৩৪০০ বছৰ প্ৰাচীন চহৰ আৱিষ্কাৰ

0 131

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুন : প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি অনুমান কৰা ইৰাকৰ এখন প্ৰাচীন চহৰ দেশখনৰ কুৰ্দিস্তান অঞ্চল কেমুনেত উদ্ধাৰ কৰা হৈছে। এই প্ৰাচীন চহৰখন হঠাৎ আৱিষ্কাৰৰ আঁৰৰ কাৰণ আচলতে খৰাঙৰ ফলত ইৰাকৰ সৰ্ববৃহৎ জলাশয়টোৰ জলস্তৰ হ্ৰাস পোৱাটোহে। ব্ৰঞ্জ যুগৰ বুলি ভবা এই বসতিস্থলটো টাইগ্ৰিছ নদীৰ এটা নিৰ্দিষ্ট অঞ্চল শুকাই যোৱাৰ পিছত পোৱা গৈছিল, যাৰ ফলত বান্ধটো পুনৰ ভৰোৱাৰ আগতেই চহৰখন খনন কৰিব পৰা গৈছিল। জাৰ্মান আৰু কুৰ্দি পুৰাতত্ত্ববিদৰ দলটোৱে উল্লেখ কৰিছে যে, এই প্ৰাচীন চহৰখন সম্ভৱতঃ মিট্টানী সাম্ৰাজ্যৰ ৰাজত্বকালত খ্ৰীষ্টপূৰ্ব ১৫৫০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১৩৫০ চনলৈকে এটা মূল কেন্দ্ৰ আছিল। প্ৰত্নতাত্ত্বিক দলটো জাৰ্মানীৰ ফ্ৰেইবাৰ্গ বিশ্ববিদ্যালয়ৰ আৰু তেওঁলোকৰ প্ৰেছ বিবৃতিত ড° ইভানা পুলজিজে (Dr Ivana Puljiz) কয়— “যিহেতু চহৰখন পোনপটীয়াকৈ টাইগ্ৰিছ নদীৰ ওপৰত অৱস্থিত আছিল, সেয়েহে ই হয়তো মিট্টানী সাম্ৰাজ্যৰ মূল অঞ্চলটোক সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিটো বৰ্তমানৰ উত্তৰ-পূব চিৰিয়াত অৱস্থিত আছিল, আৰু সাম্ৰাজ্যৰ পূব প্ৰান্তত আছিল।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More