৩০ এপ্ৰিলত অসম গণিত শিক্ষায়তনৰ ৩৬ সংখ্যক অধিৱেশন

এল.টি.কে. মহাবিদ্যালয়ৰ বিশিষ্ট গণিতজ্ঞ নন্দৰাম দাস সোঁৱৰণী ক্ষেত্ৰত প্ৰস্তুতি তুংগত

0 149

 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ এপ্ৰিলঃ  অসম গণিত শিক্ষায়তনৰ ৩৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ৩০ এপ্ৰিল শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান এল.টি.কে. মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে । বিশিষ্ট গণিতজ্ঞ নন্দৰাম দাস সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’বলগা অধিৱেশনখনিৰ পতাকা উত্তোলন কৰিব অসম গণিত শিক্ষায়তনৰ সভাপতি ড॰ ৰামচন্দ্ৰ ডেকাই । পুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা ‘গণিত শিক্ষাৰ গুৰুত্ব আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিঃ ২০২০’ শীৰ্ষক আলোচনা-সত্ৰত উদ্বোধক হিচাপে উপস্থিত থাকিব লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড॰ ৰমেশ চন্দ্ৰ চুতীয়া, সঞ্চালক হিচাপে উপস্থিত থাকিব কটন কলেজৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড॰ তাৰকেশ্বৰ চৌধুৰী,আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড॰ গোপাল চন্দ্ৰ হাজৰিকা । বিয়লি ১ বজাৰ পৰা জিতেন্দ্ৰ নাথ শৰ্মাৰ সোঁৱৰণত অনুষ্ঠিত হ’ব লগা গণিত বিষয়ক আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰিব লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সুৰজিত ভূঞাই । পৰিচালক হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ক্ৰমে-ড॰ সুৰজিত বৰকটকী আৰু ড॰ অংকুৰ ভৰালী । কুইজ প্ৰতিযোগিতাখনিত বিজয়ীসকলক প্ৰথম ৫০০০ টকা, দ্বিতীয় ৩০০০ টকা আৰু তৃতীয় ২০০০ টকাৰ লগতে মানপত্ৰৰে পুৰস্কৃত কৰা হ’ব । অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ লগতে লখিমপুৰ জিলাৰ তিনিশৰো অধিক গণিত শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোত কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে  কমল বৰা, ৰাম বৰ্মন আৰু দেবেন চন্দ্ৰ দাসক গণিত বিষয়ৰ কৃতী শিক্ষক হিচাপে সম্বৰ্ধনা জনোৱা হ’ব । ইয়াৰ লগতে বিশিষ্ট শিক্ষাবিদ ড॰ মুকুন্দ ৰাজবংশী ‘লখিমপুৰৰ গণিত কাণ্ডাৰী’ আৰু ড॰ বুধিন্দ্ৰ বৰুৱাক ‘ধেমাজি জিলাৰ গণিত জনপ্ৰিয়কৰণৰ হোতা’ সন্মানেৰে সন্মানীত কৰা হ’ব । দিনজোৰা কাৰ্যসূচীৰে অধিৱেশনখনি সফল কৰি তুলিবলৈ অসম গণিত শিক্ষায়তনৰ আয়োজক সমিতিয়ে আহ্বান জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More