৫ মাহত বিশ্বজুৰি বিমান যাত্ৰাৰ অভিলেখ কিশোৰৰ

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্ট : ব্ৰিটিছ-বেলজিয়ামৰ কিশোৰ মেক ৰাদাৰফৰ্ডে ৫ মাহৰ ভিতৰত বিমানযোগে বিশ্ব ভ্ৰমণ কৰিলে। ফলত তেওঁ বিশ্ব ভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৩০ খন দেশৰ মাজেৰে ৫৪,১২৪ কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত ১৭ বছৰীয়া মেকে বুলগেৰিয়াৰ ৰাজধানী ছফিয়াত অৱতৰণ কৰে। ২৩ মাৰ্চত মেকে চাৰ্ক এৰোৰ মাইক্ৰ’লাইট বিমানত উঠি একেটা ঠাইলৈ ৰাওনা হয়। কিন্তু তেওঁৰ বিশ্ব ভ্ৰমণ একেবাৰেই মসৃণ নাছিল। প্ৰতিকূল বতৰৰ উপৰি তেওঁ বিভিন্ন আমোলাতান্ত্ৰিক জটিলতাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। মেকৰ ভাষাত— “এটা সময়ত কথাবোৰ এনে এটা পৰ্যায় পালেগৈ যে মই ভ্ৰমণটো শেষ কৰিব নোৱাৰিম যেন লাগিছিল। তাৰ পিছতো মই হাৰ নামানিলোঁ।” ইতিমধ্যে মেকে দুটা অভিলেখ ভংগ কৰিছে। তাৰে এটা নিজৰ আইতাকে কৰিছিল। মেকৰ ভাষাত— “মই আশা কৰাতকৈ অলপ বেছি সময় লাগিল। কিন্তু গোটেই ভ্ৰমণটো যথেষ্ট ৰোমাঞ্চকৰ আছিল। কিন্তু সেই সকলোবোৰ ছাহাৰা মৰুভূমিৰ পৰা গ্ৰীণলেণ্ড আৰু আইচলেণ্ডৰ ওপৰেৰে উৰি যোৱাৰ মৰমলগা স্মৃতিয়ে ছাঁ পেলাইছে।” বাটত তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উদাহৰণস্বৰূপে, বেয়া বতৰত ১০ ঘণ্টা ধৰি প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উৰা মাৰি আমেৰিকাৰ জনবসতিহীন দ্বীপ আট্টুত অৱতৰণ কৰা। চুডানত তীব্ৰ উত্তাপত তেওঁৰ বিমানৰ ছ’লাৰ পেনেল ভাঙি যায়। বাৰিষাৰ সময়ত ভাৰতৰ ওপৰেৰে উৰি যোৱাৰ সময়ত মূল ইন্ধনৰ টেংকিয়ে পানী পায়। কিন্তু এই সকলোবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ মেক বিমানযোগে বিশ্ব ভ্ৰমণ কৰাত সফল হৈছে। ট্ৰেভিছ লুডল’ৱে যোৱা বছৰ মেকৰ পূৰ্বে ১৮ বছৰ বয়সত বিশ্ব ভ্ৰমণ কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁৰ আইতাক জাৰা ৰাদাৰফৰ্ড বিশ্ব ভ্ৰমণ সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে পৰিগণিত হৈছিল। কিন্তু এতিয়াৰ বাবে মেকে কোনো নতুন অভিলেখ ভংগ কৰাৰ লক্ষ্য লোৱা নাই। তেওঁ আকৌ স্কুললৈ গৈ আকৌ পঢ়া আৰম্ভ কৰিব খুজিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More