰতি বছৰে ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়। ২০২০ চনত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল।২০২১ বৰ্ষৰ বাবে থিম আছিল  “চাহ আৰু ন্যায্য বাণিজ্য”। পানীৰ পিছতে বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত পানীয় হৈছে চাহ।

চাহৰ কাহিনী আৰম্ভ হয় চীনৰ পৰা। কিংবদন্তি অনুসৰি ২৭৩৭ খ্ৰীষ্টপূৰ্বত চীনা সম্ৰাট শ্বেন নুঙৰ এজন  দাসে গছৰ তলত বহি খোৱাপানী উতলাই থকাৰ সময়তে গছজোপাৰ পৰা কিছুমান পাত পানীত পৰি গৈছিল। শ্বেন নুঙে সেই গৰম পানী পি আমেজ লাভ কৰাৰ পিছৰে পৰা পৰ্যায়ক্ৰমে চাহৰ আবিষ্কাৰ হল।

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ ইতিহাস

২০০৫ চনত ভাৰতৰ দিল্লীত প্ৰথম আন্তৰ্জাতিক চাহ দিৱস অনুষ্ঠিত হৈছিল।২০১৫ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাক এই দিৱসক বিশ্বজুৰি সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল, তাৰেই পৰিপ্ৰেক্ষিতত আজি ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস।

( “শতাব্দ”ৰ সংগ্ৰহ)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More