২৮ জুন
ডাঃ সুৰজিত গিৰি
সৰ্প দংশন,ইয়াৰ সজাগতা আৰু গ্ৰাম্য চিকিৎসালয়ত ইয়াৰ চিকিৎসাৰ এক উল্লেখযোগ্য দিন ১৯ ছেপ্টেম্বৰ,আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস উপলক্ষে প্ৰকাশিত।
“ছাৰ আমাৰ ৰোগীৰ চিকিৎসাত এতিয়ালৈকে একলাখ টকা খৰচ হৈ গল? আমাৰ ৰোগী সম্পূৰ্ণ আৰোগ্য হব নে নাই?”
“সম্পূৰ্ণ ভাল হব।চিন্তা নকৰিব।”
চলিত বৰ্ষৰ ২ জুলাই,দেওবাৰে দুপৰীয়াৰ সাঁজ খাই কিছু বিশ্ৰাম লৈছিলোহে,ৰোগীৰ আত্মীয়ৰ উৎকণ্ঠিত ফোন পাই,বিচনাখনতে অলসভাবে পৰি তেওঁলোকৰ গোটেই ঘটনাবোৰ ফহিয়াই চাব চেষ্টা কৰিছিলোঁ।
২৮ জুন তাৰিখে অসমৰ দুটা চুকত প্ৰায় একে সময়তে বিষাক্ত শংখচূড় সাপৰ দংশনৰ দুটা ঘটনা ঘটে।দুয়োজনৰ ৰোগীৰ ঘটনাই আমাক বহু শিক্ষা দিয়ে।এই দুয়োটা ঘটনাই সৰ্প দংশন বিষয়টোত আমাৰ ৰাইজৰ সজাগতা- সতৰ্কতা আদিৰ বিষয়ে সম্যক জ্ঞান দিয়ে।এই বিষয়টোত আমি সকলোৰে কৰণীয় বহুত আছে।
(১)
শ্ৰী জিন্তু পেগু, ১৫ বছৰ, বহুপথাৰ,নাৰায়ণপুৰ, জিলা লক্ষীমপুৰ
২৮ জুনৰ ৰাতি ৯ মান বজাত বিহপুৰীয়াত অৱস্থিত গ্ৰাম্য চিকিৎসালয়ৰ ডাক্তৰ শান্তি পেগুৰ ফোনটো পাই মই অলপ চিন্তিত আছিলোঁ। জিন্তুৱে অতি বিষাক্ত সখা সাপ (banded krait) এডাল আন্ধাৰত গচকি দিছিল।তেওঁলোকে সাপডালৰ ফটো মবাইলেৰে তুলি থয়।প্ৰায় ২০-৩০ মিনিটৰ ভিতৰত তেওঁলোক বিহপুৰীয়া গ্ৰাম্য চিকিৎসালয়ত উপস্থিত হয়।
“ডাক্তৰ শান্তি,এইটো অতি বিষাক্ত সাপ।তৎক্ষণাৎ ২০ টা এণ্টিভেনম আৰু কেলচিয়াম বেজী দিয়া।যিহেতু তোমালোকৰ ICU নাই, বেজীকেইটা দিয়াৰ পাছত ICU থকা লক্ষীমপুৰ মেডিকেল কলেজ লৈ পঠাই দিবা।”
ডাক্তৰ শান্তি এগৰাকী কণিষ্ঠ চিকিৎসক।তেওঁক সাহস দিবলৈ কলো,
“তুমি বেজীকেইটা আৰম্ভ কৰা।কিবা অসুবিধা পালে ফোন কৰিবা।মই আছোঁ।”
ৰাতি প্ৰায় ১০-৩০ মান বজাত ডাক্তৰ শান্তিৰ আকৌ ফোন আহে।
“ছাৰ,বেজী কেইটা দি শেষ হল।সকলো ঠিকেই আছে।লক্ষীমপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিছোঁ।”
“যিহেতু দংশনৰ প্ৰায় এক ঘণ্টাৰ ভিতৰতে এণ্টিভেনম বেজী দিয়া হৈছে,কোনো ICU বা ভেণ্টীলেচনৰ প্ৰয়োজন নহব,তথাপি ৰেফাৰ কৰাটো ভাল হব।”
পিছদিনাখন ডাক্তৰ শান্তিৰপৰা খবৰ আহিল।ৰোগী একেবাৰে সুস্থ।কোনো ICU বা ভেণ্টীলেচনৰ প্ৰয়োজন নহল। গাড়ী আদিৰ খৰচৰ লগতে তেওঁলোকৰ খোৱা-বোৱাৰ খৰচৰ বাদে আৰু একো খৰচ নহল।
(২)
শ্ৰীমান অবিনাশ মাৰাক,৩০ বছৰ,
চালপৰা গাঁও,বকো,কামৰূপ ৰুৰেল।
“গিৰিদা ফুল নিউৰ’টকচিছিটী আছে।২৮ জুনৰ ৰাতি ৯ মান বজাত দংশন কৰিছিল।ওচৰৰ গৃহস্থৰ ঘৰত কলা সাপ এডাল ওলাইছিল।তেওঁলোকে সাপডাল মাৰি বাৰীতে পেলাই থৈছিল।অবিনাশে মৰা সাপডাল ধৰিব যাওঁতেই সো-হাতৰ তৰ্জনী আঙুলিত দংশন কৰে।দংশনৰ ঠাইত কোনো বিষ বা ফুলা নাই,কিন্তু তেওঁ এতিয়া চকু মেলিব নোৱাৰে আৰু অলপ উশাহ টানিব অসুবিধা হৈছে বুলি কৈছে।এতিয়া প্ৰায় ১৬ ঘণ্টাৰ পাছত আমাৰ হস্পিটেল আহিছে।”
“ইমান দেৰি কি কৰি আছিল”
“তেওঁলোকে গাঁৱলীয়া দৰৱ আৰু জৰা-ফুকা কৰি আছিল!’
“হেমেন বিষাক্ত কলা শংখচূড় সাপৰ লক্ষণ যেন লাগিছে।তুমি ২০ টা এণ্টীভেনম আৰু কেলছিয়াম বেজী দিয়া।যিহেতু দংশন কৰাৰ পাছত প্ৰায় ১৬ ঘণ্টা হৈছে,সম্ভৱ তেওঁক ভেণ্টিলেচনৰ প্ৰয়োজন হব পাৰে।”
কিছু সময়ত পাছত ডাক্তৰ হেমেন নাথে সাপৰ ফটোটো হোৱাটছ এপত পঠাই দিয়ে।হয় সেইয়া বিষাক্ত কলা শংখচূড় সাপ আছিল।
ডাক্তৰ হেমেনৰ কৰ্তব্য শেষ হৈ গৈছিল,তথাপি ৰোগীৰ স্বাৰ্থত তেওঁ ওচৰতে বহি ৰোগীক আৰোগ্য কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।কিন্তু ৰোগীৰ অৱস্থা ক্ৰমান্বয়ে অৱনতিহে হয়।১৬ ঘণ্টাৰ পূৰ্বে শৰীৰত প্ৰবেশ কৰা বিহে ইতিমধ্যে মাংস পেশীবোৰ সম্পূৰ্ণৰূপে অকামিলা কৰিছিল।এই মুহূৰ্ত্তত তেওঁক ভেণ্টিলেচন লাগিব।কিন্তু বকো গ্ৰাম্য চিকিৎসালয়ত সেয়া সম্ভৱ নহয়।
হেমেন এন্তিভেনম বেজী কেইটা দি ভেন্তিলেচন থকা হস্পিটেললৈ ৰেফাৰ কৰি দিয়া।প্ৰয়োজন হলে আম্বু বেগেৰে স্থানান্তৰ কৰিবা।
“দাদা,গুৱাহাটী মেডিকেল কলেজ নাপাব চাগে।কিছু দূৰত এখন ব্যক্তিগত চিকিৎসালয় আছে,মই কথা পাতি চাও।”
আকৌ যেন একে কাহিনী।শংখচূড় সাপৰ দংশন, এই সাপে দংশন কৰিলে দংশনৰ ঠাইডোখৰত কোনো বিষ নহয় বা নুফুলে।ৰোগী আৰু তেওঁৰ পৰিয়ালবৰ্গই সেইবাবে বিষহীন সাপ বুলি ভাবিছিল।কিন্তু ৰাতি প্ৰায় ১২ মান বজাত তেওঁৰ গা বেয়া লাগিব ধৰে,ডিঙি বিষায় আৰু সেপ গিলিবলৈ অসুবিধা হয়।সেইয়াই আমাৰ বাবে সোণালী সময় আছিল।সেই মুহূৰ্ত্তত এন্তিভেনম বেজী প্ৰয়োগ কৰাহেঁতেন ৰোগীৰ এই পৰ্যায় নাপালহেঁতেন।কিন্তু তেওঁলোকে সোণালী সময়খিনি বেজ-বেজালি আদিত ব্যস্ত থাকিল।ৰোগীৰ স্বাস্থ্যৰ ক্ৰমশ: অৱনতি দেখি আৰু বেজ-বেজালিয়ে কাম নকৰাৰ পাছতো ৰাইজে আৰু এজন ডাঙৰ বেজৰ কথা ভাবিছিল।কিন্তু ৰাতিপুৱা প্ৰায় ১১:৩০ মান বজাত শ্ৰীমান ধ্ৰুৱজ্যোতি ডাকুৱাই একপ্ৰকাৰ জোৰ কৰি মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বকো গ্ৰাম্য চিকিৎসালয়লৈ মুমূৰ্ষু অৱস্থাত স্থানান্তৰিত কৰে।এই সুযোগতে সমাজৰ অন্ধবিশ্বাসবোৰৰ বিৰুদ্ধে থিয় দি মেডিকেল চিকিৎসাৰ প্ৰতি আস্থা দেখুওৱা বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
হয় তেওঁলোকে ভুল কৰিছিল।কিন্তু সেইবুলি আমি এৰি দিব নোৱাৰোঁ।
“গিৰি দা,কামৰূপ জিলাৰ বিজয় নগৰত LIFE SAVE নামৰ এটা ব্যক্তিগত চিকিৎসালয় আছে।তালৈ স্থানান্তৰিত কৰিছো।মই আপোনালৈ নম্বৰ এটা পঠাই দিছোঁ,আপুনি এটা ফোন কৰিব।”
LIFE SAVE হস্পিটেলৰ মালিকক ফোন কৰি ICU ত সেই সময়ত কৰ্মৰত ডাক্তৰ নীতাক ফোন কৰি ৰোগীৰ বিষয়ে সবিশেষ জনাই ফোন কৰো।
অবিনাশে যেনে তেনে ৪৫ মিনিটৰ ভিতৰত LIFE SAVE হস্পিটেল আহি পায়! এই ৪৫ মিনিট মোৰ কাৰণে ৪৫ ঘণ্টা যেন লাগিছিল।বিভিন্ন চিন্তাই মনটো ভাৰক্ৰান্ত কৰি ৰাখিছিল।ৰাইজৰ সজাগতাৰ অভাৱত বাবেই আমি কেনেবাকৈ তেওঁক হেৰুৱাই পেলাম নেকি?
LIFE SAVE হস্পিটেলৰ সকলো ডাক্তৰে আমাৰ পৰামৰ্শবোৰ চকু মুদি পালন কৰিছিল।ভেন্তিলেটৰ চেটিং আদি ডাক্তৰ নীতাক আমি বিৱৰি কওঁ!দিনটোত দুবাৰ তিনিবাৰ ফোন কৰি খবৰ লওঁ।
লাহে লাহে অবিনাশৰ স্বাস্থ্যৰ উন্নতি হব আৰম্ভ কৰিছিল যদিও চিকিৎসাৰ ব্যয়ৰ বাবে তেওঁলোক চিন্তিত আছিল !
“ছাৰ আমাৰ ৰোগীৰ চিকিৎসাত এতিয়ালৈকে এক লাখ টকা খৰচ হৈ গল? আমাৰ ৰোগী সম্পূৰ্ণ আৰোগ্য হব নে নাই?”
এখন ব্যক্তিগত চিকিৎসালয়ত ইমানখিনি খৰচ হোৱাটো স্বাভাৱিক।
হয় তেওঁলোকৰ চাৰি দিনত প্ৰায় ১ লাখ টকা খৰচ হৈছিল।কিন্তু এই একলাখ টকাৰ খৰচ আমি একে সময়তে এই সাপডলতকৈও অতি বিষাক্ত সখা সাপৰ দংশনৰ পাছত বিহপুৰীয়াৰ জিন্তুৰ দৰে আমি বাধা দিব পাৰিলো হেঁতেন যদিহে –
তেওঁ সৰ্প দংশনৰ পাছত ৰাতি প্ৰায় ১০ মান বজাত আহি বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি হৈ থাকিলহেঁতেন।যেতিয়া তেওঁৰ বিষাক্ত শংখচূড় সাপৰ দংশনৰ বিহৰ লক্ষণ ৰাতি প্ৰায় ১২ মান বজাত দেখা দিলেহেঁতেন আৰু বিহপুৰীয়াৰ ডাক্তৰ শান্তিৰ দৰে ডাক্তৰ হেমেন নাথ আৰু তেওঁৰ দলে সেই মুহূৰ্ত্ততে ২০ টা এণ্টিভেনম্ বেজীৰে সজোৰে প্ৰহাৰ কৰিলেহেঁতেন,তেনেহলে কোনো ৰেফাৰ,ICU বা ভেণ্টিলেচন প্ৰয়োজন নহলহেঁতেন।
বিষাক্ত সাপৰ বিহ তেজত প্ৰবাহিত হৈ থাকোঁতে এন্তিভেনম বেজীৰে আমি আক্ৰমণ কৰিলেহে সাপৰ বিহ নিষ্ক্ৰিয় হব।কিন্তু অবিনাশৰ ক্ষেত্ৰত সাপৰ বিহ তেজত প্ৰভূত পৰিমাণে প্ৰবাহিত হৈ স্নায়ু আৰু মাংস পেশীবোৰ অকামিলা কৰিব আৰম্ভ কৰিছিল। এনে সময়ছোৱাত ৰোগীক আৰোগ্য কৰিবলৈ এন্তিভেনম বেজীৰ লগতে ভেন্তিলেচনৰ প্ৰয়োজনীয়তা আহি পৰে।
বিধিগত ভাবে আমাৰ অসমৰ গ্ৰাম্য চিকিৎসালয়ত ভেন্তিলেচন বা ICU সম্ভৱ নহয়।মাত্ৰ জিলা আৰু মহকুমা চিকিৎসালয়তহে ICU ৰ বিধিগত আবণ্টন আছে।অবিনাশৰ দৰে মুমূৰ্ষু অৱস্থাত আমাৰ ৰোগী দেৰিকৈ গ্ৰাম্য চিকিৎসালয়ত আহিলে আমি জিলা বা মহকুমা চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লগাত পৰে, কেতিয়াবা বহু দূৰ স্থানান্তৰিত কৰাৰ পৰ্যায় নাথাকিব পাৰে আৰু কেতিয়াবা চৰকাৰী হস্পিটেলৰ ICU ৰ বিছনা খালি নাথাকিবও পাৰে।তেনে অৱস্থাত ৰোগীৰ স্বাস্থ্যৰ খাতিৰত কেতিয়াবা ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লগত পৰে।মনত ৰাখিব এখন ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ চাৰিটা বিল থাকে।এটা হস্পিটেলৰ, এটা দৰৱৰ, এটা লেৱৰেটৰীৰ আৰু এখন ডাক্তৰৰ।লাখ টকা হোৱাৰ অৱকাশ খুবেই বেছি।
যিটো কাম আমাৰ শূন্য খৰছত সম্ভৱ হলহেঁতেন সেয়া লাখ টকাও হব পাৰে।
সৰ্প দংশনৰ পাছত আপুনি তৎক্ষণাৎ ওচৰৰ গ্ৰাম্য চিকিৎসালয়খনত ২৪ ঘণ্টা লৈকে ভৰ্তি হৈ থাকি,আপুনি আপোনাৰ ৰোগীক শূন্য খৰছত গ্ৰাম্য চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰিব নে লাখ লাখ টকা খৰচ কৰিব,তাৰ উত্তৰ আপোনালোকলৈ থলো।
আপুনি জিন্তু হব নে অবিনাশ হব,সেয়া আপোনাৰ সিধান্ত।
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ডিমৌ গ্ৰাম্য চিকিৎসালয়
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন : 9435056627