৮২ বছৰীয়া অসমীয়া লেখকৰ ব্যতিক্ৰমধৰ্মী ইংৰাজী গ্ৰন্থ প্ৰকাশ

1 63

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুনঃ এজন ৮২ বছৰীয়া ব্যক্তি। এই বয়সত তেখেতে লিখি উলিয়াইছে এখন ব্যতিক্ৰমধৰ্মী কিতাপ।আশ্বিনী বৰুৱা, ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে শেহতীয়াকৈ লিখা LIFE LIKE THAT tales of facts and fiction নামৰ ইংৰাজী ভাষাৰ কিতাপখন যোৱা মে’ মাহৰ ৩১ তাৰিখে দিল্লীৰ এক প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰিছে।IMG 20220602 WA0008 e1654264433201 আকাশবাণীত চাকৰি কৰা সূত্ৰে দেশৰ ভিন্ন প্ৰান্তত কাৰ্যনিৰ্বাহ কৰা বৰুৱাই সঞ্চিত কৰা প্ৰচুৰ অভিজ্ঞতাৰ ভিত্তিত লিখিছে কিতাপখন। ইংৰাজীতে গল্প আৰু ব্যক্তিগত কৰ্মজীৱনৰ অভিজ্ঞতা (abecdotes) বৰ্ণনৰ সংমিশ্ৰণৰ এনে বিষয়ৰ কিতাপ প্ৰকাশ অসমত সম্ভৱতঃ এয়ে প্ৰথম । গ্ৰন্থখনৰ পাতনি লেখিছে উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী প্ৰফেছৰ ডক্টৰ হলধৰ পাণ্ডাই । কিতাপখনৰ বেটুপাতত আছে এজোপা শুকান বৃক্ষ। উল্লেখ্য যে গছজোপা প্ৰকৃতিৰ পৰা তুলি অনা হৈছে । এই গছজোপা আছে গুৱাহাটীৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাওঁতে, উদ্যানখন পাবলৈ দহ কিলোমিটাৰমান থকা অৱস্থাত ৰাজপথৰ সোঁ ফালে দেখা পোৱা যায়। যদি গছজোপা কাটি পেলোৱা নাই তেন্তে পাঠকে সেই পথেৰে গলে গছজোপা দেখা পাব । ছবিৰ এই শুকান গছজোপা এতিয়া গ্ৰন্থৰ জৰিয়তে বিখ্যাত হোৱাৰ পথত । প্ৰশাসনে গছজোপা সংৰক্ষণ কৰিব পাৰে বা কৰা উচিৎ বুলি লেখকে আহ্বান জনাইছে । অসমীয়া জ্যেষ্ঠ-সাংবাদিক অশ্বিনী বৰুৱাৰ নৱতম ইংৰাজী গ্ৰন্থখনৰ প্ৰকাশক ব্লু ৰ’জ, দিল্লী/লণ্ডন । আমাজনত উপলদ্ধ কিতাপখনৰ দাম দুশ বিছ টকা।

১ টা মন্তব্য
  1. Avatar of লোহিত ডেকা
    লোহিত ডেকা says

    কিতাপখন পঢ়িমেই ৷ অশ্বিনীদাৰ কাহিনী কোৱাৰ দক্ষতাৰ কথা জানো ৷ তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনা নিশ্চয় মনোমোহা হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More