২৪ মে’ৰ পৰা তিনিচুকীয়াত ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস

0 114

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত ২৪ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰগুৰি হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা হ’ব ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস । অনুষ্ঠানৰ দ্বিতীয় দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰি অহা চলিত বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিব । অভ্যৰ্থনা সমিতিয়ে আজি এক সংবাদমেলত এই কথা সদৰি কৰে । অভ্যৰ্থনা সমিতিৰ সভাপতি সৰোজ গোহাঁয়ে সংবাদমেলৰ আঁত ধৰে । এইবাৰ দিৱসৰ লগত সংগতি ৰাখি মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰো আয়োজন কৰা হৈছে । উল্লেখযোগ্য যে মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ-ছাত্ৰ পৰিষদ, মটক ছাত্ৰ সন্থা আৰু মটক ৰাজবংশ উন্নয়ন সমিতিৰ আতিথ্যত অহা ২৪ মে’ৰ পৰা তিনিদিনীয়াকৈ আয়োজিত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ কাৰ্যসূচী অনুসৰি ২৪ মে’ৰ পুৱা ধৰ্মীয় অনুষ্ঠান, তিনিকোণীয়া পুখুৰীস্থিত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, সন্ধিয়ালৈ বন্তি প্ৰজ্বলন আৰু ভক্তিমূলক নাম-কীৰ্তন অনুষ্ঠিত হ’ব । দ্বিতীয় দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পন, প্ৰদৰ্শনী দ্বাৰ উন্মোচন, মটক জনগোষ্ঠীয় গছতলৰ বিহু আৰু হুঁচৰি প্ৰদৰ্শন, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হ’ব । মুকলি সভাত বন্দৰ, জল পৰিবহণ আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপৰি অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ উপস্থিত থকাৰ কথা । দিৱসৰ অন্তিম দিনা মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

আজিৰ সংবাদমেলত চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়া, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই, মটক যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জল বৰুৱা, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মৃদুল ৰাজখোৱা, মুখ্য সম্পাদক ধৰণী গোহাঁইকে আদি কৰি উদ্যোক্তা সংগঠনৰ একাধিক কৰ্মকৰ্তা উপস্থিত থাকে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More