৪৬ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগে ৫ ঘণ্টা, দেশৰ আটাইতকৈ লেহেমীয়া ৰে’ল যাত্ৰাৰ সবিশেষ

ভাৰতৰ আটাইতকৈ লেহেমীয়া গতিত যাত্ৰা কৰা ৰে'ল : কাছৰ গতিৰে চলা এই ৰে'লগাড়ীখনতকৈ বেছি বেগেৰে চাইকেল চলোৱাৰ দৰে অনুভৱ হ’ব। মাত্ৰ ৪৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লাগে প্ৰায় ৫ ঘণ্টা সময়।

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ডিচেম্বৰ : দেশৰ অধিকাংশ অঞ্চলত বহু লোকে ভাৰতীয় ৰে’লৱে ব্যৱহাৰ কৰি এঠাইৰ পৰা আন ঠাইলৈ যায়। কম খৰচ আৰু কম সময়ত যাত্ৰাৰ বাবে ভাৰতীয় ৰে’ল সৰ্বোত্তম বুলিব পাৰি। সেইবাবেই ভাৰতীয় ৰে’লৱেক লাইফলাইন বুলিও কোৱা হয়। এনে কিছুমান ৰে’ল আছে, যিবোৰৰ গতিবেগ দেখি বহু লোক আচৰিত হয়। সেয়ে গন্তব্যস্থানত উপনীত হ’বলৈ এক্সপ্ৰেছ ৰে’ল বাছি লয় বহু লোকে। ভাৰতীয় ৰে’লৱেত ঘণ্টাত ১৮০ কিলোমিটাৰ অতিক্ৰম কৰা ৰে’ল আছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে, ৪৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৰে’লত ৫ ঘণ্টা সময় লাগে? হয়, ভাৰতৰ আটাইতকৈ লেহেমীয়া ৰে’লৰ কথাই ক’ব বিচাৰিছোঁ।

Train on Nilgiri Railway Track

ভাৰতত দ্ৰুতগতিত চলা ৰে’লৰ লগতে লেহেমীয়া গতিৰ ৰে’ল আছে। কাছৰ বেগেৰে গতি কৰা এই ৰে’লখনক দেখিলে এনে লাগিব যেন আপুনি ইয়াতকৈ বেছি বেগেৰে চাইকেল চলাই যাব পাৰে। মাত্ৰ ৪৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ৫ ঘণ্টা সময় লাগে। এই ৰে’লখন দৈনিক এটা পথত চলি থাকে। যাত্ৰীৰ সংখ্যাও যথেষ্ট ভাল। এই ট্ৰেইনখনৰ নাম কি, কোনটো পথত চলাচল কৰে, জানো আহক।

nilgiri mountain railway travel stories

নীলগিৰি মাউণ্টেইন ৰে’লৱেই তামিলনাডুত এটা পথ পৰিচালনা কৰে। এই ৰে’লখনক নীলগিৰি পেচেঞ্জাৰ বুলিও কোৱা হয়। এই নীলগিৰি পেচেঞ্জাৰ তামিলনাডুৰ মেট্টুপালায়মৰ পৰা উটিলৈ যায়। চিমলা বা দাৰ্জিলিঙৰ টয়ট্ৰেইনৰ দৰেই জনপ্ৰিয় নীলগিৰি পেচেঞ্জাৰ। তামিলনাডুৰ মেট্টুপালায়মৰ পৰা উটিলৈ এই পথটো মাত্ৰ ৪৬ কিলোমিটাৰ। সেই পথত নীলগিৰি পেচেঞ্জাৰ যাবলৈ পাঁচ ঘণ্টা সময় লাগে। নীলগিৰি মাউণ্টেইন ৰে’লৱেৰ উচ্চতা ১০৬৯ ফুটৰ পৰা ৭,২২৮ ফুটলৈ উঠিব লগা হয়। সেইবাবেই ৰে’লখন লাহে লাহে চলিব লগা হয়।

Coonoor Blue Heritage

ঘণ্টাত মাত্ৰ ১০ কিলোমিটাৰ বেগত চলে নীলগিৰি পেচেঞ্জাৰ। এই ৰে’লপথটো আন সকলো ৰে’লপথতকৈ অধিক ধুনীয়া। তামিলনাডুৰ মেট্টুপালায়মৰ পৰা উটিলৈ যোৱা এই পথটো ঠেক পাহাৰেৰে আবৃত। ৰে’লখন যিমান পাৰি লাহে লাহে চলাই বহুলাংশে দুৰ্গম পাহাৰীয়া ভূখণ্ড অতিক্ৰম কৰা হয়। কিন্তু এই লেহেমীয়াত মনোমুগ্ধকৰ দৃশ্য উপভোগ কৰিব পাৰি। আৰু এইটোৱেই পৰ্যটকক আকৰ্ষণ কৰে।

Landscape from Nilgiri Mountain Railway

এই ৰে’লখনে মাত্ৰ ১২ কিলোমিটাৰ বেগত ৪,৩৬৩ ফুট উচ্চতালৈ আৰোহণ কৰে। নীলগিৰি মাউণ্টেইন ৰে’লৱে মেট্টুপালায়মৰ পৰা নীলগিৰি পাহাৰৰ ঢাল, ঘন সেউজীয়া অৰণ্য, অন্ধকাৰ সুৰংগ, সেউজীয়া চাহ বাগিচা আদিৰ মাজেৰে উটিলৈ যায়। দক্ষিণ ভাৰতৰ জনপ্ৰিয় পৰ্যটনস্থলী যেনে কুন্নুৰ, ৱেলিংটন, লাভডেল আৰু উটাকামুণ্ড এই ৰে’লখনৰ যাত্ৰাপথত পৰে। এই ৰেলখনে পশ্চিম ঘাটৰ কুঁৱলীৰ মাজেৰে নিজৰ বেগেৰে উটি অভিমুখে গতি কৰে।

the nilgiri mountain railway 1653904574 84809f233f1427c72f7d

নীলগিৰি পেচেঞ্জাৰৰ ইতিহাস ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে জড়িত। এই ৰে’লখন ১৮৫৪ চনত চলোৱাৰ কথা ভবা হৈছিল। এই পথটো নিৰ্মাণৰ কাম আৰম্ভ হয় ১৮৯১ চনৰ পৰা আৰু ১৯০৮ চনত প্ৰথম নীলগিৰি পেচেঞ্জাৰ চলোৱা হয়। নীলগিৰি পেচেঞ্জাৰে এতিয়া ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More