ৰঙাপৰাৰ নেকলাই নৈৰ পাৰত বিঘাই বিঘাই চৰকাৰী ভূমিত অবৈধ খনন

নথিবিহীন ট্ৰেক্টৰৰ দৌৰাত্ম্য:১২বছৰে নীৰৱ দৰ্শক চৰকাৰী বিভাগ

0 11

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯আগষ্ট: চৰকাৰী ভূমিত অবৈধ ভাবে খনন চলাই একাংশ দুস্কৃতিকাৰীয়ে ৰঙাপৰাত চলাই অহা দৌৰাত্ম্য কোনো নতুন কথা নহয়৷চৰকাৰ সলনি হ’লেও তথা ৰঙাপৰা সমষ্টিত বিধায়ক সলনি হ’লেও সেই একে লোকেই বৰ্তমানেও যধে মধে চৰকাৰী,পথাৰ তথা চাহবাগিচাৰ শ্ৰমিকে কৃষি কাৰ্য কৰা মাটি খনন কৰি আহিছে আজিপৰ্যন্ত৷আনকি পূৰ্বে স্হানীয় লোকে এনে অবৈধ খননত বাধা দিয়াৰ পাছত খননৰে জড়িত ধূৰ্ত লোকে সেইসকল লোকৰ ওপৰতে বিভিন্ন ধৰণে আতিশয্য চলোৱাৰ নজিৰ আছে৷যোৱা প্ৰায় ১২বছৰে ৰঙাপৰৰ নামগাঁও অঞ্চলত চলা এনে অবৈধ খননৰ ফলত অঞ্চলটোত নেকলাই নৈয়ে বিপৰ্যয়ৰ সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পাইছে যদিও এইক্ষেত্ৰত সকলো নীৰৱ৷উল্লেখযোগ্য যে,নামগাঁও চাহ বাগিচাৰ সমীপত তথা নেকলাই নৈৰ পাৰৰ বহুবিঘা চৰকাৰী ভূমি আছে৷ এই ভূমিত স্হানীয় একাংশ চাহ শ্ৰমিকে কৃষি কাৰ্য কৰি আহিছিল য’দিও পৰৱৰ্তী সময়ত মাটিৰ অবৈধ বেহাৰে জড়িত লোকৰ প্ৰৰোচনাত পৰি সেই মাটি খননত সন্মতি জনাই৷ একেদৰেই ঠাকুৰবাৰী সেনা চাউনিৰ সমীপত পকী পথৰ দাঁতিৰ দুয়োপাৰে থকা কৃষি পথাৰো খান্দি তহিলং কৰি অহা হৈছে৷ উল্লেখযোগ্য যে,কাহিলি পুৱাৰ পৰা নিশা পৰ্যন্ত খনন চলোৱাৰ লগতে ট্ৰেক্টৰত মাটি কঢ়িওৱা হয়৷আনহাতে,এই মাটি সৰবৰাহত ব্যৱহৃত এখন ট্ৰেক্টৰৰো বৈধ নথি পত্ৰ নাই আৰু নম্বৰ প্লেট নাই৷তদুপৰি একাংশ ট্ৰেক্টৰত মাজে মাজে ভূৱা নম্বৰপ্লেট ব্যৱহাৰ কৰা হয় বুলিও অভিযোগ উঠিছে৷ ৰঙাপৰা আৰক্ষী থানাৰ পৰা মাত্ৰ দুইকিলোমিটাৰ দূৰত্বত বছৰৰ পাছত বছৰ অব্যাহত এনে অবৈধ কাৰ্যকলাপ কিন্তু চৰকাৰী ভাবে আজিলৈকে বন্ধ কৰা হোৱা নাই৷ ধনৰ প্ৰলোভন আৰু ভয় ভাবুকীৰে ৰঙাপৰা চহৰৰ নিলগতে এনেদৰে মাটি খনন কৰাৰ ফলত নেকলাই নৈৰ পাৰৰ অংশ এক বৃহৎ দ খাৱৈত পৰিণত হৈছে আৰু পৰিণতিত আগন্তুক দিনত এই নৈ খনে কাষৰীয়া অঞ্চললৈ বাৰিষা চৰম বিপৰ্যয় নমাই অনাৰ দুৰ্ভাৱনা বৃদ্ধি কৰিছে৷কিন্তু ইমানৰ পাছতো এনে দুস্কাৰ্য চলাই এটা বৃহৎ অঞ্চলৰ ৰাইজৰ বাবে বিপদৰ পথ প্ৰশস্ত কৰা দুস্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষী,আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয় তথা স্হানীয় পঞ্চায়ত,সংগঠন আৰু জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত একাংশ ক্ষুব্ধ লোকে আশ্চৰ্য প্ৰকাশ কৰিছে৷উল্লেখযোগ্য যে,এই অবৈধ কাৰ্যৰ আঁৰৰ মূলতে ঠাকুৰবাৰীৰে এজন লোক জড়িত আছে বুলি অভিযোগ উঠি আহিছে৷এই অবৈধ কাৰ্যকলাপত বাধা দিলেই তেনে লোকক লক্ষ্যকৰি বিভিন্ন ভূৱা গোচৰ তথা ভয় ভাবুকীৰে হাৰাশাস্তি কৰাৰ বাবেই বৰ্তমান এনে অবৈধ খনন ৰোধ কৰাৰ বাবে স্হানীয় লোক ওলাই আহিবলৈ ইতস্ততবোধ কৰিবলৈ লৈছে বুলি প্ৰকাশ কৰি অঞ্চলটোৰ একাংশ লোকে কয় যে,পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ অকৰ্মণ্যতাৰ বাবেই পুৱাৰ পৰা নিশালৈ ৰঙাপৰাৰ ঠাকুৰ বাৰী সেনা শিবিৰৰ কাষৰ পৰা লামা মন্দিৰ তথা নামনি গাঁও মিতালি খেলপথাৰৰ কাষৰে নম্বৰপ্লেটবিহীন তথা নথিপত্ৰ বিহীন ট্ৰেক্টৰ সমূহ অনিয়ন্ত্ৰিতভাবে চলাচল কৰে৷ আনকি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰতো বিপজ্জনক হৈ পৰা এই অবৈধ খনন আৰু মাটিৰ সৰবৰাহত জড়িত ট্ৰেক্টৰ সমূহ জব্দ নকৰাৰ আঁৰত পৰিবহন বিভাগে প্ৰতি মাহে ধনৰ টোপোলা অবৈধ ভাবে লাভ কৰে বুলিও চৰ্চিত হৈছে৷পূৰ্বে সেনাই এই অবৈধ খননত বাধা দিছিল যদিও পুণৰ আৰম্ভ হয়৷ৰঙাপৰাৰ বিধায়ক হিচাপে সমষ্টিটোৰ পৰা কৃঞ্চকমল তাঁতী নিৰ্বাচিত হোৱাত ইয়াত চলি থকা এনে অবৈধ খনন বন্ধ হ’ব বুলি বহুতেই ধাৰণা কৰিছিল য’দিও বিগত প্ৰায় ডেৰবছৰে সেয়া হৈ নুঠিল৷ বৰং বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নতো এই অবৈধ খনন আৰু অবৈধ ভাবে সৰবৰাহ হোৱা মাটিয়েই ব্যৱহাৰ হ’বলৈহে ল’লে৷ বৰ্তমানেও বিভিন্ন পক্ষক প্ৰলোভন আৰু ভয় ভাবুকিৰে অব্যাহত থকা ৰঙাপৰাৰ এই অবৈধ মাটি খনন বন্ধ কৰাৰ লগতে ইয়াৰ জৰিয়তে লাখ লাখ টকা অবৈধ ভাবেই উপাৰ্জন কৰা এই দুস্কৃতিকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে আৰু এনে অবৈধ ভাবে সংগৃহীত ধনৰ ভাগ কাৰ কাৰ জেপত সোমাই বুলিও ক্ষুব্ধ লোকে প্ৰশ্ন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More