৩টা বিশ্ব অভিলেখ গঢ়ি ২৫ জুনত উদ্বোধন হ’ব বাংলাদেশৰ বিশাল পদ্মা দলং

ৰজা-প্ৰজাৰ মাজত উছাহৰ পাৰ ভঙা আন্ন্দ

0 15

ঢাকা, ১৬ জুন: বাংলাদেশৰ পদ্মা নদীৰ ওপৰত এখন বিশাল দলং নিৰ্মাণ কৰি বাংলাদেশে বিশ্ববাসীক চমক খুৱাই দিছে। অহা ২৫ জুনত দলংখন উদ্বোধন হ’ব। দলংখনক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশখনতে উছাহৰ পাৰ ভঙা আন্ন্দই বিৰাজ কৰিছে। উল্লেখ্যে যে উদ্বোধনৰ লগে লগে দলংখনে ৩ টা বিশ্ব ৰেকৰ্ড কৰিব বুলি দেশখনে দাবী কৰিছে। নিজা পুঁজিৰে বাংলাদেশৰ সৰ্ববৃহৎ প্ৰকল্প এই সপোনৰ পদ্মা দলং উদ্বোধন কৰিবলৈ বাকী মাত্ৰ ৯ দিন। মুকলিৰ দিনটো ওচৰ চাপি অহাৰ লগে লগে ৰাইজৰ আনন্দ উল্লাহ বাঢ়িছে।লাখ লাখ বাঙালীৰ সপোন হিচাপে পৰিগণিত পদ্মা দলংখনৰ তিনিটা বিশ্ব অভিলেখ হ’ব এই মেগা প্ৰকল্পত ৪০টা মহলাৰ পাইলিং, ১০ হাজাৰ টনতকৈ অধিক বহন ক্ষমতা আৰু নদী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িব। সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰিলে ১২০ বছৰ আয়ুস পাব দলংখনে।পদ্মা দলঙৰ লগত জড়িত সূত্ৰ অনুসৰি, আমাজনৰ পিছতে পদ্মা নদী বিশ্বৰ দ্বিতীয় বৃহত্তম নদী। পানীৰ প্ৰবাহৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষত। এনে নৈক বশ কৰি নিজৰ ধনেৰে বাংলাদেশে এনে এটা অট্টালিকাসদৃশ দলং নিৰ্মাণ কৰিবলৈ সক্ষম হল।বহুৰূপী নদী এখনৰ তললৈ পাইলিং কৰাটো যথেষ্ট প্ৰত্যাহ্বান আছিল। প্ৰতিটো স্তম্ভৰ তলৰ মাটিৰ গঠন বেলেগ বেলেগ আছিল। শেষত ১২০ৰ পৰা ১২৮ মিটাৰ পাইলিং কৰিবলগীয়া হ’ল। পিলাৰসমূহত ১০,৫০০ টন ভৰ সহনশীল বিয়াৰিং স্থাপন কৰা হৈছে, যিটো বিশ্ব অভিলেখ। আকৌ অভিলেখ পৰিমাণৰ নদী নিয়ন্ত্ৰণ কৰি পদ্মাক দলঙৰ মাজৰ মূল সুঁতিলৈ আনিব লগা হ’ল।জনা যায় যে ছান ফ্ৰান্সিস্কোত থকা দলংখন ৬ হাজাৰৰ পৰা ৭ হাজাৰ টন সহনশীল। পদ্মা দলঙত ১০ হাজাৰ ৫০০ টন ভৰ সহনশীল। আন এক বিশ্ব অভিলেখ হ’ল ইয়াৰ দুয়োপাৰৰ ১২ কিলোমিটাৰ নদী নিয়ন্ত্ৰণৰ কাম একেটা প্ৰকল্পই সামৰি লৈছে।দেশখনৰ পথ পৰিবহণ আৰু দলং মন্ত্ৰী ওবাইদুল কোৱাডাৰে কয় যে পদ্মা দলং নিৰ্মাণত এনে কিছুমান সামগ্ৰী ব্যৱহাৰ কৰা হৈছে যিবোৰ বিশ্বৰ আন কোনো দলংত ব্যৱহাৰ কৰা হোৱা নাই। কেৱল ভূমিকম্প সহনশীল পৰীক্ষণৰ বাবে চীনৰ পৰা আমেৰিকালৈ বিমান ভাড়াৰ নামতে খৰচ হৈছিল ২ কোটি টকা। বিশ্বৰ সৰ্ববৃহৎ হাতুৰীৰে নিৰ্মাণ কৰা হৈছে এই দলংখন।দলংখনৰ স্তূপটোৰ দৈৰ্ঘ্য ১২২ মিটাৰ আৰু ইয়াৰ ব্যাস ৩ মিটাৰ। বিশ্বৰ কোনো দলঙত এনে পাইল ব্যৱহাৰ কৰা হোৱা নাই, দলংখনৰ মুঠ দৈৰ্ঘ্য ৯.৬৩ কিলোমিটাৰ। যদিও এই প্ৰকল্পৰ বাবে ৩০,১৯৩ কোটি টকা ব্যয় হৈছিল, ৰে’লৱে লাইনকে ধৰি দুমহলীয়া দলং নিৰ্মাণৰ বাবে ১২,১০০ কোটি টকা ব্যয় হৈছিল। দলংখনৰ মুঠ ৪২টা স্তম্ভ আছে। স্তম্ভৰ ওপৰত ইমান উচ্চতাত নিৰ্মাণ কৰা হৈছে যে দলংখনৰ তলত ১৮.৩ মিটাৰ উচ্চতাৰ জাহাজ সহজে পাৰ হ’ব পাৰে।পদ্মা বহুমুখী দলঙৰ প্ৰকল্প সঞ্চালক ছফিকুল ইছলামে কয় যে দলংখনৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত মই এটা গাইডলাইন বনাই দিম। সেই অনুসৰি পৰিচালিত হ’লে এই সপোনৰ ভৱনটো ১০০ বছৰতকৈও অধিক সময় স্থায়ী হ’ব।জানিব পৰা মতে, দলংখনৰ উদ্বোধনী অনুষ্ঠানক উৎসৱমুখৰ আৰু স্মৰণীয় কৰি তোলাৰ স্বাৰ্থত প্ৰশাসনৰ উপৰি ২১খন উজনি জিলাৰ সাংসদ, কেন্দ্ৰীয় আৰু স্থানীয় পৰ্যায়ৰ নেতা, আৱামি লীগৰ কৰ্মীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হৈছে। দলংখনৰ উদ্বোধনী অনুষ্ঠানত দুয়োপাৰৰ ৰাইজৰ মাজত ব্যাপক উছাহ দেখা গৈছে।আৱামি লীগৰ সভাপতি তথা প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দলৰ নেতা-কৰ্মীসকলক সাৱধান হ’বলৈ নিৰ্দেশ দিছে যাতে কোনো কাৰণত এই উৎসৱৰ আনন্দ ম্লান নহয়। জানিব পৰা মতে, যোৱা সোমবাৰে পদ্মা দলঙৰ মাৱা মূৰত পৰীক্ষামূলকভাৱে ২০৬টা লাইট জ্বলোৱা হৈছিল। ইয়াৰ পূৰ্বে দলংখনৰ ষ্ট্ৰীট লাইট জেনেৰেটৰেৰে জ্বলাই দিয়া হৈছিল।কিন্তু এইবাৰ ইয়াক পোনপটীয়াকৈ বিদ্যুৎ সংযোগৰ জৰিয়তে জ্বলাই দিয়া হৈছে। যোৱা সাত দিনত ৪১৫টা লেম্প পৰ্যায়ক্ৰমে জ্বলাই ষ্ট্ৰীট লাইটৰ পৰীক্ষামূলক কাম-কাজ সম্পূৰ্ণ কৰা হৈছে।পদ্মা দলং মুকলিৰ দিন ওচৰ চাপি অহাৰ লগে লগে নতুন সম্ভাৱনা আৰু আশা-আকাংক্ষা উন্মোচন কৰা হৈছে। কুঁৱলী, কোনো বৃহৎ ধুমুহা বা অন্য কোনো প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত পদ্মা দলংখনে মোকাবিলা কৰিব বুলি পূৰ্বানুমান কৰা হৈছে।ইয়াৰ বাবে মাৱাত এটা বতৰৰ পূৰ্বাভাস কেন্দ্ৰ আছে। দুৰ্যোগৰ দুঘণ্টা পূৰ্বেই তথ্য জানিব পৰা যাব। প্ৰকল্প সঞ্চালক ছফিকুল ইছলামে জনোৱা মতে, কোনো প্ৰাকৃতিক দুৰ্যোগৰ বহু আগতেই জাৰি কৰা হ’ব সতৰ্কবাণী। তেওঁৰ মতে, প্ৰয়োজন হ’লে দলংখনৰ ওপৰত যান-বাহন নিয়ন্ত্ৰণ কৰিব পৰা যাব। কুঁৱলীৰ বাবে যদি একো দেখা নাযায় তেন্তে কিছু সময়ৰ বাবে যাতায়াত স্থগিত ৰখা হ’ব বুলিও তেওঁ কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More