২২ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব ১২ হাজাৰ নিযুক্তি-পত্ৰ 

0 39
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ ছেপ্টেম্বৰঃ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিব। খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিবলগীয়া অনুষ্ঠানত এই নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখ্য যে বিগত মে’ মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছিল। ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান প্রক্রিয়া সম্পূর্ণ হ’ব। বিভিন্ন পৰীক্ষাৰ জৰিয়তে বাচনি হোৱা এই ১২ হাজাৰ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। উল্লেখ্য যে মে’ মাহত খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্র প্রদান কৰা হৈছিল। ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি-পত্র প্রদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদত ৫,২০০ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। তদুপৰি লোকনির্মাণ বিভাগৰ অধীনত ২৫৬ গৰাকী প্ৰাৰ্থীক সহকাৰী অভিযন্তা হিচাপে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগসমূহত নিৰ্বাচিত হোৱা প্ৰাৰ্থীক বিভিন্ন পদবীত নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী সেৱাত আৰু ১২ হাজাৰ কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিলে পূৰ্বৰ তুলনাত ৰাজ্য চৰকাৰৰ কাম-কাজসমূহ বৰ্তমানৰ তুলনাত অধিক সূচাৰুৰূপে পৰিচালিত হ’ব। বৈঠকত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিজ বাৰ্মা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা প্ৰমূখ্যে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More