৩৬২ ফুট উচ্চতাত বিশ্বৰ দীঘল ওলমা দলং ! ক’ত আছে জানো আহক

0 55

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’ : মাটিৰ পৰা ৩৬২ ফুট উচ্চতাত দুলিছে এখন দলং। এই দলংখনে চেক গণৰাজ্যৰ এটা শৃংগৰ পৰা আন এটা শৃংগক সংযোগ কৰিছে। যোৱা ১৩ মে’ শুকুৰবাৰে এই দলংখন জনসাধাৰণৰ বাবে মুকলি কৰা হয়। দলংখন বিশ্বৰ আটাইতকৈ দীঘল ওলমা দলং হিচাপে চিহ্নিত হৈছে। আকাশলংঘী দলংখনৰ নাম ৰখা হৈছে ‘স্কাই ব্ৰীজ ৭২১’। দলংখন নিৰ্মাণৰ বাবে চাৰি বছৰ সময় প্ৰয়োজন হৈছিল। চেক চৰকাৰে ৮৪ লাখ মাৰ্কিন ডলাৰ ব্যয় কৰিছে এইখন দলঙৰ বাবে। ৰাজধানী প্ৰাগৰ পৰা গাড়ীৰে দলংখনলৈ যাবলৈ প্ৰায় ডেৰ-দুঘণ্টা সময় প্ৰয়োজন হয়। ওলমা দলংখনৰ উচ্চতা মাটিৰ পৰা ৯৫ মিটাৰ আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ১১১০ৰ পৰা ১১১৮ মিটাৰ। দলংখন দীঘলে ৬২১ মিটাৰ আৰু বহলে ১.২ মিটাৰ। দলংখনৰ শেষত চেক গণৰাজ্যৰ ইতিহাসৰ বিষয়ে জনোৱাৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষই জনোৱা মতে, স্কাই ব্ৰীজ ৭২১ শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোক খোজকাঢ়ি যাব পৰা দলং। দলংখনত ঘূৰিব বিচাৰিলে আগতীয়াকৈ টিকট ক্ৰয় কৰিব লাগিব। প্ৰাপ্তবয়স্কৰ বাবে প্ৰতিটো টিকটৰ মূল্য ১৪.৬০ ডলাৰ। স্কাই ব্ৰীজ ৭২১ৰ পূৰ্বে বিশ্বৰ আটাইতকৈ দীঘল ওলমা দলংখন আছিল নেপালৰ ‘বাগলুং মাউণ্টেইন ফুটব্ৰীজ’। বৰ্তমান এই দলঙৰ দৈৰ্ঘ্য স্কাই ব্ৰীজতকৈ ১৫৪ মিটাৰ কম। কিন্তু বৰ্তমানলৈকে এইখন ওলমা দলঙেই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আটাইতকৈ দীঘল ওলমা দলং হিচাপে নথিভুক্ত হৈ আছে। সোনকালেই হয়তো ​​স্কাই ব্ৰীজ ৭২১ৰ নাম এই তালিকাৰ শীৰ্ষত থাকিব। স্কাই ব্ৰীজ ৭২১ উদ্বোধনৰ পিছতে অষ্ট্ৰিয়াৰ ব্লগাৰ ভিক্টোৰিয়া ফেলনাৰে ইয়াত ভ্ৰমণ কৰিছিল। সংবাদ মাধ্যমৰ আগত তেওঁ কয়— “খোজকাঢ়ি গৈ থাকোঁতে হয়তো দলংখন কঁপিব বুলি ভয় খাইছিলোঁ। কিন্তু মোৰ যাত্ৰা বেয়া নাছিল। এই যাত্ৰাত সকলো আচৰিত দৃশ্য দেখা যাব।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More