৫৩ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ “হাতীবন্ধু”

এইবছৰ ভাৰতীয় পেনোৰামা লৈ নিৰ্বাচিত একমাত্ৰ ছবি

0 16

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২২ অক্টোবৰ : দেশৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ “হাতী বন্ধু” । অহা নবেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা গোৱাত এই মহোৎসৱ অনুষ্ঠিত হ’ব। ইতিমধ্যে হাতী বন্ধু তথ্য চিত্ৰখন বিশ্বৰ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ সুখ্যাতি অৰ্জন কৰিছে। মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-MIFF, কেৰালাৰ আন্তৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ-IDSFFK , লণ্ডন ইণ্ডিয়া ফিল্ম ফেষ্টিভেল-LIFF, ৰাছিয়াৰ কাজান ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেল আদি উল্লেখযোগ্য। এই তথ্যচিত্ৰখনৰ মূল বিষয় হ’ল হাতী মানুহৰ সংঘাত ।এই সংঘাত বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা।এই সংঘাতৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এটা নিয়মীয়া ঘটনাত পৰিগণিত হৈছে। এনে এক জীয়া সমস্যাৰ পোনপ্ৰথমবাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞাৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাতৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱা দেখা গৈছে। এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ “হাতী বন্ধু”।IMG 20221022 WA0057 অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত হাতী বন্ধুৰ ইংৰাজী ত নাম ৰখা হৈছে Friends of Elephant.
“ব্ৰিজ” চিনেমাখনেৰে ৰাষ্ট্ৰীয়-আন্তৰাষ্টীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতাই হাতী বন্ধু ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে সবিতা দেবীয়ে। হাতী বন্ধুৰ ইংৰাজী ধাৰা বিবৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই আৰু নয়ন প্ৰসাদে অসমীয়াত ধাৰা বিবৰণী দিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভা। মুম্বাইৰ কেনেৰিজ প’ষ্ট ছাউণ্ড ষ্টুডিঅ’ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে। সম্পাদনা কৃপাল কলিতা, ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ কাশ্যপ । শব্দ গ্ৰহন গুনজীৎ শৰ্মা। এনিমেছন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ। উল্লেখযোগ্য যে হাতী বন্ধুৰ পূৰ্বে কৃপাল কলিতাৰ “ব্ৰিজ” চিনেমাখনো এই মহোৎসৱলৈ নিৰ্বাচিত হৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More