২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ সভাস্থলীত একাঁঠু পৰ্যন্ত পানী

ন ৰূপত উজ্বলিছে ডিব্ৰুগড় চহৰ

0 25

ডিব্ৰুগড়ৰ পৰা জ্যোতিষ কুমাৰ পাতিৰঃ ন ৰূপত উজ্বলি উঠিছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰ। দিনে-নিশাই ব্যস্ত হৈ পৰিছে প্ৰশাসনিক বিষয়া-কৰ্মচাৰীসকল। কাৰণ ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধকালীন প্ৰস্তুতি চলাইছে ডিব্ৰুগড় জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে। স্বয়ং মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত দুদিন ধৰি বাহৰ পাতি প্ৰস্তুতি সন্দৰ্ভত তদাৰক কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তনী মন্ত্ৰী, শক্তি মন্ত্ৰী, শ্ৰম মন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰী সহ প্ৰস্তুতি বুজ লোৱাৰ পাছতে আজি পুনৰ উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সভাস্থলীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী অজন্তা নেওগ, বিধায়কত্ৰয় প্ৰশান্ত ফুকন, তৰংগ গগৈ আৰু সুশান্ত বৰগোহাঁই, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আদি। উল্লেখযোগ্য যে, প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা। সম্বোধন কৰিব লগীয়া খনিকৰ পথাৰত এতিয়াও একাঁঠু পৰ্যন্ত পানী। পাঁচটাকৈ বৃহৎ মণ্ডপ, আকৰ্ষণীয় মঞ্চ সম্পূৰ্ণ হৈ উঠিল যদিও পানীৰ বাবে মণ্ডপৰ ভিতৰত পুনৰ ওখকৈ প্লেটফৰ্ম নিৰ্মাণ কৰিব লগীয়া হৈছে।আনহাতে প্ৰবল বৰষুণৰ মাজতো নিশাটোৰ ভিতৰতে বদলি হৈছে ডিব্ৰুগড় নগৰৰ বাটপথ। খনিকৰ পথাৰৰ সভাস্থলিক সংযোগ কৰি দুটা সম্পূৰ্ণ নতুন পথ নিৰ্মাণ কৰাৰ লগতে সুচল যাতায়াতৰ বাবে অন্যান্য বহু পথৰ উন্নয়ন কৰাৰ উপৰি ডিব্ৰুগড়ৰ হিলৈধাৰীত তিনিখনকৈ হেলিপেড আৰু খনিকৰত তিনিখনকৈ হেলিপেড নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। যান-বাহনৰ পাৰ্কিঙৰ বাবেও প্ৰায় ৩০ টাকৈ স্থান ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। উজনিৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ আহিব ৮ খন বিশেষ ৰে’লৰ জৰিয়তে মানুহ। লগতে ১৫ হাজাৰৰো অধিক যান-বাহনৰো ব্যৱস্থা কৰা হৈছে।উল্লেখ্য যে, ২৮ এপ্ৰিলত অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড়ৰ অত্যাধুনিক ৩০০ খন বিছনাযুক্ত দেশৰ অত্যাধুনিক কেন্সাৰ হাস্পতাল শুভ উদ্বোধন কৰাৰ লগতে ৰাজ্যৰ আন কেইবাখনো কেন্সাৰ হাস্পতাল উদ্বোধন কৰি খনিকৰত বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যাৰ বাবে মুখ্যমন্ত্ৰী দেওবাৰৰ পৰা ডিব্ৰুগড়ত বাহৰ পাতি উদ্বোধন কৰিব লগা কেঞ্চাৰ হাস্পতাল আৰু সম্বোধন কৰিব লগা খনিকৰৰ সভাস্থলী পৰিদৰ্শন কৰি প্ৰতিটো মুহুৰ্তৰ কাম-কাজ সন্দৰ্ভত বুজ লোৱাৰ লগতে জনসমাগম সন্দৰ্ভত উজনিৰ জিলা কেইখনৰ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে।মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, লখিমপুৰ, বৰপেটা, দৰং, কোকৰাঝাৰ কেঞ্চাৰ মেডিকেলৰ শুভ উদ্বোধন কৰাৰ লগতে অতিৰিক্তভাবে ৰাজ্যৰ তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, গোৱালপাৰা, নলবাৰী আদিকে কৰি ৭ খন কৰ্কট প্ৰতিস্থানৰ আধাৰশিলা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More