৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ

0 16

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্বতাৰোহণৰ নবীন প্ৰশিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰ৷ উত্তৰ পূবৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই প্ৰতি বছৰে ৰাজ্যত পৰ্বতাৰোহণৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত এটা বাৰ্ষিক শীতকালীন শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰি আহিছে৷ এই শিৱিৰত শৈলাৰোহণ আৰু পৰ্বতাৰোহণৰ বিভিন্ন দিশৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হয়৷ প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰশিক্ষণ শিৱিৰত শৈলাৰোহণ, হাইকিং, ৰেপেলিং, ছিংগল্‌ ৰ’প ব্ৰীজ টেকনিক, লেডাৰ ক্লাইম্বিং এণ্ড ক্ৰ’চিং, চিমনী ক্লাইম্বিং, ৱাটাৰফল্‌ ক্লাইম্বিং, ডেল্টা ক্ৰ’চিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷ প্ৰশিক্ষণৰ অংশ হিচাপে নাইট কেম্পিঙৰ অভিজ্ঞতাও দিয়া হ’ব প্ৰশিক্ষাৰ্থীসকলক৷ চলিত বৰ্ষৰ ৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ ডিচেম্বৰ মাহৰ অন্তিম দেওবাৰপৰ্যন্ত প্ৰতি দেওবাৰে (৪, ১০, ১১, ১৮ আৰু ২৫ ডিচেম্বৰ) অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত ১৪ বছৰৰ উৰ্ধৰ ৭০ জনতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে৷ গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখৰ বাকৰিত আজি পুৱা অনুষ্ঠিত এই বছৰৰ প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক অন্তৰা গগৈ আৰু সহকাৰী সঞ্চালক নৱদীপ বসুমতাৰীয়ে৷ সন্থাৰ সভাপতি ড॰ দেৱেন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত প্ৰৱীণ পৰ্বতাৰোহী বীৰেণ দাস, ৰাজেন গৌতম, পাৰ্বতী প্ৰসাদ গৌতম, সত্যেন শৰ্মা, দীনেশ চন্দ্ৰ দাস, অৱনীতা বৰুৱা ভূঞা, অৰ্চনা ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক বেদব্ৰত মিশ্ৰ, পুলিন সাহা আদি উপস্থিত থাকে বুলি সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাই জানিবলৈ দিয়ে৷ 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More