৭১ কোটিৰো অধিক মূল্যত বিক্ৰী হ’ল মাৰাডোনাৰ জাৰ্চি

মৃত্যুৰ পিছতো মাৰাডোনাই লিখিছে অভিলেখৰ লহৰ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মে’ : নতুন ৰেকর্ড গঢ়িলে ডিয়েগ’ মাৰাডোনাই (Diego Maradona)। এই ৰেকর্ড তেওঁৰ জনপ্রিয়তাৰ সাক্ষী। ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে বিতর্কিত Hand of God গ’ল কৰিছিল তেওঁ। সেইটো গ’ল কৰাৰ সময়ত তেওঁ যিটো জাৰ্চি পিন্ধিছিল সেইটোৱেই ৭.১ মিলিয়ন পাউণ্ড (৯.৩ মিলিয়ন ডলাৰত) বিক্রী হৈছে। খেলাৰ স্মৃতিচিহ্ন নীলামত সর্বোচ্চ মূল্যত বিক্রী হোৱা এই জাৰ্চিটোৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ৭১ কোটি, ১৬ লাখ, ৬৬ হাজাৰ ৬৯০ টকা। ৪ মে’ত সম্পন্ন হোৱা এক অনলাইন নীলামত জাৰ্চিটো বিক্রী কৰিছে নিলামকাৰী সংস্থা Sotheby’s-এ। অৱশ্যে এই জাৰ্চিৰ ক্রেতাৰ পৰিচয় এতিয়াও ৰাজহুৱা কৰা হোৱা নাই। Mexico Cityত ২২ জুন, ১৯৮৬ চনৰ কোৱার্টাৰ-ফাইনেল খেলত মাৰাডোনাই দুটা গ’ল কৰিছিল। ইংলেণ্ড আৰু আৰ্জেন্টিনাৰ মাজত Falkland Islands সংক্রান্তীয় যুদ্ধৰ মাত্র চাৰি বছৰ পিছত এই খেলাত হাৰ মানিছিল ইংলেণ্ডে। কোৱা হয় খেলখনত মাৰাডোনাৰ প্ৰথমটো গ’ল আছিল হেডাৰ। কিন্তু বলটো তেওঁৰ হাতৰ মুঠিত লাগি বাউন্স হৈহে গ’লপষ্টৰ মাজেৰে গৈছিল। ৰেফাৰিৰ চকুত ধৰা পৰা নাছিল এই ঘটনা। মাৰাডোনাই পৰৱর্তী কালত কয় যে, এই গ’লটো হৈছে আধা মাৰাডোনাৰ মূৰ আৰু আধা ঈশ্বৰৰ হাতেৰে। মাৰাডোনাই তেওঁৰ দ্বিতীয়টো গ’ল কৰাৰ সময়ত গ’লৰক্ষক পিটাৰ শ্বিলটন (Peter Shilton)ক পৰাভূত কৰাৰ আগেয়ে প্রায় গোটেইটো ইংৰাজ দলক অকলেই ড্রিবল কৰি পাৰ হৈ আহিছিল গ’লৰ মুখলৈ। ২০০২ চনত এই গ’লটো Goal of the Century নির্বাচিত হৈছিল। খেলৰ পিছত ইংলেণ্ডৰ মিডফিল্ডাৰ ষ্টীভ হগ (Steve Hodge)ৰ লগত জাৰ্চি সলনি কৰে মাৰাডোনাই। ষ্টীভ হগে এইটো বিক্রী কৰাৰ পূৰ্বে মানচেষ্টাৰস্থিত ইংলেণ্ডৰ জাতীয় ফুটবল যাদুঘৰত বহুদিন ধাৰ হিচাবে ৰাখিবলৈ দিছিল। আধুনিক অলিম্পিক আন্দোলনৰ সূচনাকাৰী ইস্তাহাৰৰ বাবে ২০১৯ চনৰ ডিচেম্বৰত হোৱা নীলামত Sports memorial হিচাবে উক্ত জাৰ্চিটো প্ৰথমবাৰলৈ ৮.৮ মিলিয়ন ডলাৰৰ ৰেকর্ড মূল্যত বিক্রী হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More