৫ দিন পূৰ্বে মৰমৰ আইতাকক হেৰুৱা তিনিচুকীয়াৰ চেৰী উজলিল কলা শাখাৰ প্ৰথম স্থানত

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী তিনিচুকীয়াৰ স্বনামধন্য ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁয়ে কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে । IMG 20220627 114708কৃতি ছাত্ৰীগৰাকী হৈছে তিনিচুকীয়াৰ লাইপুলি অঞ্চলৰ কাপ্টানচুক নিবাসী কৰ বিভাগৰ কৰ্মচাৰী প্ৰবীন গোহাঁই আৰু মৃদুলা ৰাজখোৱা গোহাঁইৰ জ্যেষ্ঠ সন্তান তথা একমাত্ৰ কন্যা । চেৰীয়ে সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । সময় কমবেছি হ’লেও নিতৌ পঢ়াশুনা কৰি সদায় অধ্যয়নৰ ধাৰাবাহিকতা বজাই ৰখা চেৰীয়ে অৱশ্যে আশা কৰা নাছিল ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিব বুলি । নিজৰ সফলতাৰ ক্ষেত্ৰত পিতৃমাতৃ, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষীসকলৰ অৱদানৰ কথা আন্তৰিকতাৰে সোঁৱৰণ কৰা কৃতি ছাত্ৰীগৰাকীৰ ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ মন । অৱশ্যে অসামৰিক সেৱাৰ প্ৰতিও তেওঁৰ আগ্ৰহ থকা বুলি চেৰীয়ে কয় । সদ্যহতে অধ্যয়নৰ বাবে অসমৰ বাহিৰলৈ যোৱাৰ পৰিকল্পনা নাই বুলি সদৰি কৰা ছাত্ৰীগৰাকীয়ে কয় যে একাগ্ৰতাৰে অধ্যয়ন কৰিলে ভাল ফলাফল আশা কৰিব পাৰি । কিন্তু চেৰীৰ সাফল্যৰ আনন্দোল্লাসৰ মাজতো তেওঁৰ ঘৰত আজি বিৰাজ কৰে এক বিশাদগ্ৰস্ত পৰিৱেশে । কিয়নো মাথোঁ ৫ দিন পূৰ্বে চেৰীয়ে হেৰুৱাইছে মৰমৰ আইতাকক । নাতিনীয়েকক সদায় প্ৰথম স্থান লাভ কৰিবলৈ অনুপ্ৰেৰণা যোগাই অহাৰ লগতে তাইৰ পৰীক্ষাৰ ফলাফলক লৈ যথেষ্ট আশাবাদী আইতাকক চেৰীৰ এই কৃতিত্বৰ বতৰা ল’বলৈ মাত্ৰ ৫ টা দিনৰো সময় নিদিলে নিষ্ঠুৰ নিয়তিয়ে । তাকে সোঁৱৰি আজি সাংবাদিকৰ আগত কান্দোনত ভাগি পৰে চেৰীৰ মাতৃ । উল্লেখ্য যে আজি পুৱা ছাত্ৰীগৰাকী মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পাছত ৱিমেনজ কলেজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । মহাবিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰীবৃন্দৰ লগতে তিনিচুকীয়া প্ৰেছ ক্লাব, তিনিচুকীয়াৰ পৌৰপতি জয়ন্ত বৰুৱাৰ উপৰি বিভিন্নজনে তিনিচুকীয়াবাসীক গৌৰাৱাম্বিত কৰি তোলা ছাত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । ৱিমেনজ কলেজৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈয়ে কয় যে নিজৰ মেধা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে চেৰীয়ে মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । কৃতি ছাত্ৰীগৰাকীক লৈ এক শোভাযাত্ৰাও বাহিৰ কৰা হয় । উল্লেখ্য যে তিনিচুকীয়াৰ স্বনামধন্য ৱিমেনজ কলেজৰ পৰা কলা শাখাত ইয়াৰ পূৰ্বে ১৯৮৫ চনত সুমিতা খৈতান, ১৯৯২ চনত ঋৃতু আগৰৱালা আৰু ১৯৯৭ চনত লুইজী বৰকাকতিয়ে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰাৰ লগতে মহাবিদ্যালয়খনৰ গৌৰৱময় ইতিহাসত বহুকেইগৰাকী ছাত্ৰীয়ে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More