৯৬ শতাংশ ভাৰতীয়ই উশাহত লয় বিষবায়ু

বিশ্ব বেংকৰ সমীক্ষাত ভয়ংকৰ তথ্য

0 30

বিশেষজ্ঞসকলে কৈছে— দেশত উজ্জ্বলা যোজনা আছে; কিন্তু আমি জানো যে, বেছিভাগ গ্রামীণ পৰিয়ালে ইন্ধনৰ খৰচ বহন কৰিবলৈ সক্ষম নহয়। সেয়ে দেশৰ দুখীয়াসকল বায়ু প্ৰদূষণৰ ফলত প্ৰভাৱিত হোৱাৰ সংশয় বহু বেছি।

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : বিশ্বৰ অন্যতম সমস্যা বায়ু প্ৰদূষণ। ভাৰতৰ দৰে দেশত এই সমস্যা আৰু বেছি, কাৰণ ভাৰত এতিয়াও উন্নয়নশীল দেশ। উন্নত নহয়। তদুপৰি দেশৰ জনসংখ্যাও বহু বেছি। দেশত দিনে দিনে বাঢ়িছে গাড়ীৰ সংখ্যা, কিন্তু ইয়াক কিদৰে কমোৱা যায় সেয়া এতিয়াও স্পষ্ট নহয়। দেশৰ ৰাজধানী দিল্লী অন্যতম বৃহৎ বায়ু প্ৰদূষণেৰে ভৰা চহৰ। এনে সময়তে আৰু এক চাঞ্চল্যকৰ তথ্য পোৱা গৈছে। বিশ্ব বেংকে এটা সমীক্ষা চলাইছিল বায়ু প্ৰদূষণক লৈ। ভাৰতক লৈয়ো তেওঁলোকে স্বাভাৱিকতেই সমীক্ষা চলাইছিল। তাতেই দেখা গৈছে এক চাঞ্চল্যকৰ তথ্য। দেখা গৈছে যে , দেশৰ বেছিভাগ দুখীয়া মানুহ বায়ু প্ৰদূষণৰ চৰম সীমাৰ সংস্পর্শলৈ আহে। তাতোকৈ বৃহৎ বিষয় হ’ল দেশৰ প্রায় ৯৬ শতাংশ মানুহে এতিয়াও দূষিত বায়ু বুকুত লৈ চলিছে। ভাৰতত অন্ততঃ ২০ কোটি মানুহে চৰম দাৰিদ্র্যৰ মাজত বাস কৰে আৰু বায়ু প্ৰদূষণৰ বিপজ্জনক স্তৰৰ সংস্পর্শলৈ আহে। বিশ্ব বেংকৰ বিশেষজ্ঞসকলে কৰা সাম্প্রতিক সমীক্ষাত এনেদৰেই কোৱা হৈছে। এয়া

1653639971786

ও কোৱা হৈছে যে, দেশৰ বিপজ্জনক মানৰ বায়ুৰ সংস্পর্শত থকা ২.৮ বিলিয়ন মানুহৰ ভিতৰত ৪৭% মানুহৰ শ্বাস লোৱাৰ সমস্যা দেখা যায়।
* কেনেদৰে চলোৱা হয় এই সমীক্ষা ?
বিশ্ব স্বাস্থ্য সংস্থাৰ নতুন এক কামৰ ওপৰত ভিত্তি কৰি এই সমীক্ষা চলাইছিল বিশ্ব বেংকে। তাত চোৱা হৈছিল কিমান মানুহ দূষিত বতাহৰ সংস্পর্শলৈ আহে। চোৱা হৈছিল প্রতি ঘনমিটাৰ বতাহত ৫ মাইক্রগ্রামৰ ওপৰত PM2.5 কণাৰ পৰিমাণ কিমান। দেখা গৈছিল যে, বিপজ্জনক বতাহৰ সংস্পর্শই মৃত্যুৰ হাৰ ২৪% বৃদ্ধি কৰে। ইয়াৰ উপৰি ভাৰতয় কোন ঠাইত আছে সেয়াও চোৱা হয়। এইবোৰৰ মাজতেই দেখা গ’ল ভাৰতৰ ভয়ানক পৰিস্থিতি।
* ৯৬ শতাংশ মানুহে দূষিত বায়ুৰ শ্বাস লয়
দেখা গৈছে যে, ভাৰতৰ আনুমানিক ১.৩৯ বিলিয়ন মানুহৰ মাজত ১.৩৩ বিলিয়ন অর্থাৎ ৯৬% মানুহে বিপজ্জনক বতাহত শ্বাস লয়। ৰিপর্টত এনেদৰেই কোৱা হৈছে। ইয়াৰ ভিতৰত, ‘২০২ মিলিয়নৰো বেছি’ লোক আছিল যিসকলে দৈনিক ১৪৫ টকাৰ কম ৰোজগাৰ কৰে। অৰ্থাৎ এইসকলে দাৰিদ্র সীমাৰ তলত বাস কৰে। বিশ্বৰ বেছিভাগ দেশেই WHOৰ বায়ুৰ ‘নিৰাপদ’ মান পূৰণ কৰিব পৰা নাই। বিশ্বৰ জনসংখ্যাৰ ৯৬.৪% PM2.5ৰ সংস্পর্শলৈ আহে। ভাৰত আৰু চীনৰ দৰে মধ্যমীয়া আয়ৰ দেশবোৰৰ মানুহৰ বাবে এয়া আৰু বিপজ্জনক। কাৰণ ইয়াৰ মানুহৰ আয় কম। দৰিদ্র সীমাৰ তলত বহু মানুহে বাস কৰে। এওঁলোকৰ স্বাভাৱিকভাৱেই জীৱনযাত্রাৰ মান উন্নত নহয়। সেয়ে ইয়াৰ দুখীয়াৰ ওপৰত বোজা পৰিছে বেছিকৈ।
*বিশেষজ্ঞসকলে কি কয় ?
বিশেষজ্ঞসকলে কয় যে, নিম্ন স্তৰৰ পুষ্টি আৰু স্বাস্থ্যৰ কাৰণে দৰিদ্র জনগোষ্ঠীৰ মানুহ বেছি চাপৰ মাজত আছে। তেওঁলোকৰ বিভিন্ন অন্তর্নিহিত ৰোগ আছে, যিবোৰে তেওঁলোকৰ চাপ বঢ়ায়। তেওঁলোকৰ জীৱনত বিষাক্ত বায়ু প্ৰদূষণৰ ডাঙৰ প্রভাৱ আছে, কাৰণ তেওঁলোক এনে এলেকাত বাস কৰে, য’ত বায়ু প্ৰদূষণ নিয়ন্ত্রণ খুবেই দুর্বল। সেয়ে তেওঁলোকৰ স্বাস্থ্যৰ বাবে এইটো ব্যাপকভাৱে বোজাযুক্ত। তেওঁলোকে এইটোও কৈছে যে, পৰিচ্ছন্ন ইন্ধনৰ ব্যাৱহাৰ কৰিব নোৱৰা দৰিদ্র মানুহক খুব সহজেই বিপজ্জনক বায়ু প্ৰদূষণৰ সংস্পর্শলৈ আনে। বিশেষজ্ঞসকলে কৈছে— দেশত উজ্জ্বলা যোজনা আছে; কিন্তু আমি জানো যে, বেছিভাগ গ্রামীণ পৰিয়ালে ইন্ধনৰ খৰচ বহন কৰিবলৈ সক্ষম নহয়। সেয়ে দেশৰ দুখীয়াসকল বায়ু প্ৰদূষণৰ ফলত প্ৰভাৱিত হোৱাৰ সংশয় বহু বেছি।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More