৯১ সংখ্যক ওপজা দিনৰ ওলগত চিকিৎসক-সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ১০ খন গ্ৰন্থ উন্মোচন

0 22

যোৰহাট, ৬জুনঃ কস্তুৰী প্ৰকাশনৰ তৰফৰ পৰা যোৰহাটৰ বিশিষ্ট সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ৯১ সংখ্যক ওপজা দিনৰ ওলগ আজি দুপৰীয়া চিকিৎসক গৰাকীৰ বাসগৃহত বহুজন গুণমুগ্ধ সমৱেত হৈ পালন কৰে। তদুপলক্ষে বিশিষ্ট সাহিত্যিক, চিকিৎসক গৰাকীয়ে কেক কাটি শুভাৰম্ভ কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসকগৰাকীৰ ৰচিত দহখনকৈ বিভিন্ন গ্ৰন্থ উন্মোচনী সভা সঞ্চালনা কৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যাপিকা ড°অদিতী বেজবৰুৱাই।কস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰী ৰেব বৰাই উদ্দেশ্যে ব‍্যাখ‍্যা আৰু আঁতধৰা অনুষ্ঠানত চিকিৎসক গৰাকীয়ে চিকিৎসা বিজ্ঞানত অধ‍্যয়ন, চিকিৎসা সেৱা আদিকে বিভিন্ন দিশ সামৰি অতীত স্মৃতি ৰোমন্থন কৰি ওপজা দিনত আৱেগিক হৈ পৰে।অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,সাহিত্যিক ড°বসন্ত গোস্বামী, জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰি চিকিৎসক দত্তৰ ওপজা দিনৰ ওলগ জনোৱাৰ লগতে ৯১ বছৰ বয়সতো অসমীয়া ভাষা, সাহিত্য জগতলৈ গ্ৰন্থ ৰচনাৰে সেৱা আগবঢ়োৱাত কৃতজ্ঞতা জনায়।অনুষ্ঠানতেই চিকিৎসক দত্তৰ গ্ৰন্থ ক্ৰমে-মাতৃভাষাৰ মাধ‍্যমেৰে চিকিৎসা বিজ্ঞানৰ শিক্ষা,বংশাৱলী, প্ৰেম কবিতা, ভাৰতীয় ধৰ্মগ্ৰন্থত এভুমুকি, এমুঠি চিন্তাৰ উক্মুকনি, ভুৰুকাত হাতী ভৰোৱা তথ‍্য সাহিত্য, চিত্ৰ-বিচিত্ৰা, স্মৃতিৰ মণিকোঠাত ওপজা ভূমি নাজিৰা, কবিতাৰ ভাষাৰে বাস্তৱ জগতখন,আদিকে ধৰি দহখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট ব‍্যক্তি সকলে।অনুষ্ঠানত সাহিত্যিক চন্দ্ৰ চুবাদাৰ,কবি,সাহিত্যিক, শান্তিছায়া শইকীয়া আৰু অধ‍্যাপিকা ড°অদিতী বেজবৰুৱাই এটিকৈ কবিতা আবৃত্তি কৰি ওপজা দিনৰ ওলগ জনায়। স্থপতি, ব‍্যৱসায়ী জয়ন্ত কুমাৰ বেজবৰুৱা,সাংবাদিক পবিত্ৰ মহন্তই অংশগ্ৰহণ কৰা উন্মোচনী সভাৰ শলাগৰ শৰাই আগবঢ়ায় চিকিৎসক গৰাকীৰ সহধৰ্মিনী অমিয়া চুবাদাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More