৩০ ছেপ্টেম্বৰত চিত্ৰগৃহত ‘ব্ৰিজ’ৰ শুভ মুক্তি

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ‘ব্ৰিজ’ৰ পৰিচালকৰ সংবাদমেল

0 19

দেশৰ শ্ৰেষ্ঠ দহখন ছবিৰ ভিতৰত ব্ৰিজ’ৰ স্থান লাভ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব্ৰিজ নামৰ অসমীয়া কথাছবি খনে৷ ইতিমধ্যে এই ছবিখনে দেশ বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ পিছত সমালোচক সকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আমাৰ এই প্ৰথম ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাব বুলি ভৱা নাছিলো৷ নতুন এটা দলক লগত লৈ সপোনৰ বাটত খোজ দিছিলো আমি৷ আমাৰ চিনেমাখনত অভিনয় কৰা কেৱল দুজন অভিনেতাৰ বাহিৰে বাকী সকলো নতুন অভিনেতা অভিনেত্ৰী৷ এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত [আই এফ এফ আই] বঁটা লাভ কৰা ছবি ‘ব্ৰিজ’ৰ পৰিচালক কৃপাল কলিতাৰ৷ IMG 20220922 WA0021নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি সন্ধিয়া অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি নবীন পৰিচালকজনে চিনেমাখনৰ সন্দৰ্ভত আৰু বহু কথাই অৱগত কৰে৷ বানপানীয়েই ছবিখনৰ মূল চৰিত্ৰ বুলি উল্লেখ কৰি বানত নাইকিয়া হোৱা এখন দলঙক লৈ আৰু কান্ধত নাঙল লৈ এগৰাকী যুৱতীয়েই ছবিৰ মূল কাহিনী বুলি উল্লেখ কৰে৷ অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হ’ব লাগে বুলি তেওঁ সজোৰে সকলোতে দাবী জনাই অহা বুলি উল্লেখ কৰাৰ লগতে নতুন চিনেমাখনত শব্দৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি কয়৷ অসমৰ মানুহৰ হৃদয়ৰ চিনেমা ‘ব্ৰিজ’ বুলি উল্লেখ কৰি এই চিনেমাখন পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰিব বুলি তেওঁ কয়৷ এই চিনেমাখনত অসমৰ গাঁও, পৰ্বত, পাহাৰ, ভৈয়াম আদিৰ মনোমোহা দৃশ্যগ্ৰহণে দেশ-বিদেশৰ বিভিন্ন লোক আৰ্কষিত কৰাৰ চেষ্টা কৰা হৈছে বুলি পৰিচালকে সদিৰ কৰে৷ উল্লেখ্য যে অহা ৩০ ছেপ্টেম্বৰত ছবিগৃহত মুক্তিপাব লগা এই চিনেমাখনে ২০২০ চনত ৫১ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰাৰ লগতে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ চিনেমাখনৰ অভিনেত্ৰী শিৱাৰাণী কলিতাই তিনিটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ উপৰি পৰিচালক কৃপাল কলিতাই দুটাকৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান লাভ কৰে৷ ছবিখনে এইপৰ্যন্ত ১৯ টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ উপৰি দেশৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত ব্ৰিজ অৱতীৰ্ণ হোৱাৰ বিষয়ে তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে ‘ব্ৰিজ’ত মূল চৰিত্ৰত শিৱাৰাণী কলিতাই অভিনয় কৰাৰ লগতে চিনেমাখনত অনিন্দিতা দাস, গোপমণি গগৈ, পাৰ্থপ্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্ম, সুৰেণ মহন্ত, ৰীণা বৰা, ৰুহিনী কুমাৰ ডেকা, দিপেন চুতীয়া, ধনজিৎ শৰ্মা, শচিন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী আদি শিল্পীসকলে বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷ উক্ত চিনেমাখন দৰ্শকে আদৰি ল’ব বুলি পৰিচালক কৃপাল কলিতা, সহকাৰী পৰিচালকদ্বয় প্ৰিয়াঞ্চি কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈয়ে আশা ব্যক্ত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More