ৰঙা গ্ৰহত ৰঙা চীন

প্ৰথমবাৰলৈ সম্পূৰ্ণ হ'ল মঙলৰ মানচিত্ৰ

0 11
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুনঃ চীনে মঙল গ্ৰহৰ প্ৰথমখন সম্পূৰ্ণ ত্ৰিমাত্ৰিক মানচিত্ৰ প্ৰস্তুত কৰা বুলি দাবী কৰিছে। চীনৰ নেচনেল স্পেচ এডমিনিষ্ট্ৰেচন (CNSA)ৰ মতে, টিয়ানৱেন-১ নামৰ মহাকাশযানখনে পূৰ্বনিৰ্ধাৰিত কক্ষপথত ১৩০০ বাৰ ৰঙা গ্ৰহটোক প্ৰদক্ষিণ কৰিছিল। ২০২০ চনৰ জুলাই মাহত চীনা জ্যোতিৰ্বিজ্ঞানীসকলে নিৰ্মাণ কৰা টিয়ানৱেন-১ পৃথিৱীৰ পৰা প্ৰায় ১০ কোটি কিলোমিটাৰ দূৰত মঙল গ্ৰহত অৱতৰণ কৰে। চীনৰ দক্ষিণ উপকূলৰ হাইনান দ্বীপৰ পৰা লং মাৰ্চ ৫ ৰকেট নিক্ষেপ কৰাৰ ৭ মাহৰ পাছত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে টিয়ানৱেন-১ মংগল গ্ৰহৰ কক্ষপথত উপনীত হয়। ইয়াৰ পিছতে এখন লেণ্ডাৰ আৰু এখন ৰভাৰে মহাকাশযানখনৰ পৰা ৰঙা গ্ৰহটোৰ ইউটোপিয়া অঞ্চলত অৱতৰণ কৰে। মংগল গ্ৰহৰ পৃষ্ঠৰ পৰা মাটি-শিল-বৰফৰ নমুনা সংগ্ৰহ কৰাৰ উপৰি গ্ৰহটোক বাৰে বাৰে প্ৰদক্ষিণ কৰি ফটো তোলাৰ কাম কৰে। ইয়াৰ ভিতৰত আছিল ৪০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ খাদ ভেলেছ মেৰিনাৰিছৰ উচ্চ ৰিজ’লিউচনৰ ছবি, মঙল গ্ৰহৰ উত্তৰত থকা ‘আৰব টেৰা’ নামেৰে জনাজাত হাইলেণ্ডৰ ঠেক মৰুভূমি আৰু গুহা, আনকি ঠেক দক্ষিণ মেৰু আৰু মৃত আগ্নেয়গিৰি আস্কাৰাছ মন্সৰ ফটো। এই যন্ত্ৰৰ সহায়তে চীন মঙল গ্ৰহৰ প্ৰথমখন সম্পূৰ্ণ ত্ৰিমাত্ৰিক মানচিত্ৰ তৈয়াৰ কৰাত সফল হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More