৪ বিলিয়ন হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য ফাদিল! আপোনাৰ নামো আছে নেকি সেইসকলৰ মাজত…

বিক্ৰেতাই দাবী কৰিছে যে এই নম্বৰসমূহ মেটা মালিকানাধীন প্লেটফৰ্মৰ সক্ৰিয় ব্যৱহাৰকাৰীৰ। কিন্তু তেওঁ এই ডাটাবেছ কেনেকৈ লাভ কৰিলে সেই বিষয়ে উল্লেখ কৰা হোৱা নাই। বিক্ৰেতাজনে কয় যে এই তথ্য সংগ্ৰহ কৰিবলৈ তেওঁলোকে ‘নিজৰ কৌশল ব্যৱহাৰ কৰিছিল’। ডাটা ভংগৰ বাবে মেটা আৰু ইয়াৰ প্লেটফৰ্মসমূহে শিৰোনাম দখল কৰাটো প্ৰথম নহয়। যোৱা বছৰ আন এজনে ৫০ কোটিতকৈ অধিক ফেচবুক ব্যৱহাৰকাৰীৰ তথ্য বিনামূলীয়াকৈ অনলাইনত প্ৰকাশ কৰিছিল।

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : প্ৰায় ৪০৮ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন নম্বৰ অনলাইনত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে। এইটো এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ ডাটা ভংগ বুলি ধাৰণা কৰা হৈছে। চাইবাৰ নিউজৰ এক প্ৰতিবেদন অনুসৰি এজনে হেকিং কমিউনিটি ফ’ৰামত এটা বিজ্ঞাপন পোষ্ট কৰি ৪৮৭ মিলিয়ন হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰৰ ২০২২ চনৰ ডাটাবেছ বিক্ৰী কৰা বুলি দাবী কৰিছিল। এই ডাটাবেছত আমেৰিকা, ব্ৰিটেইন, ইজিপ্ত, ইটালী, চৌদি আৰব আনকি ভাৰতকে ধৰি ৮৪খন ভিন্ন দেশৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰা হৈছে। এই তথ্য বেছিভাগেই আক্ৰমণকাৰীয়ে ফিছিং আক্ৰমণৰ বাবে ব্যৱহাৰ কৰে। গতিকে হোৱাটছএপ ব্যৱহাৰকাৰীসকলক অচিনাকি নম্বৰৰ পৰা অহা ফোন আৰু মেছেজৰ উত্তৰ নিদিয়াৰ পৰামৰ্শ দিয়া হৈছে।

1842180

WhatsApp Dataset বিক্ৰী হৈছে

ভাবুকি দিয়াজনে দাবী কৰে যে এই ডাটা ছেটত ৩ কোটি ২০ লাখ আমেৰিকান ব্যৱহাৰকাৰীৰ ৰেকৰ্ড আছে। একেদৰে ইজিপ্তত আক্ৰান্ত ব্যৱহাৰকাৰীৰ সংখ্যা ৪.৫ কোটি, ইটালীত ৩.৫ কোটি, চৌদি আৰৱত ২.৯ কোটি, ফ্ৰান্সত ২ কোটি আৰু তুৰস্কত ২ কোটি। অভিযোগ অনুসৰি এই ডাটাবেছত প্ৰায় এক কোটি ৰাছিয়ান আৰু ১ কোটি ১০ লাখ ব্ৰিটিছ নাগৰিকৰ ফোন নম্বৰ আছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাবুকি দিয়াজনে আমেৰিকাৰ ডাটাছেট ৭০০০ ডলাৰ (প্ৰায় ৫,৭১,৬৯০ টকা)ত বিক্ৰী কৰিছে। আনহাতে ব্ৰিটেইন আৰু জাৰ্মানীৰ বাবে ডাটাছেটৰ মূল্য ক্ৰমে ২,৫০০ ডলাৰ (প্ৰায় ২,০৪,১৭৫ টকা) আৰু ২০০০ ডলাৰ (প্ৰায় ১,৬৩,৩৪০ টকা)।

whatsapp data leak

বিক্ৰেতাৰ দাবী অনুমানমূলক বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰায়েই অনলাইন পোষ্ট কৰা বিশাল ডাটা ছেটবোৰ স্ক্ৰেপ কৰি হোৱাটছএপৰ সেৱাৰ চৰ্ত উলংঘা কৰি পোৱা যায়। যদিও বিক্ৰেতাই দাবী কৰে যে এই সকলোবোৰ নম্বৰ মেটা মালিকানাধীন প্লেটফৰ্মৰ সক্ৰিয় ব্যৱহাৰকাৰী। কিন্তু তেওঁ এই ডাটাবেছ কেনেকৈ লাভ কৰিলে সেই বিষয়ে উল্লেখ কৰা হোৱা নাই। বিক্ৰেতাজনে কয় যে এই তথ্য সংগ্ৰহ কৰিবলৈ তেওঁলোকে ‘নিজৰ কৌশল ব্যৱহাৰ কৰিছিল। ডাটা ভংগৰ বাবে মেটা আৰু ইয়াৰ প্লেটফৰ্মসমূহে শিৰোনাম দখল কৰা এইটোৱেই প্ৰথম ঘটনা নহয়। যোৱা বছৰ আন এজনে ৫০ কোটিতকৈ অধিক ফেচবুক ব্যৱহাৰকাৰীৰ তথ্য বিনামূলীয়াকৈ অনলাইনত প্ৰকাশ কৰিছিল। খবৰ অনুসৰি ফাদিল হোৱা তথ্যত ফোন নম্বৰ আৰু অন্যান্য তথ্য সন্নিবিষ্ট কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More