৬, ৭ জুলাইত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ অধিৱেশনৰ আয়োজন

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জুলাইঃ ১৯৮৯ চনত স্থাপিত উত্তৰ অসমৰ অন্যতম শক্তিশালী সংগঠন নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি বাৰ্ষিক অধিৱেশনখনি অহা ৬ আৰু ৭ জুলাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। প্ৰথম দিনা পুৱা ৯ বজাত ক্লাবৰ সভাপতি কুমুদ বৰুৱাই পতাকা উত্তোলন কৰাৰ পিছতে ৯.৩০ বজাত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি টুটুমণি ফুকনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰিব। মুখ্যমন্ত্ৰীৰ আনটাইড পুঁজিৰে ক্লাবৰ দ্বিতীয় মহলাত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটি ১০.৩০ বজাত উদঘাটন কৰিব বিধাযক মানৱ ডেকাই। দুপৰীয়া ১১ বজাত প্ৰাক্তন আৰু জ্যেষ্ঠ সাংবাদিকৰ মাজত অনুষ্ঠিত হ’ব অন্তৰংগ আলাপ। সন্ধ্যা ৭ বজাত প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব। ৭ জুলাইত বিয়লি ১ বজাত লখিমপুৰৰ তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতীয়ে মূল সভা উদ্বোধন কৰাৰ পিছতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা একাংশ ব্যক্তিক ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। মূল সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। নিৰ্দিষ্ট বক্তা হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট আইনজীৱী শান্তনু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ ৰূপে সন্মানিত দেৱজিৎ ফুকন, বিশিষ্ট কণ্ঠশিল্পী ড°শংকৰ পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More