৩৩ মাহ পঢ়াব নোৱাৰি বিবেক দংশনঃ অধ্যাপকে ঘূৰাই দিলে ২৪ লাখ টকাৰ দৰমহা

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : কৰ’নাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ আছিল বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান। প্ৰায় তিনি বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাকৈয়ে মাহৰ পিছত মাহ ধৰি দৰমহা লাভ কৰি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বিহাৰৰ মুজাফৰপুৰৰ নীতিশ্বৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক লালন কুমাৰে ব্যতিক্ৰমী আদৰ্শ দাঙি ধৰিলে যেতিয়া শিক্ষকৰ ওপৰত দোষাৰোপ কৰা হ’ল। আন শিক্ষকৰ দৰেই তেৱোঁ এই জৰুৰীকালীন অৱস্থাত শিক্ষকতা নকৰাকৈ মাহৰ পিছত মাহৰ দৰমহা লৈ আহিছিল। কিন্তু ক’ৰবাত সহকাৰী অধ্যাপক লালনৰ ‘বিবেক দংশন’ হৈছিল। আৰু সেই বিবেকৰ দংশনৰ বাবেই তেওঁ ২ বছৰ ৯ মাহৰ দৰমহা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হাতত তুলি দিলে। এই সময়ত তেওঁ লাভ কৰিছিল মুঠ দৰমহা ২৩ লাখ ৭২ হাজাৰ টকা। লালনে পঞ্জীয়কৰ হাতত তুলি দিলে টকাখিনি। এই মহানুভৱতাৰ স্বীকৃতিৰ বাবে তেওঁ সকলোৰে পৰা প্ৰশংসা লাভ কৰিছে। লালনে কয়— ‘‘ছাত্ৰ-ছাত্ৰীক পঢ়াই নোপোৱাকৈ ইমান দিনে দৰমহা লৈছোঁ। কিন্তু ক’ৰবাত এনে লাগিল যেন সেই দৰমহাটো নল’বলৈ মোৰ বিবেক বাধ্য হৈ পৰিল। অনলাইন ক্লাছ আছিল যদিও অতি কমসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। যদিহে আগন্তুক পাঁচ বছৰ কেৱল নপঢ়োৱাকৈ মাহেকীয়াকৈ দৰমহা লৈ থাকোঁ, তেন্তে মোৰ পঢ়া-শুনা হ’ব ডিঙি চেপি হত্যাৰ দৰে!” লালনে কয় যে, যেতিয়া তেওঁ মহাবিদ্যালয় কৰ্তৃপক্ষক দৰমহা ঘূৰাই দিয়াৰ প্ৰস্তাৱৰ বিষয়ে অৱগত কৰিছিল, তেতিয়া তেওঁলোক অতি আচৰিত হৈছিল। কেৱল সেয়াই নহয়, তেওঁলোকে এই টকাখিনি ল’বলৈ দ্বিধাবোধ কৰিছিল। কিন্তু লালনে তেওঁলোকক বুজাই দিলে আৰু কিয় এই দৰমহা ল’ব নিবিচাৰে সেই কথা বুজাই দিয়াৰ পিছত অৱশেষত কলেজ কৰ্তৃপক্ষ তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ সন্মত হ’ল। মহাবিদ্যালয়লৈ অহাৰ পাছৰে পৰা পঢ়া-শুনাৰ পৰিৱেশ লক্ষ্য কৰা নাই বুলি অভিযোগ কৰে অধ্যাপকগৰাকীয়ে। কেৱল সেয়াই নহয়, হিন্দী বিভাগত ১১০০ ছাত্ৰ-ছাত্ৰী থাকিলেও তেওঁলোকৰ উপস্থিতিৰ হাৰ অতি কম। যদিও অনলাইন ক্লাছ প্ৰৱৰ্তন কৰা হৈছিল, তথাপি ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰা নাছিল। সেয়ে সিহঁতক পঢ়াই নোপোৱাকৈ দৰমহা ল’ব নোৱাৰে। গতিকে তেওঁ ৩৩ মাহৰ দৰমহা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে। লালনৰ এই পদক্ষেপে বিহাৰৰ শিক্ষা খণ্ডত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে সময়তে মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ডক লৈয়ো প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। এই প্ৰসংগত নীতিশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষই কয়— “লালনে প্ৰকৃততে বদলি বিচাৰিছে। গতিকে তেওঁ দৰমহা ঘূৰাই দি মানসিক চাপৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এইটো ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ কাৰণ নহয়, বৰঞ্চ স্নাতকোত্তৰ পৰ্যায়লৈ বদলিৰ বাবেহে। ” অৱশ্যে বি আৰ আম্বেদকাৰ বিহাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে অধ্যাপকগৰাকীৰ সিদ্ধান্তক শলাগ লৈছে। তেওঁ কয়— ‘‘লালন কুমাৰে যি কৰিছে সেয়া সঁচাকৈয়ে অস্বাভাৱিক। আমি উপাচাৰ্যৰ সৈতে বিষয়টো আলোচনা কৰিম। আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ প্ৰতি সঁহাৰি জনাবলৈ কলেজ কৰ্তৃপক্ষক অনুৰোধ কৰিম।” উল্লেখ্য যে, লালনে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা হিন্দীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰাই পি এইচ ডি আৰু এমফিল লাভ কৰিছিল। তেওঁ ২০০৯ চনত নীতিশ্বৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More