৩২ বছৰ বয়সতে ১০খন প্রাইভেট জেটৰ গৰাকীঃ কেন্সাৰক হৰুৱাই অদম্য কণিকা !

0 131

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুন : বয়স তেতিয়া মাত্র ২২ বছৰ। ব্যৱসায়ৰ পোক সোমাল কণিকা টেকৰিৱালৰ মূৰত। যেনে ভাবনা, তেনে কাম। নামি পৰিল ব্যৱসায়ত। ব্যৱসায়টো কিহৰ? প্রাইভেট জেট বিমানৰ ! ২২ বছৰ বয়সত ষ্টার্ট-আপ ব্যৱসায়। সেয়াও আকৌ প্রাইভেট জেটৰ ! পৰিচিতসকল আচৰিত হৈছিল। কৰিছে কি ছোৱালীজনীয়ে ! তেওঁ জেটছেট-গ’ সংস্থাৰ প্রতিষ্ঠাতা। ব্যৱসায় আকাশপথত ‘গাড়ীভাৰা’ দিয়াৰ। চকমকীয়া এই তৰুণীৰ সাফল্যৰ কাহিনীয়ে চমক খুৱাই দিব আপনাকো। ইনষ্টাগ্রামত কণিকাই নিজৰ সম্পর্কে লিখিছে— ‘স্মল টাউন গার্ল’, কিন্তু স্বপ্ন আকাশৰ সমান। বাস্তৱ জীৱনতো তেওঁ তেনেকুৱাই। মাত্র ২২ বছৰ বয়সত এনে এক সাহসী ব্যৱসায়ত নামি পৰিছিল। কিন্তু সেই বছৰতেই আক্রান্ত হ’ল কেন্সাৰত। দুৰাৰোগ্য কর্কট ৰোগত ভুগিও পৰিয়ালৰ প্রায় অনিচ্ছা সত্বেও এই ব্যৱসায় আৰম্ভ কৰে কণিকাই। আচলতে দুৰোৰোগ্য অসুখত ভুগিও তেওঁ উৰিব বিচাৰিছিল। যোৱা ১০ বছৰ ব্যৱসায় কৰিছে কণিকাই। ব্যৱসায় বঢ়াই নিছে। মাত্র ৩২ বছৰ বয়সত ১০খন প্রাইভেট জেটৰ গৰাকী তেওঁ ! কণিকাৰ সংস্থাটো এনে এটা সংস্থা যি প্রাইভেট জেট আৰু হেলিকপ্টাৰ ভাৰালৈ দিয়ে। কিদৰে এনে এটা ব্যৱসায়ৰ ভাবনা মনলৈ আহিল? কণিকাৰ ভাষাৰে— ‘‘তেতিয়া মই ছাত্রী। তিনি বছৰ ধৰি নিজৰ এই ব্যৱসায়িক ভাবনাক কঢ়িয়াই ফুৰিছিলোঁ। বাৰে বাৰে ব্যৱসায়ৰ নক্সা তৈয়াৰ কৰিছিলোঁ। বাৰে বাৰে কাটিছিলোঁ।’’ কিন্তু তাৰ পিছতেই ধৰা পৰিল কেন্সাৰ। এনে এক অভিনৱ ব্যৱসায়ৰ ধাৰণাত মজি থকা তৰুণী কণিকাৰ ভাষাৰে— ‘‘মোৰ ভাগ্য ভাল যে, এনে এটা ব্যৱসায়িক ভাবনা ইয়াত আৰু কাৰোৰে মনলৈ অহা নাছিল।’’ আনকি কেন্সাৰত ভুগি থাকোতেও তেওঁৰ চিন্তা আছিল, প্রাইভেট জেটৰ ব্যৱসায়টো যেন তেওঁৰ বাদে কোনেও নকৰে। কণিকাৰ এই দৌৰ সহজ নাছিল। যাত্ৰা নিদাৰুণ কঠিন। অৱশ্যে অদম্য এই তৰুণীয়ে যি ভাবে, কৰিহে এৰে। গোড়া মাৰোৱাৰী পৰিয়ালত জন্ম হোৱা, এমবিএ পাছ কৰা কণিকাই বিচাৰিছিল অন্য ধৰণৰ কিবা এটা। এই ব্যৱসায়ত সফলতা যেনেদৰে আহিছে, বাধাও কম নাই। দেউতাকৰ ৰিয়েল ইষ্টেটৰ ব্যৱসায়। আচল ঘৰ চেন্নাইত। পঢ়া-শুনা হোষ্টেলতে। পিছত মুম্বাইলৈ আহি অর্থনীতিত স্নাতক হয়। তাৰ পিছত এটা ডিপ্লমা কৰ্চ কৰে। শেষত এমবিএ। কণিকাই জনায় যে, এই ব্যৱসায় কৰোতে বিস্তৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। প্রচুৰ দালালৰ বাধা পাইছে। কিন্তু থমকি ৰোৱা নাই তেওঁ। এই সফল ব্যৱসায়ীগৰাকীৰ ভাষাত— ‘‘আগুৱাই যাবই লাগিব। ভাবনা শানত দিয়ক। সফলতা আহিবই।’’

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More