৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

0 10

 কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে’। বিটিচিৰ বাক্সা জিলাৰ ক’কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে’। ১২ জুনত অনুষ্ঠিত হ’ব ভোট গণনা।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১২ মে’ : ঘোষণা হ’ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন। লগতে ঘোষণা কৰা হ’ল বিটিচিৰ ক’কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ দিন। আজি অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত নিৰ্বাচনৰ দিন ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে। সেই অনুসৰি ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আজিৰে পৰা জাৰি হৈছে নিৰ্বাচনী অধিসূচনা। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে’। আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৪ মে’। সেইদৰে মনোনয়ন পত্র পৰীক্ষণ কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব ২৪ মে’ত। ১২ জুনত অনুষ্ঠিত হ’ব ভোট গণনা। পৰিষদখনৰ মুঠ ২৬ টা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ৭,০৩,২৯৮ গৰাকী। ইয়াৰে ৩,৫৫,৫০৩ জন পুৰুষ, ৩,৪৭,৭৯০ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। আনহাতে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯০৬ টা। কাৰ্বি আংলঙৰ লুমবাজং সমষ্টিত সৰ্বাধিক ৬৯,৮১৫ গৰাকী ভোটাৰ থকাৰ বিপৰীতে বোকাজানৰ সৰুপথাৰ সমষ্টিত সবাতকৈ কম ১০,১২৮ গৰাকী ভোটাৰ আছে। ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ ৫৭ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। তদুপৰি ৩২৫ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। পৰিষদৰ নিৰ্বাচনত একোজন প্ৰাৰ্থীয়ে প্ৰচাৰৰ নামত সৰ্বাধিক ৪.৫০ লাখ টকা ব্যয় কৰিব পাৰিব। আনহাতে ষ্টাৰ কেম্পেইনাৰৰ ক্ষেত্রত স্বীকৃতপ্ৰাপ্ত ৰাষ্ট্ৰীয় দলৰ বাবে ৩০ গৰাকী, স্বীকৃতপ্ৰাপ্ত আঞ্চলিক দলৰ বাবে ২৫ গৰাকী আৰু পঞ্জীয়ন প্ৰাপ্ত অস্বীকৃত দলৰ বাবে ১৫ গৰাকী ধাৰ্য কৰা হৈছে। পুৱা ৯ বজাৰ পৰ সন্ধিয়া ৬ বজালৈ প্ৰচাৰ চলাব পাৰিব। ভোটগ্ৰহণৰ সময়ত মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে আয়োগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

ইফালে বিটিচিৰ বাক্সা জিলাৰ ক’কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ’ব ৮ জুনত। ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২৩ মে’। মনোনয়ন পত্র পৰীক্ষা কৰা হ’ব ২৪ মে’ত আৰু চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব ২৬ মে’ত। মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মে’। আনহাতে ভোট গণনা অনুষ্ঠিত হ’ব ১২ জুনত। সমষ্টিটোত ভোটাৰৰ সংখ্যা হৈছে ৭২,৪১৬ গৰাকী। ইয়াৰে ৩৫,৭৫৬ জন পুৰুষ, ৩৬,৬৬০ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ। মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯৭ টা। নিৰ্বাচনী প্ৰচাৰৰ বাবে একোজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৭ লাখ টকা ব্যয় কৰিব পাৰিব।উল্লেখ যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু বিটিচিৰ ক’কলাবাৰী সমষ্টিত আজিৰে পৰা বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More