৫০০ কোটি টকীয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিৰাল ফাট : প্রতিক্রিয়া

0 17

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ মেঃ লখিমপুৰত প্ৰায় দুমাহ পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এতিয়া বৃহৎ বৃহৎ ফাট মেলিছে। ৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে গৌতম কনষ্ট্রাকচনে নিৰ্মাণ কৰি উলিওৱা চিকিৎসা মহাবিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক ভৱনত এতিয়া এনে ফাট দেখিবলৈ পোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ মূল ভৱনৰ লগতে প্রশাসনিক ভৱন, ছাত্রীনিবাস, জৰুৰীকালিন সেৱা আদি সকলোবোৰ ভৱনত তলৰ পৰা ওপৰলৈ দেৱাল সমূহত চিৰাল ফাট দিয়া কাৰ্যই গৌতম কনষ্ট্রাকচনৰ কামৰ নমুনা উদঙাই দিছে। ইফালে চিকিৎসালয়খনত এনেদৰে ফাট মেলা সন্দৰ্ভত ভৱন নিৰ্মাণৰ তদাৰকৰ দায়িত্বত থকা পূৰ্বৰ গড়কাপ্তানী গৃহ বিভাগ তথা বর্তমান লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰানাধিৰঞ্জন পালৰ পৰা জানিব বিচৰাত তেওঁ কয় যে বালিৰ বাবেই চিকিৎসালয়খনত এনেদৰে ফাট মেলিছে। কার্যবাহী অভিযন্তাজনৰ মতে ভৱন নিৰ্মাণৰ সময়ত বেয়া বালি ব্যৱহাৰ কৰাৰ ফলতে এনে বিসংগতিৰ সৃষ্টি হৈছে। অৱশ্যে এই ফাটসমূহ মেৰামতি কৰি দিব বুলিও তেওঁ কয়। আনহাতে ভৱন নির্মাণত জড়িত গৌতম কনষ্ট্ৰাকচনৰ দত্ত উপাধিৰ বিষয়াজনেএই সন্দৰ্ভত কয় যে ৰঙা ইটাৰ বিপৰীতে চিচি ব্লক ব্যৱহাৰ কৰাৰ বাবেই চিকিৎসালয়খনত এনেদৰে ফাট মেলিছে আৰু এই ফাটসমূহ হেয়াৰ কেগ ৰিপিয়াৰৰ জৰিয়তে পুনৰ সঠিক ভাৱে নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব। অৱশ্যে ইয়াৰ বাবে যথেষ্ট ধনৰ প্রয়োজন হ’ব বুলিও তেওঁ কয়। যোৱা ১৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে শুভ উদ্বোধন কৰা উত্তৰ অসমৰ এই গুৰুত্বপূৰ্ণ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনত এতিয়া বৃহৎ বৃহৎ ফাট মেলা কাৰ্যই সমগ্ৰ লখিমপুৰত ব্যাপক প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত লোকনির্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সঠিক তদাৰকীৰ হেমাহীৰ বাবেই এনে বিসংগতি সৃষ্টি হোৱা বুলি চৰ্চিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More