৫ অক্টোবৰ-অসম পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া দিৱস
ৰুবী বৰা
আমাৰ চকুত কল্পনাৰ ৰং, বীৰৰ দৰে ওলাই যাম,
শিখৰ আৰোহণ কৰি বীৰৰ দৰে উভতি আহিম।
অসমত এডভেন্সাৰিজিমৰ নতুন দিগন্ত মুকলি হ’ব।
কথাষাৰ কোৱাৰ লগতে তাক হাতে কামে কৰি নিজৰ আদৰ্শৰে হাজাৰজনক অনুপ্ৰাণিত কৰি হিমালয়ৰ বুকুতে নিজক বিলীন কৰি দিয়া ৰোহিনী কুমাৰ ভূঞাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৬ অক্টোবৰত গুৱাহাটীত। বিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা নৈ, পাহাৰ পৰ্বতৰ প্ৰতি আকৃষ্ট হোৱা ল’ৰাজনে আজৰি সময় পালেই ককায়েক নতুবা বন্ধুবৰ্গৰ সৈতে গুৱাহাটীৰ সমীপৱৰ্তী পাহাৰৰ বুকুত মুক্ত মনে বিচৰণ কৰি ফুৰিছিলগৈ।
১৯৫৩ চনৰ মে’ মাহৰ ২৯ তাৰিখে টেনজিং নৰগে’ আৰু এডমাণ্ড হিলাৰীয়ে এভাৰেষ্ট আৰোহণ কৰাৰ বাতৰিয়ে যেতিয়া বিশ্বজুৰি খলকনি তুলিছিল অসমৰ এই যুৱকজনৰ চকুতো সপোনে দোলা দিছিলহি, শুকুলা বৰফেৰে আবৃত পাহাৰবোৰে হাত বাউলি মাতিছিল। সেই আহ্বানক সহাঁৰি জনাই পাহাৰৰ বুকুত নিজকে একাত্ম কৰাৰ পথ কোনফালে তাৰেই সন্ধানত ব্যস্ত হৈ পৰিছিল। পৰ্বতাৰোহনৰ তথ্য সম্বলিত বাতৰি, কিতাপ বিচাৰি চলাথ কৰিছিল, পুথিভঁৰালত যি দুই এখন পাইছিল তাকে পঢ়িছিল। কিন্তু তেওঁ সেই পথৰ সন্ধান পাবলৈ সময় লাগিছিল।
১৯৬৬ চনত দাৰ্জিলিঙত অৱস্থিত হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউটৰ পৰা উচ্চ পৰ্যায়ৰ পাৰদৰ্শিতাৰে তেওঁ পৰ্বতাৰোহনৰ বেচিক আৰু এড্ভান্স প্ৰশিক্ষণ সমাপ্ত কৰিছিল। প্ৰশিক্ষণ শেষ কৰি গুৱাহাটীলৈ ঘূৰি আহি তেওঁ ভাৱিব ধৰিলে এতিয়া কি কৰা যায়! প্ৰশিক্ষণ লৈ বহি থাকিলেতো নহ’ব আগুৱাই যাব লাগিব। তেওঁৰ সপোনৰ সমান্তৰালকৈ আহি পৰিল এটা ক্লাৱ গঠন কৰাৰ প্ৰয়োজনীয়তা। বহু ব্যক্তিৰ কাষলৈ গৈ তেওঁ বিমুখ হৈ উভতিব লগা হ’ল। কিন্তু কটন কলেজৰ সেই সময়ৰ অধ্যাপক খেলা ধুলাৰ লগত জড়িত অত্যুৎসাহী ব্যক্তি ডি.চি. মহন্ত দেৱে তেওঁক যথেষ্ট উৎসাহ দিলে আৰু তেওঁক পৰামৰ্শ দিলে যে ক্লাৱ এটা গঠন কৰাটো অত্যন্ত দৰকাৰী, ইয়াৰ জৰিয়তে নতুন প্ৰজন্মকো আগুৱাই নিব পৰা হ’ব। যিহেতু এই বিষয়ক এইটো প্ৰথম ক্লাৱ হ’ব গতিকে গোটেই অসমক সামৰি ৰাজ্যিক পৰ্যায়ত গঠন কৰাতো ভাল হ’ব। আৰু সেই সিদ্ধান্তমৰ্মেই ১৯৬৮ চনত জন্ম হ’ল ’অসম পৰ্বতাৰোহন সন্থা’ৰ। প্ৰতিষ্ঠাপক সম্পাদক হ’ল ৰোহিনী কুমাৰ ভূঞা আৰু সভাপতি হিচাপে থাকিল ডি.চি. মহন্ত। সন্থাৰ তৰফৰ পৰা ইটোৰ পিছত সিটোকৈ বিভিন্ন কাৰ্য্যসূচী হাতত লোৱা হ’ল। দুঃসাহসিক ক্ৰীড়া শিবিৰ, শৈলাৰোহণ প্ৰশিক্ষণ আদি আয়োজন কৰা হ’ল।১৯৭০ চনত বন্ধু অতনু প্ৰসাদ বৰুৱাৰ সন্থালৈ আগমন ঘটিল। পূৰ্ণোদ্যমে চলি থকা বিভিন্ন অনুষ্ঠানৰ আঁত ধৰি আয়জন কৰা হ’ল এক পূৰ্ণপৰ্য্যায়ৰ পৰ্বতাৰোহণ অভিযানৰ। এইবাৰ অসম পৰ্বতাৰোহণ সন্থাৰ লক্ষ্য হ’ল গাড়োৱাল হিমালয়ত অৱস্থিত বেথাৰতলী(২০,৮৪০ ফুট), বেথাৰতলী দক্ষিণ(২০,৯২০ ফুট) আৰু মৃগথুনি(২২,৪৯০ ফুট)শৃংগ আৰোহণ। ১৯৭০ চনৰ ছেপ্তেম্বৰত যাত্ৰা আৰম্ভ হ’ল আৰু ২৭ ছেপ্তেম্বৰত বেথাৰতলী দক্ষিণ আৰু ৫ অক্টোবৰত দলটোৱে মৃগথুনি শৃংগ সফলতাৰে আৰোহন কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম শৃংগ আৰোহণ কৰা বিজয়ী দলটোৰ সদস্য সকল আছিল ৰোহিনী কুমাৰ ভূঞা, খগেন্দ্ৰ নাথ বৰা, অজিত কুমাৰ শৰ্মা, ভগত সিং আৰু চিকিৎসক হিচাপে আছিল ডা. প্ৰেম জন চেৰিয়ান। অখ্যাত পাহাৰবলীয়া মানুহবোৰ বিখ্যাত হৈ পৰিল। ’নতুন অসমীয়া’ কাকতত ৰোহিনী কুমাৰ ভূঞাই ’বেথাৰতলী অভিযাত্ৰীৰ কাহিনী’ হিচাপে নিজৰ অভিজ্ঞতা লিখিছিল পিছলৈ বানী প্ৰকাশনে ’বেথাৰতলী-মৃগথুনী‘ নামেৰে কিতাপ আকাৰে প্ৰকাশ কৰে।
১৯৭২ চনত ভাৰতৰ তৃতীয় উচ্চতম শৃংগ ’কামেট’(২৫,৪৪৭ ফুট) অভিযানলৈ যায় যদিও প্ৰতিকূল বতৰৰ বাবে চামিটলৈ ৩০০ ফুট দুৰত্ব থকা অৱস্থাত উভতি আহিব লগীয়া হয়। প্ৰায়ভাগ পৰ্বতাৰোহীৰ বাবে সপোনৰ শিখৰ, যাক ’জ্বলন্ত শিখৰ’ নামেৰে অভিহিত কৰা হৈছে, সেই বহু প্ৰত্যাশিত শিখৰলৈ বাকী থকা ৩০০ ফুট দুৰত্বই তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। তাৰ পৰা আহি তেওঁ লিখা ’কামেট সুন্দৰ কামেট’ শীৰ্ষক লিখনিত সেই কথা স্পষ্ট হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ পিছতো ১৯৯১ চনত সেয়ে তেওঁৰ স্মৃতিতে কামেটলৈ অভিযানৰ আয়োজন কৰা হৈছিল যদিও সেইবাৰো বতৰে বাধা দিয়াৰ অভিযান অসফল হৈয়ে ৰ’ল। কিন্তু ১৯৯৭ চনত ৰোহিনী ভূঞাৰ সপোনৰ শিখৰত অসমে নাম লিখিবলৈ সক্ষম হয়। দলনেতা মঃ মামুন ৰচিদৰ তত্বাৱধানত জয়ন্ত ৰয়, মানস বৰুৱা, উপেন চক্ৰৱৰ্তী, প্ৰতুল চন্দ্ৰ দাস, দিগন্ত ৰয় আৰু অপূৰ্ব বোস দলটি কামেট অভিমুখে যায় আৰু সফল হৈ আহে।
১৯৭৩ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্বতাৰোহী সন্মিলনত অংশ লোৱাৰ সুবিধা পায়, যিয়েই তেওঁক আৰু বহুগুণে উৎসাহিত কৰে। দেশ বিদেশৰ পৰা অহা নামজ্বলা পৰ্বতাৰোহীসকলৰ সংস্পৰ্শ পায় তেওঁৰ মনৰ জুই দুগুণে জ্বলি উঠে।
পাহাৰত নিজকে সকলোফালৰ পৰা সক্ৰিয় কৰি তুলিবলৈ তেওঁ স্কী (ski) শিক্ষাও গ্ৰহন কৰিছিল। ১৯৭৪ চনত তেওঁ ৱেষ্টাৰ্ণ হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউটৰ পৰা স্কী প্ৰশিক্ষণ লয়।
১৯৭৭ চনত বিবাহপাশত আৱদ্ধ হয়। পত্নী ইলা ভূঞাকো তেওঁ পাহাৰৰ মনোৰম কাহিনীৰে পাহাৰৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। পত্নীৰ বাঢ়ি অহা উৎসাহ দেখি কৈছিল ’তোমাক ট্ৰেইনিং দি মোৰ লগত পৰ্বত বগাবলৈ লৈ যাম।’
১৯৭৮ চনত দিল্লীৰ চেইন্ট ষ্টিফেন্স হাইকিং ক্লাৱৰ এক অভিযানত অতিথি সদস্য হিচাপে আমন্ত্ৰিত হয় আৰু গাড়োৱাল হিমালয়ৰ বান্দৰপুঞ্চ(২০,৭২০ ফুট) শৃংগ সফলতাৰে আৰোহন কৰে।
এবাৰ দাৰ্জিলিঙৰ হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউটত পত্নীৰ সৈতে পৰ্বতাৰোহণ সম্বন্ধীয় এখন তথ্যচিত্ৰ চাই থাকোতে এটা দৃশ্যত বৰফৰ ধুমুহাই পৰ্বতাৰোহীকেইজনক বিপদত পেলাইছিল। সেই দৃশ্য দেখি তেওঁৰ পত্নীয়ে বৰ ভয় খাইছিল তেতিয়া তেওঁ পত্নীক অভয় দি কৈছিল, ”সেয়া চিনেমাহে, সত্য নহয় নহয়”। কিন্তু চিনেমাৰ সেই দৃশ্যৰ দৰে বৰফৰ ধুমুহাতেই বাস্তৱ জীৱনত তেওঁ বুকুত অনেক সপোন সাৱতি চিৰদিনলৈ শুই পৰিল হিমালয়ৰ শীতল কোলাত।
১৯৭৯ চনত কেডাৰনাথ ডোম(২২,৪১০ ফুট) অভিযানত সফলতাৰে শিখৰ আৰোহণ কৰি নামি আহি থাকোতে দুজন শ্বেৰ্পাৰ সৈতে বৰফৰ ধুমুহাৰ কৱলত পৰে। একেবাৰে তললৈ গতি কৰা উষ্ণতা আৰু কেওফালে শূন্য দৃশ্যমান(visibility) অৱস্থাত তললৈ বহি দি নিজক ৰক্ষা কৰাৰ বাদে অন্য গত্যন্তৰ নাছিল। প্ৰায় আধা ঘন্টাৰ পিছত পৰিস্থিতি কিছু পৰিমানে শাম কাটিছিল আৰু শ্বেৰ্পাকেইজন তললৈ নামিবলৈ সাজু হৈছিল, তেওঁকো কৈছিল উঠি খোজ আগবঢ়াবলৈ, কিন্তু তেওঁৰ পৰা কোনো ধৰণৰ সঁহাৰি নপায় ওচৰ চাপি আহি দেখে যে তেওঁ ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিছে। সেই ধুমুহাৰ মাজত তেওঁৰ মৃত শৰীৰ তললৈ অনাটো সম্ভৱ নাছিল, গতিকে বৰফতে গাঁত খান্দি তাতে শুৱাই এজন পৰ্বতাৰোহীক যিদৰে শেষ সন্মান জনোৱা হয় সকলোখিনি কৰি থৈ আহে।
সেই বিশেষ দিনটো আছিল ৫ অক্টোবৰ। অসমক পৰ্বতাৰোহণৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ পৃথিৱীখনৰ সৈতে চিনাকী কৰায় দি নিজৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি যোৱা মহান ব্যক্তিজনৰ স্মৃতিতে ২০১২ চনৰ পৰা এই বিশেষ দিনটো ’পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া দিৱস, অসম’ (Mountaineering and Adventure Sports Day, Assam)হিচাপে পালন কৰা হয়। অসম ৰাজ্যিক চিৰিয়াখানাৰ পিছফালে থকা শৈল ক্ষেত্ৰখনো তেখেতৰ নামেৰেই (‘R.K. Bhuyan Memorial Rock Field) নামকৰণ কৰা হৈছে য’ত অসম পৰ্বতাৰোহণ সন্থাই উঠি অহা প্ৰজন্মক শৈলাৰোহণৰ প্ৰশিক্ষণ দি ৰোহিনী কুমাৰ ভূঞাৰ সপোন সাৰ্থক কৰি আহিছে।সৌভাগ্যক্ৰমে আমিও এই ঠাইত প্ৰশিক্ষণ লৈছো আৰু পৰ্বতাৰোহণৰ পৃথিৱীখনত এখুজি দুখুজিকৈ আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত ৰাখিছো। আশা কৰোঁ তেওঁ আমাক সকলোকে নেদেখা পৃথিৱীখনৰ পৰাই আশীৰ্বাদ কৰি যাব, অসমত পৰ্বতাৰোহণৰ লগতে দুঃসাহসিক ক্ৰীড়াই ব্যাপক সমাদৰ লাভ কৰিব আৰু সফলো হ’ব।