৫৪ লাখ টকা উপার্জনৰ সুযোগ দিছে NASAইঃ আজিয়েই কৰক পঞ্জীয়ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ মে’ : National Aeronautics and Space Administration (NASA)ই এইবাৰ বিৰাট সুযোগ লৈ আহিছে সকলোৰে বাবে। জনা গৈছে যে, সম্প্রতি NASA-ৰ তৰফৰ পৰা এক নতুন চেলেঞ্জ আৰম্ভ কৰা হৈছে। য’ত এই মার্কিন মহাকাশ গবেষণা সংস্থাই যিজন ব্যক্তিয়ে মঙ্গল গ্রহৰ চিমুলেছন সৃষ্টি কৰিব পাৰিব তেনে ব্যক্তিক ৭০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ৫৪ লাখ টকা) পুৰস্কাৰ দিব। এই চিমুলেছন প্রস্তুত কৰাৰ কাৰণ হ’ল মঙ্গল গ্রহৰ প্রতিটো পৰিস্থিতিৰ বাবে মহাকাশযাত্রীসকলক প্রস্তুত কৰা। চেলেঞ্জটোৰ নাম দিয়া হৈছে MarsXR। ইয়াত অংশগ্রহণকাৰীসকলে মঙ্গল গ্রহত আৱিষ্কৃত প্রায় ৪০০ বর্গকিলোমিটাৰ এলেকাৰ এক চিমুলেছন তৈয়াৰ কৰিব লাগিব।
- এপিক গেমছৰ লগত NASAৰ অংশীদাৰিত্ব
এই প্রসঙ্গত এক অফিচিয়েল বিবৃতিত NASAই জনাইছে যে, মঙ্গল গ্রহৰ অভিজ্ঞতা আৰু অৱস্থাৰ বাবে মহাকাশচাৰীসকলক প্রস্তুত কৰিবলৈ সহায় কৰাৰ বাবে এক ৰিচার্চ, ডেভেলপমেন্ট আৰু টেষ্টিং এনভাইৰনমেন্ট সৃষ্টি কৰিবলৈ এমাৰছিভ টেকন’লজি ডেভেলপাৰ এপিক গেমছৰ লগত অংশীদাৰিত্ব কৰা হৈছে। NASAই এই চেলেঞ্জৰ বিজয়ীক ৭০,০০০ ডলাৰ পুৰষ্কাৰ দিব। এই চেলেঞ্জত অংশগ্রহণৰ শেষ তাৰিখ হ’ল ২৬ জুলাই। ইয়াত অংশগ্রহণ কৰিবলৈ ইচ্ছুক প্রার্থীসকলে ৱেবছাইটত পঞ্জীয়ন কৰিব লাগিব।
- ইঞ্জিন ৫-ৰ বাবে কাম কৰিব লাগিব
NASA MarsXR চেলেঞ্জৰ বাবে ডেভেলপাৰসকলৰ এপিক গেমছৰ ‘আনৰিয়েল ইঞ্জিন ৫’ ব্যৱহাৰ কৰি MarsXR অপাৰেছন চাপর্ট চিষ্টেম (XOSS) এনভাইৰনমেন্টেৰ বাবে নতুন অভিজ্ঞতা আৰু পৰিস্থিতি সৃষ্টি কৰিব লাগিব। প্রসঙ্গক্ৰমে উল্লেখ্য যে, ইঞ্জিন ৫-ক কোৱা হয় বিশ্বৰ সকলোতকৈ উন্মুক্ত আৰু উন্নত ৰিয়েল-টাইম 3D টুল।
- চাৰিটা পুৰস্কাৰ থাকিব
জনা গৈছে যে, এই চেলেঞ্জৰ মুঠ মূল্য হ’ল ৭০ হাজাৰ ডলাৰ, যি মূলতঃ কুৰিজন স্বতন্ত্র বিজয়ীৰ মাজত ভাগ কৰা হ’ব। NASA-ৰ তৰফৰ পৰা জনোৱা হৈছে যে, উল্লিখিত প্রতিটো বিভাগত চাৰিটা পুৰস্কাৰ থাকিব আৰু সম্মিলিত বিভাগত বিজয়ীয়ে ৬,০০০ ডলাৰৰ (প্রায় ৪.৬২ লাখ টকা) অর্থ পুৰস্কাৰ বাবদ পাব। এই প্রসঙ্গত কোম্পানীৰ প্রেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, একেজনেই প্রতিটো বিভাগত একাধিক ছাবমিচন জমা দিব পাৰিব।