৩৭খন দেশত গৱেষণাৰ জৰিয়তে গম পোৱা গ’ল বছৰত কোনে, কিমানবাৰ চকুলো টুকে

পুৰুষ আৰু মহিলাৰ চকুলো : যেতিয়াই ‘আৱেগিক’, ‘সংবেদনশীল’, ‘আবেগপূৰ্ণ’ শব্দবোৰ উচ্চাৰণ কৰা হয়, তেতিয়াই ইয়াৰ লগত নাৰীৰ নাম জড়িত হৈ থাকে। আনহাতে, মানুহে কয়— 'লড়কে ৰ'তে নেহি' বা Boys Don't Cry...

0 71

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : যেতিয়াই ‘আৱেগিক’, ‘সংবেদনশীল’, ‘আবেগপূৰ্ণ’ শব্দবোৰ উচ্চাৰণ কৰা হয়, তেতিয়াই তাৰ লগত নাৰীৰ নাম জড়িত হৈ থাকে। যিকোনো চিনেমাৰ দৃশ্য তুলি লওক— দেখিব যে মহিলা চৰিত্ৰবোৰৰেই চকুতেই আটাইতকৈ বেছি চকুলো। বাস্তৱত অৱশ্যে এই পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন নহয়। বাস্তৱ জীৱনতো ছোৱালীৰ চকুত পানী বেছি। গৱেষণাৰ পৰাও এই কথা প্ৰমাণিত হৈছে। গৱেষকৰ মতে, এগৰাকী মহিলাই বছৰত ৩০ৰ পৰা ৬৪ বাৰ কান্দে। পুৰুষৰ ক্ষেত্ৰত এই সংখ্যা কিমান জানেনে? মানুহে কয়, ‘লড়কে ৰ’তে নেহি’ বা Boys don’t cry। এক অধ্যয়নে এই কথা প্ৰমাণ কৰিলে। এজন পুৰুষে বছৰত ৫ৰ পৰা ১৭ বাৰ কান্দে। মহিলাৰ তুলনাত এই সংখ্যা নগণ্য। অৱশ্যেই এয়া এক আশ্চৰ্যজনক সত্য। ‘ক্ৰছ-কালচাৰেল ৰিচাৰ্চ’ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি মহিলাসকলে বছৰি ৩০ৰ পৰা ৬৪ বাৰ কান্দে, আনহাতে পুৰুষে বছৰি ৫ৰ পৰা ১৭ বাৰ চকুলো টুকে। আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনে এই প্ৰসংগত এক প্ৰতিবেদন প্ৰকাশ কৰিছে। ৩৭খন দেশৰ ৭ হাজাৰ প্ৰাপ্তবয়স্ক লোকৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল। তাৰ পৰাই মহিলা আৰু পুৰুষৰ কান্দোনৰ এই অনুপাত চৰ্চালৈ আহে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পুৰুষ মহিলাতকৈ কম সংবেদনশীল নে তেওঁলোক অনুভৱ প্ৰকাশ কৰিবলৈ অক্ষম? বিজ্ঞানে কয় যে এই দুয়োটাৰ কোনোটোৱেই নহয়। পুৰুষ আৰু মহিলাৰ মানসিকতা বেলেগ বেলেগ। পুৰুষ আৰু মহিলাৰ শাৰীৰিক আৰু মানসিক গঠনৰ পাৰ্থক্যই কান্দোনৰ প্ৰধান কাৰণ। ১৯৬০ চনত প্ৰকাশিত এক গৱেষণা পত্ৰৰ পৰা জনা যায় যে মহিলা আৰু পুৰুষৰ চকুলোৰ নলীৰ গঠন বেলেগ বেলেগ। পুৰুষৰ চকুৰ নলীৰ দৈৰ্ঘ্য আৰু গভীৰতা বেছি। তেওঁলোকৰ চকুপানী চকুৰ পতালৈ আহিলেও সোনকালে গালৰ তললৈ ওলাই নাযায়। আনহাতে মহিলাৰ চকুলোৰ নলীবোৰ সংকীৰ্ণ আৰু অগভীৰ। ফলত চকুপানী ধৰি ৰাখিব নোৱাৰে। বিশেষজ্ঞসকলৰ মতে, পুৰুষ আৰু মহিলাৰ মাজত কান্দোনৰ এই অনুপাত জৈৱিক, মানসিক আৰু সামাজিক-সাংস্কৃতিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে— মহিলাসকলে সঘনাই হতাশা আৰু উদ্বেগত ভুগিবলগীয়া হয়। কেতিয়াবা ‘ফিল-গুড’ হৰম’নবোৰো কান্দোনৰ লগত জড়িত হৈ থাকে। তদুপৰি যিহেতু ‘লড়কে ৰ’তে নেহি’ বোলা প্ৰায়ে শুনা যায়, গতিকে মানুহ হিচাপে মুকলিকৈ কন্দাতো ‘নিষেধ’। এই ‘নিষেধ’ আচলতে পিতৃতান্ত্রিক সমাজৰ নিৰ্মাণ। ছোৱালীতকৈ কম বয়সীয়া ল’ৰাবোৰ সংবেদনশীল বুলি বহু প্ৰমাণ পোৱা গৈছে। গতিকে, পুৰুষতকৈ মহিলাক সকলো দিশতে দুৰ্বল বুলি ক’ব নোৱাৰি। কান্দোনৰ অনুপাতত যেনেকৈ পাৰ্থক্য আছে, ঠিক সেইদৰে মানুহৰ কান্দোনৰ বাবে কোনটো কাৰণ দায়ী সেইটোও সঠিকভাৱে কোৱাটো অতি কঠিন।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More