৩৫ টকাৰ বাবে পাঁচ বছৰৰ সংগ্ৰাম, উপকৃত ২.৯৮ লক্ষ লোক

0 49

শতাব্দ বিশেষ প্ৰতিনিধি, ৩১ মে’ : মাত্ৰ ৩৫ টা টকাৰ বাবে পাঁচ বছৰৰ অবিৰাম যুঁজ-বাগৰ ! এগৰাকী উপভোক্তাৰ নিৰৱিচ্ছিন্ন সংগ্ৰামৰ বাবেই এতিয়া সুফল লাভ কৰিব ২.৯৮ লক্ষ লোকে। ঘটনাটো আছিল এনেধৰণৰ –
ৰাজস্থানৰ কোটাৰ এগৰাকী ৩০ বছৰীয়া অভিযন্তা সুজিত স্বামীয়ে কোটাৰ পৰা নতুন দিল্লীলৈ যাত্ৰা কৰিবৰ বাবে আগতীয়াকৈ আই আৰ চি টি চিৰ পৰা অনলাইন যোগে ২০১৭ চনৰ এপ্ৰিল মাহত এটা ৰে’লৱে টিকট ক্ৰয় কৰিছিল। তেওঁ যাত্ৰা কৰাৰ কথা আছিল ২০১৭ চনৰ ২ জুলাই তাৰিখে ‘গ’ল্ডেন টেম্পল মেইল’ত। কিন্তু কোনো কাৰণবশতঃ তেওঁ ভ্ৰমণ বাতিল কৰিবলগীয়া হোৱাত টিকটটো বাতিল কৰে। ৰে’লৱে কৰ্তৃপক্ষই ১০০ টকা কৰ্তন কৰি সুজিতক বাকী পৰিমাণৰ ধন ওভতাই দিয়ে। কিন্তু সুজিতৰ মতে ৰে’লৱেৰ নিয়ম অনুসৰি ৬৫ টকাহে কৰ্তন কৰিব লাগিছিল। আৰু অতিৰিক্ত ৩৫ টকা কিয় কৰ্তন কৰা হ’ল জানিবৰ বাবে তেওঁ ৰে’লৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলে। ৰে’লৱেৰ মতে এই অতিৰিক্ত ৩৫ টকা জি এছ টিৰ অধীনৰ চাৰ্ভিচ চাৰ্জ। কৰ্তৃপক্ষই সুজিতক তেওঁৰ তথ্য জনাৰ অধিকাৰ আইনৰ আৱেদনৰ উত্তৰত জনালে যে, যিসকল যাত্ৰীয়ে ২০১৭ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হোৱা জি এছ টি ব্যৱস্থা প্ৰৱৰ্তনৰ পূৰ্বে টিকট ক্ৰয় আৰু বাতিল কৰিছিল তেওঁলোকৰ পৰাও চাৰ্ভিছ চাৰ্জ আদায় কৰা হ’ব। জি এছ টি প্ৰৱৰ্তনৰ পূৰ্বে এনেদৰে চাৰ্ভিচ চাৰ্জ আদায় কৰাটো যে আইনবিৰুদ্ধ ইয়াৰ প্ৰতিবাদত সুজিত স্বামীয়ে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিত্ত, ৰে’লৱেকে ধৰি কেইবাগৰাকী মন্ত্ৰীৰ ওচৰত এই বিষয়টো যুক্তি সহকাৰে বিভিন্ন মাধ্যমেৰে উত্থাপন কৰি গৈছিল। সুজিতে জনোৱা মতে তেওঁ বিষয়টোৰ সন্দৰ্ভত কম পক্ষেও পঞ্চাছ বাৰতকৈ অধিক তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আৱেদন কৰিছিল। অৱশেষত ৰে’লৱে কৰ্তৃপক্ষই পাঁচ বছৰৰ অন্তত তেওঁৰ অকাট্য যুক্তিত সৈমান হৈ ৩৫ টকা আদায় দিবলৈ বাধ্য হ’ল। ইয়াৰ পাছতেই আই আৰ চি টি চি ৰ পক্ষৰ পৰা সুজিতক জনোৱা হ’ল যে, ৰে’লৱে ব’ৰ্ডে এই সময়ছোৱাৰ ভিতৰত এনেদৰে টিকট বাতিল কৰা প্ৰায় ২.৯৮ লাখ লোকক চাৰ্ভিচ চাৰ্জ ঘূৰাই দিবৰ বাবে ২.৪৩ কোটি টকাৰ আবণ্টন দিছে। পাঁচ বছৰৰ যুক্তিপূৰ্ণ যুদ্ধত জয়ী হৈ সুজিত স্বামীয়ে প্ৰায় তিনি লাখ লোকক ৩৫ টকাকৈ আদায় দিয়াত সফল হোৱাৰ পাছত তেওঁ ঘূৰাই পোৱা ৩৫ টকা আৰু সংগ্ৰামৰ পাঁচ বছৰত প্ৰতি বছৰে ১০০ টকাকৈ মুঠ ৫৩৫ টকা প্ৰতীকীৰূপত ‘প্ৰাইম মিনিষ্টাৰ কেয়াৰ ফাণ্ড’লৈ দান হিচাপে আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More