৭১ৰ পিছৰ বিদেশীৰ স্থান নাই অসমত : খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত নহ’লে অসম ৰসাতলে যাব–বিৰিঞ্চি শৰ্মা

নাৰায়ণপুৰত শ্বহীদ সমন্বয়ৰক্ষী পৰিয়াল পৰিষদৰ একাদশ পূৰ্ণাংগ অধিবেশন

0 43

নাৰায়ণপুৰ, ২৬ মাৰ্চঃ জননী জন্মভূমি স্বৰ্গীদপী গৰিয়সী।অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংবিধানৰ ৬ নং দফাৰ সফল ৰূপায়ণ হ’ব লাগিব।১৯৭১চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰে অসমত থকাৰ অধিকাৰ নাই। এই বক্তব্য সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মাৰ। লখিমপুৰ আৰু ধেমাজি জিলাৰ উদ্যোগত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সাতবাৰ বাকৰিত আয়োজিত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় পূৰ্ণাঙ্গ অধিৱেশনখনৰ দ্বিতীয় দিনাৰ মুকলি অধিৱেশনত এই বক্তব্য ৰাখে উপদেষ্টা গৰাকীয়ে। চৰকাৰখনে শ্বহীদ পৰিয়ালৰ প্ৰতি দেখুওৱা হেমাহি আৰু অমনোযোগিতাকে প্ৰমূখ্য কৰি সাম্প্ৰতিক সময়ৰ বিভিন্ন ঘটনা প্ৰৱাহৰ ওপৰত আলোকপাত কৰি আজিৰ মুকলি সভাত বিভিন্নজন বক্তাই মুকলি বিষোদগাৰ প্ৰকাশ কৰে। অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈকে প্ৰমূখ্য কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰাতুল বৰগোহাঁই আদিয়েও শ্বহীসকলৰ প্ৰতি চৰকাৰৰ আৰু জনসাধাৰণৰ অমনোযোগিতা আৰু ন্যায্য অধিকাৰ ওপৰত বক্তব্য ৰাখে।পুৱা ৯ বজাত কাৰ্যসূচী আৰম্ভ হয় বন্তি প্ৰজ্বলনেৰে।অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে উন্মোচন কৰে সোৱণশিৰিয়া কবিখ্যাত ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ ক্ৰমে জংকি পানেই দেশৰ কবিতা আৰু মোৰ কবিতা পৃথিৱীৰ কবিতা। ইয়াৰ পিছতেই গীতাৰ্থ গোস্বামীয়ে বৰ্ণিল শোভাযাত্ৰাৰ শুভাৰম্ভণী কৰে।প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ ৰেহৰূপ প্ৰদৰ্শিত হোৱা শোভাযাত্ৰাৰ পিছতেই আৰম্ভ হয় মুকলি সভাখন। ৰাজেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত উদ্বোধন কৰে বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভুঞাই। লুৰীণজ্যোতি গগৈকে প‌্ৰমূখ‌্য কৰি ভালেকেইখন বক্তাৰ উপস্থিতত প্ৰেমানন্দ তালুকদাৰ সম্পাদিত স্মৃতিগ্ৰন্থ “চেতনাৰ অগনি” উন্মোচন কৰে ৰাতুল বৰগোহাঁয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More