২৯ মে’ত গুৱাহাটীলৈ আহিব কেজৰিৱাল

৩১ মে'ৰ ভিতৰত ১০ লাখ সদস্য ভৰ্তিৰ লক্ষ্য

0 18

লখিমপুৰত আম আদমী পাৰ্টিৰ সংবাদমেলঃ আম আদমী পাৰ্টীৰ ব্যাপক সাংগঠনিক তৎপৰতাঃ পঞ্চায়ত নিৰ্বাচন- লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব আপে।

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মেঃ  অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে উত্থান ঘটিছে আম আদমী পাৰ্টিৰ । দলটিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে দলটোৱে ইতিমধ্যে আৰম্ভ কৰিছে সদস্য ভৰ্তিৰ অভিযান । অহা ৩১ মে’ৰ ভিতৰত সমগ্ৰ অসমতে আপে ১০ লাখ সদস্য ভৰ্তিৰ লক্ষ্য স্থিৰ কৰিছে । শেহতীয়াকৈ পৌৰসভা নিৰ্বাচনত কেইবাখনো আসন লাভ কৰাৰ পিছত নতুন উদ্যমেৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত কাম কাজ আৰম্ভ কৰিছে দলটোৱে । এই উদ্দেশ্যৰেই দলটোৰ ৰাজ্যিক সভাপতি ড° ভবেন চৌধুৰীৰ নেতৃত্বত অসম জুৰি চলিছে এক অভিযান । আজি লখিমপুৰত উপস্থিত হোৱা দলটোৰ সভাপতি ড° ভবেন চৌধুৰীয়ে শুকুৰবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰে এক সংবাদমেল । সংবাদমেলত তেওঁ সদৰী কৰে আগন্তুক সময়ত দলটোৱে লব লগা কাৰ্যপন্থা সম্পৰ্কে ।বিশেষকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত সবল ভাবে প্ৰতিখন পঞ্চায়তত আপে প্ৰাৰ্থী থিয় কৰাব বুলি কোৱাৰ লগতে লোকসভা নিৰ্বাচনতো প্ৰাৰ্থী থিয় কৰাব বুলি ঘোষণা কৰে । গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট উৎসাহ লাভ কৰা বুলি কয় দলৰ সভাপতি গৰাকীয়ে । ২৯ মেত অৰবিন্দ কেজৰিৱাল অসমলৈ আহিব বুলিও সদৰি কৰি তেওঁ অন্যান্য দলৰ দৰে আপে লেতেৰা ৰাজনীতি নকৰে বুলি উল্লেখ কৰি কেৱল কাম কৰাতহে আপে গুৰুত্ব দিব বুলি কয়।আনহাতে বৃহৎ নদীবান্ধৰ ক্ষেত্ৰতো বিৰোধী স্থিতি অব্যাহত থাকিব বুলি এই ক্ষেত্ৰত দলে কোনোধৰণৰ আপোচ নকৰে বুলি স্পষ্ট কৰে । ইপিনে ৰাজ্যখনত ব্যাপক ভাবে বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ ক্ষেত্ৰত জিলা জিলাই তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । সংবাদমেলত আপৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ আকাশ শৰ্মা, মাণ্ডলিক সাংগঠনিক সম্পাদক নৱজ্যোতি চেতিয়া, সংখ্যালঘু কোষৰ ৰাজ্যিক সমন্বয়ক ৰাজীৱ আহমেদ, জিলা সমন্বয়ক দেৱজিত চুতীয়া, জিলা যুটীয়া সমন্বয়ক স্বপ্না বৰুৱা, ছাত্ৰ ইউনিটৰ ৰাজ্যিক সমন্বয়ক দ্বীপজ্যোতি কুলি ,আদি উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More