৮৩ বছৰতো দুৰ্দান্ত জাপানৰ কেনিচি হ’ৰি

অকলে নাৱেৰে পাৰ হ'ল প্ৰশান্ত মহাসাগৰ

0 26
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুনঃ যোৱা ৪ জুন, শনিবাৰে পুৱা প্ৰশান্ত মহাসাগৰৰ সিপাৰৰ পৰা এককভাৱে, একেৰাহে ভ্ৰমণ কৰি জাপানত উপস্থিত হয় এজন ৮৩ বছৰীয়া নাৱৰীয়া (yachtsman)। তেওঁ এই কৃতিত্ব অৰ্জন কৰা এতিয়ালৈকে আটাইতকৈ বয়সস্থ ব্যক্তি হিচাপে পৰিগণিত হৈছে। বিখ্যাত সাগৰীয় দুঃসাহসিক অভিযাত্ৰী কেনিচি হ’ৰি (Kenichi Horie) পশ্চিম জাপানৰ ওচৰৰ কিই (Kii) জলদ্বীপত উপস্থিত হোৱাৰ ফলত মাৰ্চ মাহত ছান ফ্ৰান্সিস্কোৰ ইয়ট বন্দৰৰ পৰা আৰম্ভ হোৱা দুমাহৰ ভ্ৰমণৰ সামৰণি পৰে। ১৯৬২ চনত ২৩ বছৰ বয়সত জাপানৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যাত্ৰা কৰি প্ৰশান্ত মহাসাগৰ পাৰ হৈ অকলে জাহাজ চলোৱা বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হোৱা জাপানী অভিযাত্ৰীগৰাকীৰ এইটোৱেই হ’ল শেহতীয়া সাগৰীয় কৃতিত্ব। তেওঁৰ শেহতীয়া যাত্ৰা সম্পৰ্কে জনসংযোগ ৰক্ষাকাৰী দলটোৱে কয় যে, যোৱা ৪ জুনত জাপানলৈ উভতি অহা কেনিচি হ’ৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰখনত একক আৰু অবিৰামভাৱে পাৰ হোৱা বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি। যোৱা ৩ জুনত হ’ৰিয়ে তেওঁৰ ব্লগত লিখিছিল- “মই ‘ফিনিচিং লাইন’ পাৰ হ’বলৈ ওলাইছোঁ।” ১৯৬২ চনত তেওঁ এককভাৱে প্ৰশান্ত মহাসাগৰ পাৰ হোৱাটোৱে সংবাদ শিৰোনাম দখল কৰিছিল। তেতিয়া তেওঁ পাছপ’ৰ্ট অবিহনে ভ্ৰমণত নামিছিল, মূলতঃ আমেৰিকালৈ চোৰাংভাৱে প্ৰৱেশ কৰিছিল। তেওঁ এই বিষয়ে কয়— “ষাঠি বছৰ আগতে মই অহৰহ উদ্বিগ্ন হৈ আছিলোঁ আৰু মানসিক চাপত আছিলোঁ যে, মই হয়তো ধৰা পৰিম… মোৰ অৱস্থা আছিল আটাইতকৈ বেয়া; কিন্তু এইবাৰ ই বেলেগ। মোলৈ বহুতে ট্ৰেকিং চিষ্টেম আৰু বেতাঁৰ ৰেডিঅ’ৰ জৰিয়তে শুভেচ্ছা প্ৰেৰণ কৰিছিল যে, মোৰ প্ৰতি তেওঁলোকৰ শুভেচ্ছা আৰু সমৰ্থন আছে। মই কৃতজ্ঞ।” ১৯৬২ চনত প্ৰশান্ত মহাসাগৰ পাৰ হোৱাৰ উপৰি কেনিচি হ’ৰি ১৯৭৪ চনত এককভাৱে বিশ্বজুৰি পালতোলা নাৱেৰে কৰা যাত্ৰা আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত বিশ্বজুৰি চলোৱা দীৰ্ঘকালীন যাত্ৰাৰ বাবে পৰিচিত। ২০০৮ চনৰ পিছত এইটো আছিল তেওঁ হাতত লোৱা প্ৰথমটো অভিযান, যিটো অভিযানত তেওঁ হনোলুলুৰ পৰা কিই জলদ্বীপলৈ ঢৌ চালিত ৩১ ফুট দৈৰ্ঘ্যৰ নাৱেৰে যাত্ৰা কৰিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More