৮০ বছৰীয়া অপেক্ষাৰ অন্তত শেষকৃত্য

পাৰ্ল হাৰ্বাৰত নিহত এজন জোৱানৰ কাহিনী

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ বিশ্বই সন্মুখীন হোৱা ট্ৰেজেডীৰ বৰ্ণনা সহজ নহয়। ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ প্ৰথম বিশ্বযুদ্ধ চলিছিল। বিশ্বৰ ৪ কোটি লোক এই যুদ্ধৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও প্ৰকৃততে এই সংখ্যা বহু বেছি। প্ৰথম বিশ্বযুদ্ধৰ সমাধানৰ পূৰ্বে ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধ ১৯৪৫ চনলৈকে চলিছিল। এই দ্বিতীয় বিশ্বযুদ্ধত ১৯৪১ চনৰ ৭ ডিচেম্বৰত আমেৰিকাৰ ওপৰত এক বিপজ্জনক আক্ৰমণ হৈছিল। এই আক্ৰমণক পাৰ্ল হাৰ্বাৰ আক্ৰমণ বুলি জনা যায়। আমেৰিকাত এই আক্ৰমণৰ আঁৰত আছিল জাপান। এই ঘটনা আজি পুনৰ চৰ্চিত হৈছে। কাৰণ পাৰ্ল হাৰ্বাৰত সংঘটিত আক্ৰমণত নিহত হোৱাসকলৰ পৰিচয়ৰ ওপৰত এতিয়াও কাম চলি আছে। এই আক্ৰমণত নিহত হোৱা ব্যক্তিৰ পৰিচয় এতিয়া পোহৰলৈ আহিছে।

* কি হ’ল?
পাৰ্ল হাৰ্বাৰত সংঘটিত আক্ৰমণত নিহত হোৱা লোকসকলৰ মৃতদেহ চিনাক্ত কৰিবলৈ দশক দশক সময় লাগিছে। এই কামৰ অংশ হিচাপে এই আক্ৰমণত মৃত্যু হোৱা এজন ২১ বছৰীয়া জোৱানৰ মৃতদেহ চিনাক্ত কৰা হৈছে। উল্লেখ্য যে পাৰ্ল হাৰ্বাৰৰ কাণ্ডৰ প্ৰায় ৮০ বছৰ পাৰ হৈ গ’ল। মৃত জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল; যিজন আমেৰিকাৰ নৌসেনাত কৰ্মৰত আছিল। তেওঁৰ নাম হাৰ্বাৰ্ট ‘বাৰ্ট’ জেকবছন। পাৰ্ল হাৰ্বাৰ আক্ৰমণৰ পিছত আমেৰিকায়ো দ্বিতীয় বিশ্বযুদ্ধত যোগদান কৰে। জাপানৰ এই আক্ৰমণত শ শ আমেৰিকান নাৱিক আৰু মেৰিন নিহত হৈছিল।

* কি ক’লে পৰিয়ালে?
জেকবছনৰ পৰিয়ালে ৮০ বছৰ অপেক্ষা কৰিছিল অন্ত্যেষ্টিক্ৰিয়াৰ বাবে। তেওঁৰ পৰিয়ালে জেকবছনৰ বিষয়ে জানিছিল যদিও তেওঁক কেতিয়াও লগ পোৱা নাছিল। জেকবছনৰ ভতিজা ব্ৰেড মেকড’নাল্ডে কয়— ‘’তেওঁৰ লগত যি হ’ল সেয়া একপ্ৰকাৰৰ সমাধান নোহোৱা ৰহস্য আছিল কিন্তু এতিয়া আমি জানো।’’ দীৰ্ঘদিন ধৰি তেওঁক সন্ধানহীন বুলি তালিকাভুক্ত কৰা হৈছিল। জেকবছনক আৰ্লিংটন নেচনেল কবৰস্থানত শেষকৃত্য সম্পন্ন কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More