৩৬০০ কি:মি: অতিক্ৰমি ইৰাণত ৰাছিয়াৰ ৰে’লঃ লক্ষ্য ভাৰত

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : অৱশেষত প্ৰথমবাৰৰ বাবে বহু প্ৰত্যাশিত আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (INSTC) ব্যৱহাৰ কৰি মিত্ৰ দেশ ভাৰতৰ বাবে সামগ্ৰী কঢ়িওৱা এখন ৰাছিয়াৰ ৰে’ল ইৰাণত উপস্থিত হয়। জানিব পৰা মতে, সেই সময়ত ৰে’লখনে কাজাখস্তান আৰু তুৰ্কমেনিস্তানৰ মাজেৰে প্ৰায় ৩৬০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। ইৰাণৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি প্ৰায় ৩৯ টা মালবাহী কণ্টেইনাৰ কঢ়িয়াই অনা ৰেলখনে ১২ জুলাইত তুৰ্কমেন সীমান্তৰ চৰখাছ ষ্টেচনৰ মাজেৰে ইৰাণত প্ৰৱেশ কৰে। উল্লেখ্য যে ভাৰত, ইৰাণ, আফগানিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, ৰাছিয়া, মধ্য এছিয়া আৰু ইউৰোপলৈ সামগ্ৰী প্ৰেৰণৰ বাবে আইএনএছটিচি হৈছে ৬২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বহুমুখী পৰিবহণ প্ৰকল্প। এই প্ৰকল্পত আৰম্ভণিৰে পৰাই ভাৰতে সহযোগিতা আগবঢ়াই আহিছে। সূত্ৰ অনুসৰি, ১৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল লাইন ব্যৱহাৰ কৰি চৰখাছ ৰে’ল ষ্টেচনৰ পৰা ইৰাণৰ দক্ষিণৰ আব্বাছ বন্দৰলৈ এই চালান পৰিবহণ কৰা হ’ব আৰু সাগৰীয় পথেৰে ভাৰতলৈ প্ৰেৰণ কৰা হ’ব। ইফালে তেহৰাণ টাইমছৰ বাতৰি অনুসৰি ইৰাণৰ বিষয়াসকলে ৰে’লখনক আদৰণি জনোৱাৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত কৰে। দেশৰ পৰিবহণ, তেল, উদ্যোগ আৰু কৃষি মন্ত্ৰীৰ লগতে প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মখবৰ উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা ৮ জুলাইত ৰাছিয়াৰ চেখভ ষ্টেচনৰ পৰা ৰে’লখনে যাত্ৰা কৰিছিল। ইফালে, অহা সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইৰাণ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই প্ৰেক্ষাপটত বিশেষজ্ঞসকলৰ মতে এই ভ্ৰমণৰ আলোচনাত অঞ্চলটোত যোগাযোগ শক্তিশালী কৰাৰ বিষয়টোও আহিব পাৰে। তদুপৰি ভাৰতে সংযোগ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। কেৱল সেয়াই নহয়, ভাৰতে ইৰাণৰ সৈতে মিলি চাবাহহাৰ বন্দৰৰ উন্নয়নৰ বাবে কাম কৰি আছে। লগতে ভাৰতে এই বন্দৰটো INSTC ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More